Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:49 pm

Home » আঞ্চলিক » অসম » গুৱাহাটীত আমছুৰ আলোচনা চক্ৰ | AAMSU

গুৱাহাটীত আমছুৰ আলোচনা চক্ৰ | AAMSU

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত গুৱাহাটীৰ পাঞ্জাবাৰী শিল্পগ্ৰাম প্ৰেক্ষাগৃহত সাধাৰণ আৰু মাদ্ৰাছা শিক্ষা, বাল্য বিবাহ, ড্ৰাগছ, জনসংখ্যা নিয়ন্ত্ৰণ আৰু সন্ত্ৰাসবাদ আদি বিষয়ৰ ওপৰত আলোচনা চক্ৰ 

            

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত গুৱাহাটীৰ পাঞ্জাবাৰী শিল্পগ্ৰাম প্ৰেক্ষাগৃহত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত আদৰণী ভাষণ আগবঢ়ায় আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে। সাধাৰণ আৰু মাদ্ৰাছা শিক্ষা, বাল্য বিবাহ, ড্ৰাগছ, জনসংখ্যা নিয়ন্ত্ৰণ আৰু সন্ত্ৰাসবাদ আদি বিষয়ৰ ওপৰত আলোকপাত কৰি সমল ব্যক্তি হিচাপে উপস্থিত থাকি আলোচনা আগবঢায় প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, বিশিষ্ট চিকিৎসক ডা° নৱনীল বৰুৱা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিচ ৰছিদ আহমেদ চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু চেঙা মহাবিদ্যালয়ৰ অধ্যাপক হাফিজ মৌলানা ড° নজৰুল ইছলামে। এই আলোচনা চক্ৰত আমছুৰ আহ্বানত ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ পৰাই মছজিদৰ ইমাম, ক্বাৰী, শিক্ষক, শিক্ষাবিদ, যুৱ লেখক, বিশিষ্ট সাংবাদিক, প্ৰাক্তন আমছু কৰ্মী তথা বিভিন্ন ক্ষেত্ৰত সমাজক সেৱা আগবঢ়াই থকা আৰু সমাজক প্ৰতিনিধিত্ব ব্যক্তিসকলে উপস্থিত থাকি মত বিনিময় কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি