মানাহপৰীয়া প্ৰেছ গীল্ড, দ্য আঠিয়াবাৰী ক্লাৱ আৰু ছেভ ওমেন এণ্ড চায়েল্ড কেয়াৰৰ যৌথ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

বৰপেটাৰোডঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ বাণিজ্য নগৰী বৰপেটাৰোডতো উলহ-মালহেৰে তিনিদীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজাদী কা অমৃত মহোতসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।  বৰপেটা আৰু বাক্সা জিলাক সামৰি গঠিত প্ৰগতিশীল সাংবাদিক সংস্থা মানাহপৰীয়া প্ৰেছ গীল্ড, স্থানীয় বেচৰকাৰী স্বেচ্চাসেৱী সংস্থা দ্য আঠিয়াবাৰী ক্লাৱৰ লগতে শিশু আৰু মহিলাসকলৰ উন্নয়নৰ অৰ্থে গঠিত স্বেচ্ছাসেৱী সংস্থা ছেভ ওমেন এণ্ড চায়েল্ড কেয়াৰৰ যৌথ উদ্যোগত উত্তৰ বৰপেটাৰোডৰ আজাদ নগৰত উক্ত অনুষ্ঠানৰ আয়োজন কৰা হয়।  কাৰ্যসূচী অনুসৰি ১৩ আগষ্টৰ পুৱা স্বচ্ছ অভিযান আৰু গছপুলি ৰোপন কৰা হয়। একদৰে ১৪ আগষ্টত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, আকষ্মিক বক্তৃতা, আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে লঘু খেল-ধেমালি প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। অন্তিম দিন তথা ১৫ আগষ্টৰ দিনা