Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:52 pm

Home » আঞ্চলিক » সোনাহাট আন্তৰ্জাতিক বানিজ্য কেন্দ্ৰত বংগৰ তৃণমূল কংগ্ৰেছ নেতাৰ দপদপনি।

সোনাহাট আন্তৰ্জাতিক বানিজ্য কেন্দ্ৰত বংগৰ তৃণমূল কংগ্ৰেছ নেতাৰ দপদপনি।

ওৱে ব্ৰীজৰ নামত চলাইছে লুণ্ঠন ৰাজ। থানাত গোচৰ ব্যৱসায়ীৰ

ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ‌ সোনাহাট আন্তৰ্জাতিক বানিজ্য কেন্দ্ৰত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেতাই ওৱে ব্ৰীজৰ নামত ব্যাপক লুণ্ঠন ৰাজ চলোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত চলি আছে বানিজ্য কেন্দ্ৰটো। কেন্দ্ৰটোৰ ওৱে ব্ৰীজৰ দায়িত্ব লাভ কৰে পশ্চিমবংগৰ M/S BENGAL AMBA PARK AND ENCLAVE DEVLOERS PVT LTD নামৰ কোম্পানী এটাই। কোম্পানীৰ স্বত্বাধিকাৰী পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেতা ধনেশ্বৰ বৰ্মন। তেওঁ ওৱে ব্ৰীজ খন চলোৱাৰ দায়িত্ব দিয়ে হালাকুৰাৰ ভবেন্দ্ৰ কিশোৰ ৰায় ওৰফে বিট্টুক। বিট্টু ধনেশ্বৰ আৰু শুল্ক বিষয়াৰে মিলি কেইবামাহ ধৰি চলাইছে ব্যাপক লুণ্ঠন ৰাজ। লীজৰ ২৬ নং নিয়মানুসাৰী প্ৰতিখন ট্ৰাকৰ ওজন জোখাৰ বাবদ ল’ব পাৰিব ২৮৫ টকা। তদুপৰি ট্ৰাক খনে পাৰ্কিং কৰিলে দিব লাগিব অতিৰিক্ত ৯২ টকা এদিনত। মানে ট্ৰাক এখন ওজন আৰু পাৰ্কিং কৰিলে মুঠতে দিব লাগিব ৩৭৭ টকা। কিন্তু ওৱে ব্ৰীজ কৰ্তৃপক্ষই প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰে ৪৪৫ টকা। মানে অতিৰিক্ত সংগ্ৰহ কৰি আছে ৬৮ টকা। কিন্তু কোনো এখন ট্ৰাকে তাত পাৰ্কিং নকৰে , তথাপি সংগ্ৰহ কৰি আছে পাৰ্কিঙৰ টকা। মুঠতে প্ৰতিদিনে এখন ট্ৰাকৰ পৰা ছিণ্ডিকেট বাহিনীটোয়ে সংগ্ৰহ কৰে ১৬০ টকাকৈ। বানিজ্য কেন্দ্ৰটোৰে বাংলাদেশ লৈ যায় ১৩০ ৰ পৰা ১৪০ খন শিল কঢ়িওৱা ট্ৰাক। নিন্ম ১৩০ খন ট্ৰাক বাংলাদেশ গলেও ছিণ্ডিকেট বাহিনীটোয়ে প্ৰতিদিনে অবৈধ ভাবে সংগ্ৰহ কৰে ২০ হাজাৰ আশী হাজাৰ টকা। মাহেকত সংগ্ৰহ কৰে ছয় লক্ষাধিক টকা। এই ক্ষেত্ৰত জানি বুজিও নিমাত আৰক্ষী কিম্বা প্ৰশাসন। উপায়ন্তৰ হৈ কালি ব্যৱসায়ী কৃষ্ণ ৰায়ে গোলকগঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আনহাতে এইক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাষ্ট্ৰীয় বজৰং দলে বৃহৎ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি