Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:39 am

Home » আঞ্চলিক » মানাহপৰীয়া প্ৰেছ গীল্ড, দ্য আঠিয়াবাৰী ক্লাৱ আৰু ছেভ ওমেন এণ্ড চায়েল্ড কেয়াৰৰ যৌথ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

মানাহপৰীয়া প্ৰেছ গীল্ড, দ্য আঠিয়াবাৰী ক্লাৱ আৰু ছেভ ওমেন এণ্ড চায়েল্ড কেয়াৰৰ যৌথ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

বৰপেটাৰোডঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ বাণিজ্য নগৰী বৰপেটাৰোডতো উলহ-মালহেৰে তিনিদীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজাদী কা অমৃত মহোতসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। 
বৰপেটা আৰু বাক্সা জিলাক সামৰি গঠিত প্ৰগতিশীল সাংবাদিক সংস্থা মানাহপৰীয়া প্ৰেছ গীল্ড, স্থানীয় বেচৰকাৰী স্বেচ্চাসেৱী সংস্থা দ্য আঠিয়াবাৰী ক্লাৱৰ লগতে শিশু আৰু মহিলাসকলৰ উন্নয়নৰ অৰ্থে গঠিত স্বেচ্ছাসেৱী সংস্থা ছেভ ওমেন এণ্ড চায়েল্ড কেয়াৰৰ যৌথ উদ্যোগত উত্তৰ বৰপেটাৰোডৰ আজাদ নগৰত উক্ত অনুষ্ঠানৰ আয়োজন কৰা হয়। 
কাৰ্যসূচী অনুসৰি ১৩ আগষ্টৰ পুৱা স্বচ্ছ অভিযান আৰু গছপুলি ৰোপন কৰা হয়। একদৰে ১৪ আগষ্টত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, আকষ্মিক বক্তৃতা, আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে লঘু খেল-ধেমালি প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। অন্তিম দিন তথা ১৫ আগষ্টৰ দিনা পৰম্পৰাগতভাৱে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে প্ৰগতিশীল সাংবাদিক সংস্থা মানাহপৰীয়া প্ৰেছ গীল্ডৰ ভাৰপ্ৰাপ্ত সভাপতি নয়ন কিশোৰ মাঝিয়ে। 
আবেলি ৫ বজাত অনুষ্ঠিত হোৱা মুকলি আৰু বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে দ্য আঠিয়াবাৰী ক্লাৱৰ সভাপতি আশ্ৰৱ আলীয়ে। ছেভ ওমেন এণ্ড চায়েল্ড কেয়াৰৰ সাধাৰণ সম্পাদিকা ছানিয়াৰা পাৰবিন আৰু দ্য আটিয়াবাৰী ক্লাৱৰ সাধাৰণ সম্পাদক মেহেদী হাচানে আঁত ধৰা অনুষ্ঠানত স্থানীয় মূৰব্বী তথা অৱসৰপ্ৰাপ্ত শিক্ষক আয়নাল হক, মানাহপৰীয়া প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি হায়াত আলীয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে বিজয়ী প্ৰতিযোগীসকলক বঁটাৰে পুৰষ্কৃত কৰে। 
দ্য আঠিয়াবাৰী ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি ছহিবুল ইছলাম, মানাহপৰীয়া প্ৰেছ গীল্ডৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আমিৰ আলী, সম্পাদক প্ৰসন্ন নাথ, সহকাৰী সম্পাদক ইমদাদুল ইছলাম, ছেভ ওমেন এণ্ড চায়েল্ড কেয়াৰৰ দিলাৰা ভূঞাৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত স্থানীয় ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি