Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:15 pm

Home » আঞ্চলিক » অসম » Teacher Training- ক্টসেউজ ন্যাসক্ট বৰপেটাৰোডৰ উদ্যোগত ২০ জুলাইৰ পৰা ৬ দিনীয়া অনা- আৱাসিক শিক্ষক প্ৰশিক্ষণ

Teacher Training- ক্টসেউজ ন্যাসক্ট বৰপেটাৰোডৰ উদ্যোগত ২০ জুলাইৰ পৰা ৬ দিনীয়া অনা- আৱাসিক শিক্ষক প্ৰশিক্ষণ

বৰপেটাৰোড : বৰপেটাৰোডৰ Socio-Economic and Educational Welfare Society চমুকৈ SEWS ৰ উদ্যোগত অহা ২০ জুলাইৰ পৰা ২৫ জুলাইলৈ ৬ দিনীয়া এক অনা- আৱাসিক শিক্ষক প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হৈছে। উত্তৰ বৰপেটাৰোডত অৱস্থিত বৰপেটাৰোড জাতীয় বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীৰ উন্নত শিক্ষণ দক্ষতা অৰ্জন তথা সামগ্ৰিক কলা- কৌশল আহৰণৰ লক্ষ্যৰে প্ৰশিক্ষণ শিৱিৰটোৰ আয়োজন কৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে। 
প্ৰশিক্ষণ শিৱিৰত প্ৰতিখন বিদ্যালয়ৰ পৰা সৰ্বোচ্চ ৫ গৰাকী শিক্ষক/ শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। অহা ১৯ জুলাইৰ নিশা ১২ বজাৰ ভিতৰত নিম্নোক্ত যোগাযোগ নম্বৰত কল কৰি নাইবা SMS দি নাম পঞ্জীয়ন কৰিব পাৰিব। যোগাযোগ নম্বৰ দুটি হ’ল ৮৬৩৮১-২৬৪৬২ আৰু ৮৬৩৮৫-০৬২৯৫ । প্ৰশিক্ষাৰ্থী সকলৰ খোৱা- বোৱাৰ সম্পূৰ্ণ দায়িত্ব উদ্যোক্তাই বহন কৰিবলগীয়া ৬ দিনীয়া কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা, ২০ জুলাইৰ পুৱা ৯:৩০ বজাত প্ৰশিক্ষাৰ্থী সকলৰ মাজত প্ৰশিক্ষণ সামগ্ৰী বিতৰণ। পুৱা ৯:৪০ বজাত পুৱাৰ জলপান। পুৱা ৯:৫০ বজাত প্ৰশিক্ষণ শিৱিৰ উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে অংশ ল’ব ধুবুৰীৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা এগৰাকী অভিজ্ঞ প্ৰশিক্ষক ৰবিউল ইছলাম ছেলিমে। ডিজিটেল মাধ্যম যোগে অনুষ্ঠিত হ’বলগীয়া শিৱিৰৰ প্ৰথম দিনা পুৱা ১০ বজাৰ ১ম কালাংশত “নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০” – শীৰ্ষক বিষয়বস্তুৰ ওপৰত বিশ্লেষণাত্মক প্ৰশিক্ষণ আগবঢ়াব সমল ব্যক্তি তথা বৰপেটা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ ‘ডায়েট’ৰ প্ৰাক্তন অধ্যক্ষ ড৹ কুলৰঞ্জন ডেকাই। দ্বিতীয় কালাংশত দুপৰীয়া ১২ বজাত “শিশু কেন্দ্ৰিক আৰু অন্তৰ্ভুক্তিকৃত শিক্ষা” – শীৰ্ষক প্ৰশিক্ষণ প্ৰদান কৰিব বিশিষ্ট সমল ব্যক্তি তথা বৰপেটাৰোডৰ জাখলিৰপাৰ স্থিত ৰাজপুত একাডেমীৰ অধ্যক্ষ ৰবীন্দ্ৰ চন্দ্ৰ দে’ই। আনহাতে প্ৰথম দিনৰ তৃতীয় কালাংশত আবেলি ২:৩০ বজাত সমল ব্যক্তি তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক হৰেকৃষ্ণ ৰয়ে “শিশুৰ অধিকাৰ আৰু শিশু সুৰক্ষা আইন-POCSO” – শীৰ্ষক প্ৰশিক্ষণত ভাগ লব। 
২১ জুলাইৰ পৰা ২৫ জুলাইলৈ পুৱা ৯:৪৫ বজাত জলপান আৰু দুপৰীয়াৰ ভাগত আহাৰ বিৰতিত পৰিৱেশিত হ’ব ” সম্প্ৰীতি ভোজন”। দ্বিতীয় দিনা পুৱা ১০ বজাৰ ১ম কালাংশত “পাঠ্যক্ৰম আৰু শিকন ফলাফল” আৰু বিয়লি ২ বজাৰ ২য় কালাংশত ” বিদ্যালয়ত নিৰাপদ আৰু স্বাস্থ্যকৰ পৰিৱেশ সৃষ্টিৰ বাবে শিক্ষকৰ ব্যক্তিগত সামাজিক গুণৰ বিকাশ” -শীৰ্ষক বিষয়বস্তু দুটিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব বৰপেটা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ ‘ডায়েট’ৰ জ্যেষ্ঠ প্ৰবক্তা তথা অনাতাঁৰ আৰু দূৰদৰ্শনৰ শিক্ষা অনুষ্ঠান পৰিৱেশক শ্ৰীযুত ড৹ ৰঞ্জিত কুমাৰ কলিতাই। ২২ জুলাইৰ পুৱা ১০ বজাৰ ১ম কালাংশত বিশিষ্ট সমল ব্যক্তি তথা বৰপেটা জিলাৰ গোবৰ্ধনা শিক্ষা খণ্ডৰ এগৰাকী বি আৰ পি তথা ‘নিষ্ঠা শিক্ষক প্ৰশিক্ষণ’ৰ কে আৰ পি শীমতী লীনা বৰ্মনে “বিদ্যালয়ত সু-স্বাস্থ্য আৰু সুন্দৰ পৰিৱেশ” শীৰ্ষক প্ৰশিক্ষণ প্ৰদান কৰিব। দিনটোৰ দ্বিতীয় কালাংশত বিয়লি ১ বজাত “কলা সমন্বিত শিকন” -শীৰ্ষক প্ৰশিক্ষণভাগো একেগৰাকী সমল ব্যক্তিয়ে আগবঢ়াই নিব। আনহাতে দিনটোৰ তৃতীয় তথা অন্তিম কালাংশত আবেলি ২:৩০ বজাত “শিক্ষাত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ” – শীৰ্ষক মনোজ্ঞ প্ৰশিক্ষণটি প্ৰদান কৰিব বজালীৰ বি আৰ পি তথা নিষ্ঠা প্ৰশিক্ষণৰ কে আৰ পি আব্দুল মুতালিবে। ২৩ জুলাইৰ ১ম কালাংশত পুৱা ১০ বজাত “পাঠ্য পৰিকল্পনা প্ৰস্তুত” আৰু ২য় কালাংশত আবেলি ২ বজাত “উন্নত মানদণ্ডৰ প্ৰশ্নকাকতৰ প্ৰস্তুতি” শীৰ্ষক বিষয়বস্তু দুটিৰ ওপৰত আলোকপাত কৰিব বিশিষ্ট সমল ব্যক্তি তথা সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড৹ জাহেৰুল আলমে। ২৪ জুলাইৰ ১ম কালাংশত পুৱা ১০ বজাত “ভাষাৰ শিক্ষাদান শৈলী” আৰু ২য় কালাংশত বিয়লি ২ বজাত “পৰিৱেশ তথা সমাজ বিজ্ঞানৰ শিক্ষাদান শৈলী” বিষয়বস্তু দুটি উপস্থাপন কৰি প্ৰশিক্ষণ প্ৰদান কৰিব সমল ব্যক্তিদ্বয় ক্ৰমে ঢাকালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ছমিৰ খান আৰু বৰপেটাৰ চি আৰ চি চি ছামচুল হকে। অন্তিমদিনা ২৫ জুলাইৰ পুৱা ১০ বজাৰ ১ম কালাংশত “বিজ্ঞানৰ শিক্ষাদান শৈলী” আৰু আবেলি ২ বজাৰ ২য় কালাংশত “গণিতৰ শিক্ষাদান শৈলী” বিষয়বস্তু দুটিৰ ওপৰত ব্যৱহাৰিক আৰু বিশ্লেষণাত্মক প্ৰশিক্ষণ প্ৰদান কৰিব সমল ব্যক্তিদ্বয় তথা নিষ্ঠা শিক্ষক প্ৰশিক্ষণৰ বিশিষ্ট মুখ্য সমল ব্যক্তিদ্বয়
(কে আৰ পি) ক্ৰমে ঢাকালীয়া-দাবালীয়াপাৰা হাই স্কুলৰ বিজ্ঞান শিক্ষক হিৰণ্য কুমাৰ নাথ আৰু হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিতুমনি বৰ্মনে। প্ৰশিক্ষণৰ সকলো কাৰ্যসূচীত শিক্ষক সমাজৰ অংশগ্ৰহণ তথা সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি