TEOK: টীয়কৰ কলিয়াপানী পুৰণি মাটি চাপৰি গাঁৱৰ বিবাহিতা মহিলা অপৰাজিতা শইকীয়া আৰু গৌতম শইকীয়া নামৰ দুজন ব্যক্তি নিৰুদ্দেশ হৈ আছে।পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে আজিৰ পৰা ১০ দিনমান পূৰ্বে অপৰাজিতাৰ পিতৃ বৰপথাৰৰ পৰা জীৰ ঘৰলৈ আহিছিল আৰু পিতৃ ঘূৰি যোৱাৰ সময়ত অপৰাজিতাই পিতৃক জাঁজীলৈ বাছত তুলিবলৈ বুলি ঘৰৰ পৰা নিজৰ আঢ়ৈবছৰীয়া সন্তানক এৰি পিতৃৰ সৈতে ওলাই গৈছিল।ইপিনে উক্ত দিনাৰ পৰাই অপৰাজিতাৰ সমন্ধত ভতিজা গৌতম শইকীয়াও নিৰুদ্দেশ হৈ আছে।উল্লেখযোগ্য যে গৌতম এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সদ্য ঘোষিত ফলাফলত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ পোৱা নাই গৌতমৰ লগতে অপৰাজিতাৰ।ইতিমধ্যে টীয়ক আৰক্ষী থানাত অপৰাজিতাৰ স্বামী মন্টু শইকীয়াই ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো সুফল নাপাই মানসিকভাৱে ভাগি পৰিছে। সেয়ে পৰিবাৰ আৰু ভতিজা য’তেই আছে কনমানি সন্তানটোৰ মুখলৈ চাই সোণকালে ঘূৰি আহিবলৈ অনুৰোধ জনাইছে।