Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:47 am

Home » আঞ্চলিক » অসম » আম আদমী পাৰ্টিৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি চমুকৈ CYSS ৰ নৱম প্ৰতিষ্ঠা দিৱস উদযাপন

আম আদমী পাৰ্টিৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি চমুকৈ CYSS ৰ নৱম প্ৰতিষ্ঠা দিৱস উদযাপন

দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বানীকান্ত কাকতি প্ৰেক্ষাগৃহত আম আদমী পাৰ্টিৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি চমুকৈ CYSS ৰ নৱম প্ৰতিষ্ঠা দিৱসটি অসম ৰাজ্যিক সমিতিয়ে উদযাপন কৰে।
ৰাতিপুৱা ১০ বজাত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা মুকলি সভাত বন্তি প্ৰজ্বলন কৰে আম আদমী পাৰ্টি অসমৰ প্ৰভাৰী ৰাজেশ শৰ্মাই। আদৰণি ভাষণ প্ৰদান কৰে CYSS ৰ ৰাজ্যিক যুটীয়া সমন্বয়ক তৃণ ৰাণী পাটৰে। যুৱশক্তিক দেশ গঢ়াৰ কামত নিজকে নিয়োজিত কৰিবলৈ আহ্বান জনাই উদ্ধোধনী ভাষণ প্ৰদান কৰে আপ অসমৰ সমন্বয়ক ডাঃ ভৱেন চৌধুৰীয়ে। আজিৰ অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে আম আদমী পাৰ্টীৰ উত্তৰ-পূৱৰ প্ৰভাৰী ৰাজেশ শৰ্মাই। অসম ৰাজ্যিক ছাত্ৰ যুৱ সংগ্ৰাম সমিতি সভাপতি দিব্যজ্যোতি কুলিয়ে অনাগত দিনত যুৱশক্তিয়ে দেশৰ শাসনৰ বাঘজৰী চম্ভালিব লাগিব বুলি ভাষণ প্ৰদান কৰে। লগতে আজিৰ অনুষ্ঠান উপস্থিত থাকে আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক মনোজ ধনোৱাৰ, লক্ষীকান্ত দুবে, আপ অসমৰ ৰাজ্যিক সম্পাদক কমল কুমাৰ মেধী, আপ অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰীকে প্ৰমুখ্য কৰি বহুতো ৰাজ্যিক পৰ্যায়ৰ নেতাসকল উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক ছাত্ৰ-যুৱ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
ভিডিঅ জাৰনালিষ্ট ছোৰহাবৰ সহযোগত শাকিল আহমেদৰ ৰিপোৰ্ট, সংবাদ প্ৰহৰী।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি