দিছপুৰ, ২৪ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটি হাস্পতালত দ্বিতীয়টো ৰেডিঅ’থেৰাপী ইউনিটৰ উদ্বোধন কৰে। এই উপলক্ষে হেলথ চিটি হাস্পতালত অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসম তথা উত্তৰ-পূর্বাঞ্চলত কৰ্কট ৰোগৰ বৰ্দ্ধিত প্রাদুর্ভাৱৰ প্রতি লক্ষ্য ৰাখি হাস্পতালখনত আজি সংযোজন হোৱা এই ৰেডিঅ’ থেৰাপি ইউনিটোৱে কৰ্কট ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে উপকৃত কৰিব। ২০২০ চনৰ আইচিএমআৰৰ প্রতিবেদন মতে মিজোৰাম, মেঘালয়, অসম আৰু অৰুণাচল প্রদেশত কর্কটৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে চৰকাৰে ৰাজ্যত কেইবাখনো কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰিছে। তদুপৰি ৰাজ্য চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডটো। পেট চিটি স্কেন ব্যৱস্থা গঢ়ি উঠিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম তথা উত্তৰ পূর্বাঞ্চলত কৰ্কট ৰোগৰ বৰ্ধিত প্রাদুর্ভাৱৰ প্রকৃত কাৰণ বিশ্লেষণৰ বাবে গভীৰ গৱেষণাৰ প্রয়োজন আছে। কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যয়বহুলতাৰ প্রতি লক্ষ্য ৰাখি ইয়াৰ সুলভ আৰু সহজ লভ্য চিকিৎসাসেৱাৰ প্রয়োজন আহি পৰিছে বুলিও সভাত মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। প্রধানমন্ত্রীৰ ‘আয়ুষ্মন ভাৰতৰ দৰে অসমৰ ৫২ লাখ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অধীনৰ হিতাধিকাৰীক ৫ লাখ টকাৰ সার্বজনীন স্বাস্থ্য বীমা প্রদানৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্রহণ কৰাৰ চিন্তাচৰ্চা কৰি আছে বুলি তেওঁ কয়। ক’ৰ’নেৰী হৃদৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত অসমে ১০ হাজাৰ ৰোগীক চিকিৎসা প্রদানৰ সীমাৰেখা অতিক্রম কৰাৰ পথত অগ্রসৰ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ব’ন মেৰু সংৰোপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে ৰাজ্যত এটা বৃহৎ কেন্দ্র গঢ়ি তোলাৰ প্রয়োজনীয়তা আছে।