Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:54 pm

Home » আঞ্চলিক » ৰাজ্যখনৰ পাঁচ টা সংবাদ

ৰাজ্যখনৰ পাঁচ টা সংবাদ

কাটাঝাৰস্থিত বাপুজী জাতীয় বিদ্যালয় প্ৰাঙ্গনত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে সংগঠনটোৱে কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত বৰপেটা জিলা আমছুৰ সহকাৰী সাধাৰণ সম্পাদক শ্বেখ কাৰিনুৰ ইছলাম আৰু কাটাঝাৰ পাথাৰ আঞ্চলিক সমিতিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷
গৌৰীপুৰৰ ৰূপচীত কৃতী ছাত্র ছাত্ৰীক এবিএমছুৰ সম্বৰ্ধনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্র ছাত্ৰীক এবিএমছুৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিটিআৰৰ পৰ্বতঝোৰা মহকুমাৰ ৰূপচী দীঘল গাওঁত আজি এবিএমছুয়ে অনুষ্ঠিত কৰে এখন সম্বৰ্ধনা সভা।সম্বৰ্ধনা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলাম। কৃতী ছাত্র ছাত্ৰী সকলক ফুলাম গামোচা আৰু ফুলৰ মালাৰে সম্বৰ্ধনা জনোৱা হয়।
হাৰিয়ানাত অনুষ্ঠিত হোৱা চতুৰ্থ Khelo India Youth Games ত থাং তা প্ৰতিযোগিতাত ৰূপৰ পদক বিজয়ী হোজাই মিলিক বস্তিৰ ৰাহুল চৌহানক হোজাই ৰেল ষ্টেচনত আদৰণি৷ পদক বিজয়ী ৰাহুল চৌহানক হোজাই ৰেলৱে ষ্টেচনত সম্বৰ্ধনা জনাবলৈ উপস্থিত হয় হাজাৰ হাজাৰ ৰাইজ৷ বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক সুদীপ দাসে ৰাহুলক উষ্ম আদৰণি জনায়৷
সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত বঙাইগাঁও জিলাৰ এন,ছি জাতীয় বিদ্যালয়ৰ ছাত্ৰী ছালীমা আকতাৰাই মুঠ ৬০০নম্বৰৰ ভিতৰত৫৪০নম্বৰ লৈ ডিষ্টিংচনসহ প্ৰতিটো বিষয়ত লেটাৰ মাৰ্ক পাই কোকিলা গাঁওলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীৰ সাফল্যত পিতৃ-মাতৃৰ লগতে স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে। ছালীমাৰ ডক্টৰ হোৱাৰ ইচ্ছা আছে যদিও উন্নত শিক্ষা লাভৰ বাবে পৰিয়ালটি আৰ্থিক অৱস্থা দুৰ্বল। চৰকাৰ-প্ৰশাসনক সহায় সহযোগ কৰাৰ আহ্বান জনায় ছালীমাৰ মাক দেউতাকে।
কাৰ্বি আংলং জিলাৰ ১৭নং বোকাজান বিধানসভা সমষ্টিৰ চিলনীজানৰ দুই নং হলৌখোৱা গাঁৱৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত এঘাৰ বছৰীয়া ছাত্ৰজন মঙ্গলবাৰৰ পৰা সন্ধানহীন হৈ আছে। দেৱজিত তাঁতি নামৰ ছাত্ৰজনৰ সন্ধান বিচাৰিছে পৰিয়ালৰ লোকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি