Weather Data Source: wetter Bangalore 14 tage

July 18, 2025 8:36 am

Home » আঞ্চলিক » অসম » তলি উদং ! শিক্ষামন্ত্ৰীৰ চিঠি আৰু এইমছৰ শিক্ষাৰ্থী সকলে ৰাস্তাত অনুদান বিচৰাটো কিহৰ ইংগিত ?

তলি উদং ! শিক্ষামন্ত্ৰীৰ চিঠি আৰু এইমছৰ শিক্ষাৰ্থী সকলে ৰাস্তাত অনুদান বিচৰাটো কিহৰ ইংগিত ?

যিকোনো এজন ব্যক্তি, এখন ৰাজ্য বা এখন দেশ চলিবলৈ ধনৰ প্ৰয়োজন। এই ধন নিজৰ উপাৰ্জনৰ পৰা আহিব পাৰে নতুবা আন কাৰোবাৰ পৰা অনুদান তথা ঋণ হিচাপে আহিব পাৰে। আত্ম নিৰ্ভৰশীল ব্যক্তি বা ৰাজ্যই আনৰ আগত হাত পাতিবলগীয়া নহয়। কিন্তু উপাৰ্জনৰ তুলনাত ব্যয় অধিক হ’লে ব্যয় সংকোচন কৰাটো আৱশ্যকীয় হৈ পৰে। ব্যয় সংকোচন কৰিব নোৱাৰিলে দুটাই পথ থাকে, হয় দেউলীয়া হ’ব লাগিব, নতুবা আনৰ আগৰ হাত পাতিব লাগিব।
যি সময়ত দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ বিশ্বৰ আগশাৰী বাতৰি কাকত দি নিউৱাৰ্ক টাইমচে প্ৰশংসাৰে উপচাই পেলাইছে সেই সময়ত আমাৰ ৰাজ্য চৰকাৰে এখন পত্ৰৰ জৰিয়তে এক প্ৰকাৰৰ ‘চান্দা’ তোলাৰ বাবে আহ্বান জনায় বিধায়কসকলক । এয়া আচলতে চৰকাৰৰ যে তলি উদং হৈছে সেয়া তাৰেই প্ৰমাণ বহন কৰিছে।
উল্লেখ যে, যোৱা ১১ আগষ্টত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ইছ্যু কৰা এখন পত্ৰ ভাইৰেল হোৱাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সৰ্বত্ৰে ৷ পত্ৰখনে উদঙাই দিছে চৰকাৰৰ শিক্ষা বিভাগটো চৰম আৰ্থিক দৈন্যতাত ভূগি আছে । পত্ৰখনত শিক্ষামন্ত্ৰীগৰাকীয়ে বিধায়কসকলক উদ্দেশ্যি উল্লেখ কৰে যে কিছু বিদ্যালয় চকী-মেজ, বৈদ্যুতিক পাংখা, পানী ফিল্টাৰ অবিহনেই চলি আছে ৷এই অভাৱসমূহ দূৰ কৰাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱ । যাৰ বাবে অৱসৰপ্ৰাপ্ত বিষয়া, ব্যৱসায়ী, যুৱ সমাজ অৰ্থাৎ দাতাৰ পৰা অনুদান গ্ৰহণৰ বাবে আহ্বান জনায় বিধায়কসকলক ৷

স্মৰণযোগ্য যে, যোৱা ২০২০ চনৰ ২৯ এপ্ৰিলত অনুষ্ঠিত এক সংবাদমেলত তেতিয়াৰ অসমৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী জনে ঘোষণা কৰিছে যে, “লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত গুৰুতৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছে আৰু মূলতঃ ৰাজকোষত ধন নোহোৱাৰ বাবেই এক অভাৱনীয় আৰ্থিক সমস্যা সৃষ্টি হৈছে। কৰ সংগ্ৰহ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত বিত্তীয় পৰিস্থিতি অধিক শোচনীয় হৈছে বাবে ৰাজ্য চৰকাৰে এপ্ৰিল মাহত ৰাজ্যিক কৰ্মচাৰীসকলক দৰমহা দিব যদিও এতিয়াৰে পৰা চৰকাৰে ব্যয় সংকোচনৰ ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰখনে অতি প্ৰয়োজনতহে ধন ব্যয় কৰিব বুলি কৰিব” কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছিল তদানীন্তন অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ৰাজকোষৰ তলি উদং হৈ গলেও লাখ লাখ টকা ব্যয়ৰ হেলিকপ্টাৰ ভ্ৰমণ কৰি থাকিব বুলি বিত্তমন্ত্ৰী অৰ্থাৎ আজিৰ মুখ্যমন্ত্ৰী জনে প্ৰকাশ্যে সাংবাদিকক অৱগত কৰিছিল।
সেই সময়ত বিভিন্নজনে বিভন্ন সমালোচনা তথা প্ৰশ্ন উত্থাপন কৰিছিল; যদিহে ৰাজকোষ উদং আছিল, তেন্তে যোৱা মাৰ্চ মাহৰ বাজেটত বিয়াগোম আঁচনিবোৰ ঘোষণা কৰিছিল কিয়? মাত্ৰ এমাহৰ সময়ত ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি, কেন্দ্ৰীয় অনুদান গোটাব নোৱাৰি আৰ্থিকভাৱে বিধবস্ত হৈ পৰা বৰ্তমান চৰকাৰখনে তেন্তে বিত্তীয় দিশৰপৰা পূৰ্বৰ চৰকাৰখনতকৈ স্বাৱলম্বী কিহত?
আজিৰ প্ৰেক্ষাপটত এটা কথা স্পষ্ট যে পূৰ্বৰ বিজেপি চৰকাৰৰ আৰু আজিৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ আৰ্থিক দৈন্যতাৰ কোনো উন্নতি হোৱা নাই। আমি মনত ৰখা দৰকাৰ যে যোৱা ২০২০ বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত অসম চৰকাৰৰ ঋণৰ বোজা আছিল ৭৪,০৩২.৬১ কোটি টকা। অসম চৰকাৰে ২০১৮-১৯ বৰ্ষত ঋণৰ সুদ আদায় দিওঁতে ৪,১৯৩.৩৫ কোটি টকা খৰচ কৰিছিল।
আনহাতে, এইমচ’ৰ হোষ্টেল নিৰ্মাণৰ বাবে চৰকাৰে ধনৰ যোগান ধৰিব নোৱাৰাত একাংশ ছাত্ৰ ছাত্ৰীয়ে দান বৰঙনি বিচাৰি পদপথত অভিযান চলোৱাৰ ভিডিঅ’ অলপতে ভাইৰেল হোৱা দেখা গৈছে।পিছে ভিডিঅ’টোত কোন শাখাৰ এইমচ’ৰ সেয়া স্পষ্ট নহয় সেয়া যিয়েই নহওক যিহেতু চৰকাৰৰ শ্লোগান আছিল “ডাবুল ইঞ্জিনৰ চৰকাৰ ডাবুল পৰিবৰ্তন”।

উল্লেখ্য যে , AIIMS ৰ শাখা চিকিৎসালয় আমাৰ অসমলৈ অনা হৈছে, AIIMS ৰ চিকিৎসা এতিয়া অসমতে পোৱা হ’ব বুলি অসম চৰকাৰে ফুফজহিডাল মাৰিছিল।এতিয়া কথা হ’ল কেন্দ্ৰই যে ৰাজ্যত অধিন ধন আৱণ্টন দিব নোৱাৰে সেয়া এক বিধিগত কথা। আনহাতে ৰাজ্য চৰকাৰৰ যি ফোঁপাল স্বৰূপ উন্মোচন হ’ল এনে পৰিস্থিতিত ছাত্ৰ ছাত্ৰী সকলৰ বাবে যে অধিক সা-সুবিধা দিব নোৱাৰিব সেয়া স্পষ্ট। প্ৰশ্ন হয় যদি ছাত্ৰ ছাত্ৰী সকলৰ বাবে হোষ্টেলৰ ব্যৱস্থা কৰিব নোৱাৰে ?? যদি ধৰ্ম্মস্থানলৈ দিবলৈ কোটি কোটি টকা ওলায়, মাইক্ৰ’ফাইনান্সৰ ব্যক্তিগত ঋণ পৰিশোধ কৰিবলৈ টকা ওলায়, এমএলএ এমপি কিনিবলৈ হাজাৰ হাজাৰ কোটি টকা ওলায়, কিন্তু ছাত্ৰ ছাত্ৰীৰ হোষ্টেল নিৰ্মাণৰ বাবে চৰকাৰে ধনৰ যোগান ধৰিব নোৱাৰে , ছাত্ৰ ছাত্ৰীয়ে দান বৰঙনি বিচাৰিবলগীয়া হয় । এয়া লাজৰ বিষয় নহয় নে ?
প্ৰণিধানযোগ্য যে , ভাজপা নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৈছে যে অসমৰ একপক্ষীয় ভাৱে কেন্দ্ৰীয় পুঁজিৰ পৰা বঞ্চিত কৰা হোৱা নাই, বৰং অসমলৈ অধিক পুঁজিৰ আৱণ্টনহে দিয়া হৈছে। কাজেই চৰকাৰে ৰাজ্যখনৰ বিত্তীয় সংকটৰ বিষয়ে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে। ৰাজ্যখনৰ বিত্তীয় সংকটৰ পৰা ৰাজ্যখনক মুক্ত কৰাৰ আঁচনি হাতত ল’ব লাগে। বিত্তীয় সংকটৰ পৰা মুক্তি পাবলৈ হ’লে প্ৰথম কৰিবলগীয়া কাম হ’ল ব্যয় সংকোচন। এই দিশৰ ৰাজ্য চৰকাৰে কি ব্যৱস্থা হাতত লৈছে জনতাই জানিব লাগে। কেৱল অনুদান বিচৰাটো একমাত্ৰ পথ নহয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি