| |

ন্যায়পালিকা বনাম কাৰ্যপালিকা : গণতন্ত্ৰৰ প্ৰতিটো অংশত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কিমান গ্ৰহণযোগ্য- Debabrat Saikia

-দেৱব্ৰত শইকীয়া, বিৰোধী দলপতি, অসম সংবিধানৰ গণ্ডীৰ বাহিৰত গৈ আৰক্ষী অথবা অন্যান্য বিভাগে কৰা বিভিন্ন ভুলক চৰকাৰৰ ভুল অভিহিত কৰি পৰৱৰ্তী সময়ত সেইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰাৰ যি এক নতুন প্ৰৱণতা আৰম্ভ হৈছে, সি এক সুস্থ গণতন্ত্ৰৰ লক্ষণ নহয়। কাৰ্যপালিকাৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে সংবিধানপ্ৰদত্ত ক্ষমতাৰ বাহিৰে ন্যায়পালিকা অথবা বিধানপালিকাৰ কাৰ্য্যত হস্তক্ষেপ কৰাটো ন্যায়সংগত কেতিয়াও হ’ব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰীৰ ক্ষমতাক অতিৰঞ্জিত কৰি এচাম দল সংগঠনে পদলেহনকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈ প্ৰত্যেক ক্ষেত্ৰতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেওঁক ন্যায়পালিকা আৰু বিধানপালিকাৰো মুৰব্বীৰ দৰে জ্ঞান কৰা কাৰ্য্য একেবাৰেই সমুচিত নহয়।বিধানপালিকাই সমৰ্থন জনোৱা আইনৰ জৰিয়তে দেশৰ কাম কাজ চলোৱাটোৱেই কাৰ্য্যপালিকাৰ মূল কাম। আৰু এই আইনৰ উলংঘনৰ দৰে পৰিস্থিতিত ন্যায়পালিকাই হস্তক্ষেপ কৰে।কিন্তু দেখা গৈছে যে মুখ্যমন্ত্ৰীক এক ভগৱানৰ

|

Assam Police – অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত মহিলা আৰু শিশু সুৰক্ষা সম্পৰ্কীয় বৈঠক

গুৱাহাটী, অপৰাধ অনুসন্ধান বিভাগৰ উদ্যোগত উলুবাৰীস্থিত অসম আৰক্ষী মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মহিলা আৰু শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়৷ মহিলা আৰু শিশু সুৰক্ষাৰে জড়িত বিভিন্ন চৰকাৰী বিভাগ, বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা, শিক্ষানুষ্ঠান, টাটা ইনষ্টিটিউট অব্‌ ছচিয়েল চায়েন্সৰ প্ৰতিনিধি আদিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধসমূহ প্ৰতিৰোধ কৰাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি মন্তব্য কৰে৷ এনে অপৰাধসমূহ প্ৰতিৰোধ কৰাৰ বাবে শক্তিশালী বহুমুখী পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰি সঞ্চালকপ্ৰধান মহন্তই কয় যে এই বিষয়ৰ লগত জড়িত আৰক্ষী, বিভিন্ন চৰকাৰী বিভাগ যেনে- সমাজকল্যাণ, শিক্ষা, শ্ৰম, স্বাস্থ্য আদি বিভাগসমূহৰ লগতে ৰাজ্যিক মহিলা আয়োগ, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ, শিক্ষানুষ্ঠান, বেচৰকাৰী স্বেচ্ছাসেৱী

|

Debabrat Saikia- কাৰাৰুদ্ধ বর্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়াৰ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

সামাজিক মাধ্যমত লিখা এটা কবিতাৰ বাবে বিগত দুমাহ ধৰি বেআইনি কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গোলাঘাট কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ ন্যায়ৰ দাবীৰে অসম ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীযাই। যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী গৰাকীৰ অহা ১৬ জুলাইৰ পৰা হ’বলগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ষাণ্মাসিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিবলৈ অনুমতি দিবলৈ অনুৰোধ জনায় প্ৰেৰণ কৰা পত্ৰখনত শইকীয়াদেৱে ছাত্ৰীগৰাকীৰ আগন্তুক শিক্ষাজীৱনৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাত উপস্থিতিৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ দাবী জনায়।  কেইবাখনো উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ উদ্ধৃতি দি বিৰোধী দলপতিগৰাকীয়ে জনাই যে,বিভিন্ন উচ্চ ন্যায়ালয়ে এজন আটকাধীন ব্যক্তিক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া সম্পৰ্কে