গুৱাহাটীঃ গুৱাহাটী নগৰীয়া শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ লখৰা চক্ৰৰ অন্তৰ্গত লালুং গাঁও অংগনৱাড়ী কেন্দ্ৰত পোষণ মাহৰ লগত সংগতি থকা পোষণ বাটিকা মুকলি কৰে শিশু উন্নয়ন প্ৰকল্প বিষয়া কস্তুৰী দাসে। ইয়াৰ লগতে সমূহ কৰ্মীয়ে মিলি কেন্দ্ৰত পঞ্চামৃত আৰু অন্নপ্ৰসন্নও অনুষ্ঠিত কৰে।
উক্ত স্থানত কৰ্মীসকলৰ মাজত এখন TLM COMPETITION ও অনুষ্ঠিত হোৱাৰ লগতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ সৈতে এটা নিচুকনি বটাও প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্হিত থাকে প্ৰকল্পৰ প্ৰকল্প বিষয়া, মুখ্যসেৱিকাসকল, কৰ্মীসকল, অভিভাবকসকল, শিশুসকল আৰু কিছুসংখ্যক স্থানীয় ৰাইজ।