Weather Data Source: wetter Bangalore 14 tage

June 1, 2025 8:19 am

Home » আঞ্চলিক » অসম » “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ, অসম”ৰ প্ৰথম বর্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

“অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ, অসম”ৰ প্ৰথম বর্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

২০২১ চনৰ ছেপ্টেম্বৰ মাহত ফেচবুকৰ মজিয়াত আত্মপ্ৰকাশ কৰা “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসম” নামৰ ফেচবুক গোটটোৰ প্ৰথম বর্ষপূৰ্তি অনুষ্ঠানটো নগাঁও জিলাৰ অসম সাহিত্য সভাৰ প্ৰেক্ষাগৃহত যোৱা ২৫ ছেপ্টেম্বৰ ২০২২ তাৰিখ দেওবাৰে অনুষ্ঠিত হৈ যায়। 
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বিআংলং জিলা সাহিত্য সভাৰ সভাপতি সভাৰাম বৰা ডাঙৰীয়াই। অতিথি হিচাপে উপস্থিত থাকে বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা লেখক ডঃ ত্ৰিদীপ গোস্বামী ডাঙৰীয়া, লেখক সমালোচক বিপুল শৰ্মা ডাঙৰীয়া আৰু টাইম এইট চেনেলৰ সম্পাদক নেত্রজিত বৰা ডাঙৰীয়া। অনুষ্ঠানটো সঞ্চালনা কৰে লেখক-সমালোচক মুকুট শৰ্মাই ডাঙৰীয়াই। হিমাংশু পাঠকে ঘোষক হিচাপে সঞ্চালকক অনুষ্ঠান পৰিচালনা কৰাত সহায় কৰে। 
এই অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় আশী গৰাকী কবিয়ে তেওঁলোকৰ স্বৰচিত কবিতা পাঠ কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি গোটৰ ফালৰ পৰা ঘোষণা কৰা ২০২২ বৰ্ষৰ বঁটা সমূহো প্ৰদান কৰা হয়। বর্ষশ্ৰেষ্ঠ লেখকৰ বঁটা লাভ কৰে লেখক বিনোদ বৰাই, বর্ষশ্ৰেষ্ঠ লেখিকাৰ বঁটা লাভ কৰে লেখিকা গীতাঞ্জলি নাথে আৰু বর্ষশ্ৰেষ্ঠ সাহিত্য আৰু সমাজসেৱাৰ বিশেষ বঁটা লাভ কৰে সত্যজিৎ গগৈয়ে। এই অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লেখক লেখিকা সকলক সম্বৰ্ধনা জনোৱা হয়। সভাপতি দেবর্ষি গৌতম আৰু সম্পাদক ভাস্কৰ প্ৰিয়ম হাজৰিকাই জানিবলৈ দিয়া মতে এই অনুষ্ঠাননতে উদীয়মান কবি চন্দ্ৰশেখৰ পৰাজুলীৰ এখন আৰু অবিনাশ দত্তৰ দুখন কাব্য সংকলন উন্মোচন কৰা হয়। 
অসমৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকাৰ লেখনিৰে সমৃদ্ধ শব্দবাক নামৰ মুখপত্ৰ খন এই অনুষ্ঠানতে উন্মোচন কৰা হয়। অনুষ্ঠানৰ পূৰ্বে অনলাইনত অনুষ্ঠিত কৰা অসম ভিত্তিক স্বৰচিত কবিতা প্ৰতিযোগিতা, স্বৰচিত অণুগল্প প্ৰতিযোগিতা, নীলা খামৰ চিঠি লিখা প্ৰতিযোগিতা আৰু দুটা শাখাত অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহো এই অনুষ্ঠানতে প্ৰদান কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তোলা বাবে উদ্যোক্তা সকলে প্ৰতিগৰাকী লেখক লেখিকাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি