Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:28 pm

Home » আঞ্চলিক » অসম » পৰ্বতজোৰাত আৰক্ষী বিষয়াৰ অভিযানত সুলভ মুল্যৰ চাউল ভৰ্তি মহেন্দ্ৰ বক্সলেৰ পিকাআপ গাড়ী জব্দ

পৰ্বতজোৰাত আৰক্ষী বিষয়াৰ অভিযানত সুলভ মুল্যৰ চাউল ভৰ্তি মহেন্দ্ৰ বক্সলেৰ পিকাআপ গাড়ী জব্দ

বি টি আৰৰ পৰ্ব্বতঝোৰা টিপকাই উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অভিযানত সুলভ মুল্যৰ চাউল ভৰ্তি মহেন্দ্ৰ ব’লেৰ পিকাআপ গাড়ী জব্দ ৷

বি টি আৰৰ পৰ্ব্বতঝোৰা টিপকাই উপ আৰক্ষী চহীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ সঁজাতী দলে অভিযান চলাই পানবাৰীৰ পৰা কাজিগাওঁ হৈ গোঁসাইগাওঁ অভিমুখী AS 01HC7006 নম্বৰৰ  মহেন্দ্ৰ ব’লেৰ পিকআপ জব্দ কৰে। গাড়ীখনে চৰকাৰী সুলভ মূল্যৰ চাউল অবৈধ ভাবে কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে৷ চাউল ভৰ্তি গাড়ীখনৰ লগতে আৰক্ষীয়ে গাড়ীখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিছে।

টিপকাই উপ আৰক্ষী চহীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অংগৰাজ ছেত্ৰী”ৰ নেতৃত্বত চলিছিল আজিৰ এই অভিযান ৷

বি টি আৰৰ পৰ্বতঝোৰা আৰু ধুবুৰী অসামৰিক যোগান বিভাগৰ একাংশ বিষয়া – কৰ্মচাৰীয়ে দৰিদ্ৰ লোকৰ বাবে আৱন্টিত চাউল ক’লা বজাৰত বিক্ৰীৰ কৰি অহাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলায়৷

চাউলখিনি কৰ পৰা কলৈ লৈ যোৱা হৈ আছিল সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও ধৃত চালক-হেন্দিমেনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ 

গৌৰীপুৰৰ পৰা জাহিদুৰ ইছলামৰ ৰিপোৰ্ট।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি