Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:45 am

Home » আঞ্চলিক » অসম » কামৰূপৰ বেজেৰাত আদর্শ অঙ্গনবাড়ী কেন্দ্রৰ শুভ উদ্বোধন

কামৰূপৰ বেজেৰাত আদর্শ অঙ্গনবাড়ী কেন্দ্রৰ শুভ উদ্বোধন

কামৰূপ জিলাৰ বেজেৰাত অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ বেজেৰা সংহত শিশু বিকাশ প্রকল্পৰ অন্তর্গত অর্জুনতল সস্তাৰত এখন আদর্শ অঙ্গনবাড়ী কেন্দ্র মুকলি কৰা হয়৷ এই কেন্দ্রটি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে৷ লগতে উপস্থিত থাকে মুখ্যমন্ত্রীৰ ব্যক্তিগত সহায়ক প্রাণজিৎ ডেকা৷
নতুন শিক্ষানীতিত শিশুসকলক তিনি বছৰ বয়সৰ পৰাই আনুষ্ঠানিক শিক্ষাদানৰ বাবে দিয়া পৰামৰ্শৰ পৰিপ্রেক্ষিতত ৩ ৰপৰা ৬ বছৰ বয়সৰ শিশুসকলক শিক্ষাদানৰ বাবে অঙ্গনবাড়ী কেন্দ্ৰসমূহ শক্তিশালী কৰি তোলাৰ প্রয়োজন হৈছে। এই কেন্দ্রসমূহত মাতৃভাষাৰ মাধ্যমত শিক্ষাদান কৰা হব। অ এছ ডি হেমন্ত চৌধুৰীয়ে উল্লেখ কৰে যে প্রথম পর্যায়ত জালুকবাৰী সমষ্টিৰ অন্তর্গত ২০ টা অঙ্গনবাড়ী কেন্দ্র আদর্শ অঙ্গনবাড়ী কেন্দ্রলৈ ৰূপান্তৰিত কৰাৰ কাম হাতত লৈছে লগতে দ্বিতীয় পর্যায়ত ৩৩টা আদর্শ অঙ্গন বাড়ী কেন্দ্র মুকলি কৰিব
উদ্বোধনী অনুষ্ঠানত বেজেৰা মণ্ডল সভাপতি দিলিপ ডেকা, জিলা পৰিষদ অনিল ডেকা, সমাজকৰ্মী বনজিৎ ডেকা, স্থানীয় প্ৰধান দণ্ডধৰ ভূঞাৰ লগতে সমাজকল্যান বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপোৰ্ট

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি