Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:26 pm

Home » আঞ্চলিক » অসম » আইমী বৰুৱাৰ চিনেমা ‘ছেমখৰ’ নিষিদ্ধ কৰাৰ দাবী | Boycott Semkhor Movie | Samkhor | Aimee Baruah | Film

আইমী বৰুৱাৰ চিনেমা ‘ছেমখৰ’ নিষিদ্ধ কৰাৰ দাবী | Boycott Semkhor Movie | Samkhor | Aimee Baruah | Film

· আইমী বৰুৱাৰ চিনেমা ‘ছেমখৰ’ নিষিদ্ধ কৰাৰ দাবীত প্ৰতিবাদ
· ডিমাছা জনজাতিক ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ
· চিনেমাত অভিনয় কৰা শিশুৰ মৃত্যু হোৱা ঘটনাৰ ন্যায় আৰু তদন্ত বিচাৰি এই প্ৰতিবাদ
· হাফলঙত ডিমাছা য়ুথৰ বিশাল প্ৰতিবাদী সমদল

বেংগালুৰু আন্তঃ-ৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত শ্রেষ্ঠ ভাৰতীয় ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা আইমী বৰুৱাৰ ‘ছেমখৰ’ নামৰ ছবিখনক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। হাফলঙত ডিমাছা য়ুথৰ বিশাল প্ৰতিবাদী সমদল উলিয়াই ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে ডিমাছা জনজাতিক ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ তোলে। একেদৰে চিনেমাত অভিনয় কৰা শিশুৰ মৃত্যু হোৱা ঘটনাৰ ন্যায় আৰু তদন্ত বিচাৰে প্ৰতিবাদীকাৰ্সকলে।
ইপিনে আইমী বৰুৱাৰ ‘ছেমখৰ’ নামৰ ছবিখন নিষিদ্ধ কৰাৰ দাবীৰে প্ৰতিবাদ অব্যাহত থকাৰ সময়তেই ফেচবুক পোষ্টযোগে ক্ষমা বিচাৰে আইমী বৰুৱাই। অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱাই নিজৰ ফেচবুক একাউণ্টত এইবুলি উল্লেখ কৰে যে- “চেমখৰ” ছবিখন কিছু কাকত-গ্ৰন্থ- আলোচনী আৰু কিছু ব্যক্তিৰ পৰা লাভ কৰা তথ্যৰে ঠাইখনক জানিবলৈ আমি আধাৰ হিচাবে লৈ কাহিনী ভাগ আগবঢ়াই নিছোঁ যদিও, ইয়াৰ কাহিনী সকলো ফালৰ পৰাই সম্পূৰ্ণ কাল্পনিক। ছবিখনৰ জৰিয়তে আমি কেতিয়াও কাৰো আৱেগ-স্বাভিমানক আঘাত কৰিব বিচৰা নাই। কেৱল মাত্ৰ ঠাইখিনিৰ সৌন্দৰ্য, স্থানীয় ভাষা, সাজ-পাৰ আদিক সমাজৰ দৃষ্টি আৰ্কষণ কৰা প্ৰয়াস কৰিছিলোঁ। তথাপিও যদি কাৰোবাক কোনো ক্ষেত্ৰত আঘাত দিছোঁ তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি