Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:18 pm

Home » আঞ্চলিক » অসম » কয়াকুছিত মামা জ্বৰ | Himanta Mama | Himanta Biswa sarma | kayakuchi

কয়াকুছিত মামা জ্বৰ | Himanta Mama | Himanta Biswa sarma | kayakuchi

– মামা মামা বুলি আত্মহাৰা সংখ্যালঘু জনতা
– সংখ্যালঘু অধ্যুষিত অঞ্চল কয়াকুছিত মামা জ্বৰ
– সংখ্যালঘু জনতাৰ মাজতো জনপ্ৰিয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
কয়াকুছিত নতুন পৰিদৰ্শন বঙলা উদ্বোধন আৰু সৰুক্ষেত্ৰী জগন্নাথ মন্দিৰৰ নতুন মণিকূট, বাটচ’ৰাৰ আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্যে দিনজোৰা কাৰ্যসূচীৰে হেলিকপ্টাৰ লৈ বৰপেটাত উপস্থিত হয মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিস্থিত লোক নিৰ্মাণ বিভাগৰ নৱ নিৰ্মিত পৰিদৰ্শন বঙলাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভূমি মহলাকে ধৰি তিনি মহলীয়া এই গৃহটিত মুঠ ১১টা কোঠালি আছে আৰু ইয়াৰে ৬টা শীত-তাপ নিয়ন্ত্ৰিত৷ তদুপৰি ভি আই পিৰ ভ্ৰমণৰ বাবে ইয়াত এটা ছুইট আছে৷ মুখ্যমন্ত্ৰীয়ে কয়াকুছি এলেকাৰ সামগ্ৰিক উন্নয়নৰ বাবে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে লোৱা প্ৰচেষ্টাৰো শলাগ লয়৷
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সৰ্থেবাৰী পাঁচখেল গঞাগয়ৰহৰ ধৰ্মীয় বিশ্বাস আৰু সেৱাৰ অনুষ্ঠান শ্ৰীশ্ৰীজগন্নাথ মন্দিৰৰ সন্মুখৰ পুৰণি মণিকূটৰ লগতে বাটচ’ৰাৰ নতুনকৈ নিৰ্মাণকাৰ্যৰো আধাৰশিলা স্থাপন কৰে৷ কাঁহ-পিতল নগৰী আৰু ইয়াৰ বাসিন্দাসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে কেতবোৰ প্ৰকল্প আৰু আঁচনিৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ সৰ্থেবাৰী অসামৰিক চিকিৎসালয়খনত আধুনিক চিকিৎসাৰ যন্ত্ৰপাতি আৰু পৰ্যাপ্ত স্বাস্থ্যসেৱা কৰ্মচাৰী নিয়োগেৰে এখন অত্যাধুনিক চিকিৎসালয়লৈ উন্নীত কৰাৰ দিশত চৰকাৰৰ পৰা তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে৷ বিভিন্ন কাঁহ-পিতল উদ্যোগৰ উদ্যোগীয়ে লাভ কৰা মুঠ ৫ কোটি টকাৰ ঋণ আৰু ক্ৰেডিটক অনুদান হিচাপে গণ্য কৰা হ’ব আৰু এই ধন বা সূদ ঘুৰাই দিব নালাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷ একেদৰে সৰ্থেবাৰীক পাঠশালাৰ সৈতে সংযোগী ড॰ জিনাৰাম দাস পথৰ বৰ্তমানে চলি থকা উন্নীতকৰণৰ কাম অতিশীঘ্ৰে সম্পূৰ্ণ কৰা হ’ব বুলি তেওঁ কয়৷
মুখ্যমন্ত্ৰীয়ে আজি কৃষ্ণগুৰু সেৱাশ্ৰমো পৰিদৰ্শন কৰি ৰাজ্যৰ জনসাধাৰণৰ কুশল-মংগল কামনাৰে সেৱা আগবঢ়ায়৷ তেওঁ এই আধ্যাত্মিক স্থানৰ বাসিন্দা আৰু ইয়াৰ সদস্যসকলৰ সৈতেও মত-বিনিময় কৰে৷ ইপিনে বৰপেটাৰ ভ্ৰমণকালতেই ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী এই ভ্ৰমণকালত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু অন্যান্য উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে।
কয়াকুছিৰ পৰা ৰফিকুল ইছলাম আৰু চেঙাৰ পৰা ৰাতুল আলীৰ সহযোগত নিউজ ডেক্স ৰিপৰ্ট, সংবাদ প্ৰহৰী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি