Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:10 pm

Home » আঞ্চলিক » অসম » Tezpur Cabinet- তেজপুৰত অনুষ্ঠিত কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Tezpur Cabinet- তেজপুৰত অনুষ্ঠিত কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছত ৫০ সংখ্যক কেবিনেট বৈঠক আজি শোণিতপুৰত অনুষ্ঠিত হয়। তেজপুৰ সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হয় এই বৈঠক। গুৱাহাটীৰ বাহিৰত চতুৰ্থখন কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে।
মুখ্যমন্ত্ৰীয়ে জুলাইত শিলচৰত আৰু আগষ্টত কোকৰাঝাৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দি এতিয়ালৈ কেবিনেটত ৬০০ সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰে। এই ৬০০ সিদ্ধান্তৰ কিমানখিনি কাৰ্যকৰী কৰা হৈছে সেই সন্দৰ্ভত জনাবলৈ চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত সৰু কমিটি গঠন কৰা হৈছে আৰু পৰৱৰ্তী কেবিনেটত ইয়াৰ ৰিপ’ৰ্ট দিয়া হ’ব (Assam Cabinet meeting Decision)।
আনহাতে, আজিৰ কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইবোৰ হ’ল-
  • -১৯৯২ চনতে বিভিন্ন জিলাৰ পৰা মাটিৰ আবণ্টনক লৈ মুঠ ১০৩৭ টা প্ৰস্তাৱ দিছপুৰতে আবদ্ধ হৈ আছিল। আজিৰ কেবিনেটে এইসমূহ প্ৰস্তাৱত অনুমোদন দিয়ে।
  • -অমৃত সৰোবৰ নিৰ্মাণৰ বাবে ৩৫০ কোটি টকা মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়নৰ যোজনাৰ পৰা অনুমোদন দিয়ে।
  • -পৌৰ নিগম-নিকায়ৰ মুখ্য কাৰ্যবাহী,অভিযন্তা,গাণনিক বিষয়াক চৰকাৰে নিযুক্তো দিব। তেওঁলোকৰ বদলিকৰণো হ’ব। দৰমহা চৰকাৰে দিব।
  • -সৌৰশক্তি আহৰণৰ বাবে অসমত ১০০০ মেগাৱাট নতুন সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰা হ’ব। প্ৰায় ৫০০০ কোটি টকা বিনিয়োগ হ’ব এই প্ৰকল্পত। অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী ভূমিত এই প্ৰকল্পসমূহ নিৰ্মাণ হ’ব।
  • -শক্তি বিভাগলৈ বৈদ্যুতিক মিটাৰ,ট্ৰান্সফৰ্মাৰ আদি যোগানৰ বাবে কেবিনেটৰ ৮,৭২৭ কোটি টকা অনুমোদন। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে প্ৰদান কৰিব পুঁজি।
  • -গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ নামত সমিতি গঠন হ’ব। ইয়াত এজন এচিএছ বিষয়াক নিযুক্ত কৰা হ’ব।
  • -গুৱাহাটীত ৫০০০ মানুহ বহিব পৰা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ১৮৫ কোটি টকাৰ অনুমোদন
  • -বটদ্ৰৱা থান উন্নয়ন প্ৰকল্পৰ বাবে দ্বিতীয় পৰ্যায়ৰ ধন মুকলি কৰিছে কেবিনেটে।
  • -লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী উপলক্ষে ১৫০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত।
  • -লখিমপুৰ আৰু ঢকুৱাখনাক পোনপটীয়াকৈ সংযোগ কৰিবলৈ ঘূণাসুঁতিৰ ওপৰত এখন দলং নিৰ্মাণ হ’ব। ৩৮৩ কোটি ইয়াৰ বাবে কেবিনেটে অনুমোদন দিছে। ইয়াৰ ফলত লখিমপুৰ-ধেমাজি আৰু মাজুলীৰ দূৰত্ব হ্ৰাস পাব।
  • -বাক্সা জিলাৰ তামুলপুৰ আৰু বৰমাক এখন দলঙেৰে সংযোগৰ সিদ্ধান্ত। ইয়াৰ বাবে ২৪৭ কোটি টকা অনুমোদন।
তেজপুৰক লৈ কেবিনেটৰ সিদ্ধান্তসমূহ–
  • তেজপুৰৰ মিছন চাৰিআলি উৰণীয়া সেতুৰ Revised অনুমোদন দিয়া হৈছে। পূৰ্বতকৈ দীঘল হ’ব সেতুখন। যাৰ বাবে প্ৰায় ৫০০ কোটি টকা ব্যয় হ’ব।
  • বাণ থিয়েটাৰৰ উন্নয়নৰ বাবে ৪ কোটি টকা অনুমোদন
  • মৰা ভৰলুৰ পুনৰ খননৰ বাবে ১৫ কোটি টকা অনুমোদন
  • তেজপুৰৰ বৰপুখুৰী উন্নয়নৰ বাবে ১৬ কোটি টকা অনুমোদন
  • তেজপুৰৰ জে’ল চাৰিদুৱাৰলৈ স্থানান্তৰ হ’ব। সেই স্থানত জ্যোতি-বিষ্ণু-ফণী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত কেবিনেটৰ। বৰ্তমানৰ জে’লৰ ৬৪ বিঘা মাটিত হ’ব এই প্ৰকল্প।
  • তেজপুৰৰ লিচু লণ্ডনলৈ যাব। বৰ্তমান লিচু যোগান ধৰা অগ্নিগড় FPCৰ বাবে Processing Plant নিৰ্মাণ কৰিবলৈ কেবিনেটে অনুমোদন দিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি