জামুগুৰিহাট, নৱজিৎ ভুঞাঃ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ ব্যতিক্ৰমী প্ৰদক্ষেপ। অহা ইং ২১ জুন তাৰিখে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস। যোগ দিৱসৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে শোণিতপুৰৰ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ মহিলাসকল। ৩০ ৰ পৰা ৪৫ বছৰৰ মহিলাও অংশগ্ৰহণ কৰা দেখা যায় উক্ত যোগাসনৰ প্ৰশিক্ষণত। ধলাইবিল নিবাসী প্ৰশিক্ষক লিপিকা বৰঠাকুৰে কয় যে – “যোগাসনৰ জৰিয়তে নিজৰ শৰীৰৰ ৰোগ নিৰাময় কৰাৰ লগতে সুষ্ঠ মানসিকতাৰে প্ৰটিতো দিশত আগুৱাই যাব পাৰিম।” প্ৰশিক্ষক লিপিকাৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক মহিলাই এই ব্যতিক্ৰমী যোগ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা দেখা যায়।