Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:02 pm

Home » আঞ্চলিক » অসম » Debabrat Saikia- কাৰাৰুদ্ধ বর্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়াৰ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

Debabrat Saikia- কাৰাৰুদ্ধ বর্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়াৰ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

সামাজিক মাধ্যমত লিখা এটা কবিতাৰ বাবে বিগত দুমাহ ধৰি বেআইনি কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গোলাঘাট কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ ন্যায়ৰ দাবীৰে অসম ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীযাই। যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী গৰাকীৰ অহা ১৬ জুলাইৰ পৰা হ’বলগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ষাণ্মাসিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিবলৈ অনুমতি দিবলৈ অনুৰোধ জনায় প্ৰেৰণ কৰা পত্ৰখনত শইকীয়াদেৱে ছাত্ৰীগৰাকীৰ আগন্তুক শিক্ষাজীৱনৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাত উপস্থিতিৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ দাবী জনায়। 

কেইবাখনো উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ উদ্ধৃতি দি বিৰোধী দলপতিগৰাকীয়ে জনাই যে,বিভিন্ন উচ্চ ন্যায়ালয়ে এজন আটকাধীন ব্যক্তিক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। সেইসমূহৰ ভিতৰত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় ধৰৰ বিচাৰপীঠে প্ৰদান কৰা আৰু পৰৱৰ্তী সময়ত গুৱাহাটী, দিল্লী আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ে পালন কৰা এক ৰায়দান অনুসৰি, “আটকত থকা এজন ব্যক্তিক পৰীক্ষা দিয়াত বাধা দিব নোৱাৰি, যদিহে গুৰুত্বপূৰ্ণ পৰিস্থিতি নাথাকে, য’ত আনকি আটকাধীনজনৰ নিৰাপত্তাও অন্তৰ্ভুক্ত থাকিব পাৰে।” পত্ৰখনত শইকীয়াই উনুকিয়াই যে মাননীয় আদালতে একেধৰণৰ বিষয়ত হস্তক্ষেপ কৰাৰ পৰৱৰ্তী সময়ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ১৮ জন বন্দীকো তেওঁলোকৰ পৰীক্ষাত বহিবলৈ অনুমতি দিয়া হৈছিল।
দেৱব্ৰত শইকীয়াই উল্লেখ কৰে যে মাননীয় এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আত্তৌ ৰহমান মাছুদীৰ খণ্ড বিচাৰপীঠেও এজন বন্দীক পৰীক্ষাত বহিবলৈ অনুমতি দিবলৈ নিৰ্দেশ দিছিল যদিহে বিশ্ববিদ্যালয়খন ছাত্ৰজনৰ প্ৰয়োজনীয় উপস্থিতিৰ চৰ্তত সন্তুষ্ট আছিল।
তেখেতে উল্লেখ কৰা ৰায়বোৰৰ আধাৰত, গোচৰটোৰ গুৰুত্ব বিবেচনা কৰি, তাৎক্ষণিক পদক্ষেপৰ জৰিয়তে সংশ্লিষ্ট কৰ্তৃপক্ষক ছাত্ৰীগৰাকীক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আৰু আমাৰ ন্যায় ব্যৱস্থাৰ মৰ্যাদা বজাই ৰাখিবলৈ নিৰ্দেশনা দিবলৈ বিৰোধী দলপতিগৰাকীয়ে অনুৰোধ জনায়।
লগতে ছাত্ৰী গৰাকীৰ আৰ্থিক অৱস্থাৰ কথা বিবেচনা কৰি সংশ্লিষ্ট জিলা আইনী সাহাৰ্য্য কৰ্তৃপক্ষক ছাত্ৰীগৰাকীক প্ৰয়োজনীয় আইনী সহায় প্ৰদান কৰিবলৈ নিৰ্দেশ দিবলৈও তেওঁ অনুৰোধ জনাই। আটকাধীন ছাত্ৰীগৰাকীৰ মৌলিক সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনায় প্ৰেৰণ কৰা পত্ৰ খনত শইকীয়াদেৱে ছাত্ৰীগৰাকীৰ ওপৰত জাপি দিয়া বেআইনি কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰাসমূহৰ পুনৰ বিবেচনা কৰিবৰ বাবেও মহামান্য আদালতক অনুৰোধ জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি