Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 2:13 am

Home » আঞ্চলিক » অসম » শ্ৰীশ্ৰীবদলা পদ্ম আতাৰ আবিৰ্ভাৱ মহোৎসৱত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

শ্ৰীশ্ৰীবদলা পদ্ম আতাৰ আবিৰ্ভাৱ মহোৎসৱত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ কীৰ্তন ঘৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

কলিয়াবৰত শ্ৰীশ্ৰীবদলা পদ্ম আতাৰ নামত এটি নামঘৰ নিৰ্মাণৰ বাবে ৰ কোটি টকা আৰু শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ভকতৰ বহা পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব ৰ কোটি টকা

ভক্তিতত্বৰে অসমীয়া জাতীয় জীৱনক গতি প্ৰদান কৰিছিল শ্ৰীশ্ৰীবদলা পদ্ম আতাই:  মুখ্যমন্ত্ৰী

দিছপুৰ, জ্জ্ব জুন ঃ ‘যশ, ৰস, শ্ৰবণ, কীৰ্ত্তন, শৰণ, ভজন, ভক্তিতত্ব প্ৰকাশ কৰি শ্ৰীশ্ৰীবদলা পদ্ম আতাই অসমীয়া জাতীয় জীৱনত গতি সঞ্চাৰ কৰিছিল৷ সমাজ সংগঠনত মহাপুৰুষগৰাকীৰ আন এটি অতি মহৎ কীৰ্তি হৈছে সমাজত সকলো সম্প্ৰদায়ৰ মাজত উদাৰ, ওখ, সাম্যভাৱ বিস্তাৰ৷ সনাতন ধৰ্ম তথা সংস্কৃতিৰ ক্ষেত্ৰখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱে দেখুৱাই যোৱা পথেৰে নতুন মাত্ৰা যোগ দি শ্ৰীশ্ৰীবদলা পদ্ম আতাই যি দৰ্শন প্ৰতিষ্ঠা কৰি গৈছে, সেই দৰ্শনে অসমীয়া জাতিক আত্মবিশ্বাস দান কৰিছে৷’ আজি শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰত আয়োজিত শ্ৰীশ্ৰীবদলা পদ্ম আতাৰ ৪৭৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷

মুখ্যমন্ত্ৰীয়ে কয় যে পঞ্চদশ শতিকা আছিল অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়৷ অসমৰ সমাজ জীৱন আগুৰি ধৰা অধৰ্মৰ কলীয়া ডাৱৰ আঁতৰ কৰিবলৈ সেই সময়ত অসম ভূমিত জন্মগ্ৰহণ কৰিছিল কেইবাগৰাকীও মহাপুৰুষে৷ সেই মহাপুৰুষসকলে ভক্তিমাৰ্গ দৰ্শনৰ জৰিয়তে সনাতন আধ্যাত্মিক জীৱনশৈলীৰে অসমীয়া সমাজক দিছিল এক নতুন প্ৰত্যয় আৰু অসীম প্ৰেৰণা৷ এইসকল বৈষ্ণৱ গুৰুৰ বৈষ্ণৱ ভক্তি আদৰ্শই অসমক অধৰ্মৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰি এখন ঐক্যবদ্ধ, শিষ্ট সমাজ গঢ়িছিল আৰু অসমীয়া জাতি সত্ত্বাৰ শক্তিশালী বুনিয়াদ নিৰ্মাণ কৰিছিল৷ যিকেইগৰাকী মহাপুৰুষে বৈষ্ণৱ সংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰিছিল সেইসকলৰ ভিতৰত শ্ৰীশ্ৰীবদলা পদ্ম আতা আছিল অন্যতম৷ অসমৰ বৈষ্ণৱ গুৰুসকলে আগবঢ়োৱা একশৰণ ভাগৱতী ধৰ্ম ভাগৱতৰ আধাৰত গঢ় লোৱা এক উদাৰ ধৰ্মীয় চেতনা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাগৱতৰ শিক্ষাৰ সৈতে তেওঁলোকে যুক্ত কৰিছিল প্ৰাচীন পৰম্পৰাৰ কিছু উপাদান৷ 

মধ্য যুগৰ সামাজিক সংস্কাৰৰ এক গুৰুত্বপূৰ্ণ অংশ আধ্যাত্মিক জীৱনবোধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এখন সমাজক আধ্যাত্মিকভাৱে শক্তিশালী কৰিব নোৱাৰিলে মূল্যবোধ, নৈতিকতা আৰু শৃংখলিত সমাজ এখন গঢ়িব নোৱাৰি৷ সেই কথা বদলা পদ্ম আতাই দেখুৱাই গৈছে৷ তেৰাৰ মানসিক স্থিতপ্ৰজ্ঞতা ইমানেই প্ৰবল আছিল যে সাংসাৰিক মোহবন্ধনৰ পৰা মুক্ত হৈ আধ্যাত্মিক শৈলীক এক আন্দোলন হিচাপে গঢ় দিয়াৰ যুঁজত নিজকে বিলীন কৰি দিছিল৷ তেৰাই মহাভাৰত, গীতা, ৰত্নাৱলীৰ কথাবিলাক সহজ আৰু সুমধুৰ ভাষাত ৰাইজক অৱগত কৰি সমাজত এক আধ্যাত্মিক চেতনা জগাই তুলিছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে শ্ৰীশ্ৰীবদলা পদ্ম আতা আছিল মহাপুৰুষ মাধৱদেৱৰ এগৰাকী প্ৰপন্ন শিষ্য৷ ভাগৱত দশম, কীৰ্ত্তন, ৰত্নাৱলীতত্বৰ লগতে নাট্যৰস ভাণ্ডাৰ, বাদ্যৰসৰ ভাণ্ডাৰ, গীত চপয়, টোতয়, ভতিমা ৰসৰ ভাণ্ডাৰ, নৃত্যৰাজিৰ অফুৰন্ত সমাহাৰ সকলোখিনিয়েই মহাপুৰুষ মাধৱদেৱে পদ্ম আতাক দান কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে   তাতীকুছিৰ পৰা উজনি অসমলৈ কৰা পদ্ম আতাৰ যাত্ৰা আছিল অসমৰ বৈষ্ণৱ আন্দোলনৰ এটা মাইলৰ খুঁটি৷ 

মুখ্যমন্ত্ৰীয়ে কয় যে অসমত মহাপুৰুষ দুজনাই আৰম্ভ কৰা নৱবৈষ্ণৱ আন্দোলনত সত্ৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, শ্ৰীশ্ৰীদামোদৰদেৱ, শ্ৰীশ্ৰীবদলা পদ্ম আতা, শ্ৰীশ্ৰীভট্টদেৱ আদি মহাপুৰুষসকলৰ পৃষ্ঠপোষকতাত অসমত গঢ়ি উঠা সত্ৰসমূহৰ ধাৰণাটো ভাগৱত চৰ্চাৰ সৈতে সংযুক্ত কৰি চাব পৰা যায়৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে সত্ৰীয়া জীৱনধাৰা অধিক শক্তিশালীকৰণৰ বাবে বদলা পদ্ম আতাই মাজুলীত শ্ৰীশ্ৰীকমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰে৷ শ্ৰীশ্ৰীবদলা পদ্ম আতা শৌৰ্য-বীৰ্যৰ প্ৰতীক আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেৰাৰ সাহস আৰু কৰ্মপ্ৰেৰণাই আজিও সকলোকে অনুপ্ৰাণিত কৰে৷ তেৰাৰ আদৰ্শৰ মাজেদি সমাজ সংস্কাৰৰ দিশটোও অনুভৱ কৰিব পৰা যায় বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ বাল্য বিৱাহৰ বিষম পৰিণতিৰ কথা তেৰাই তেতিয়াই উল্লেখ কৰি গৈছে৷ ব্ৰিটিছৰ শাসন কালত বাল্য বিৱাহ আৰু কু-সংস্কাৰৰ বিৰুদ্ধে যি গণজাগৰণ হৈছিল তেনে আন্দোলন বদলা পদ্ম আতাই মধ্য যুগতে সূচনা কৰিছিল৷ এনেবোৰ বিষয় অধ্যয়ন আৰু প্ৰচাৰ কৰিব নোৱাৰা বাবে সৰ্বভাৰতীয় পৰ্যায়ত আতাৰ অৰিহণাসমূহ সঠিকভাৱে তুলি ধৰিব পৰা হোৱা  নাই বুলিও বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ প্ৰসাৰ আৰু পৰিৱেশন সচেতনতাৰ দিশত আতাই লোৱা ভূমিকাৰ বিষয়ে আলোকপাত কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আজি একবিংশ শতিকাত এইগৰাকী আতাৰ প্ৰাসংগিকতা অধিক বৃদ্ধি পাইছে৷ তেৰাই দি যোৱা আদৰ্শৰে আমি সকলোৱে জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷

আজিৰ এই সভাত মুখ্যমন্ত্ৰীয়ে কলিয়াবৰত শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ নামত এটি নামঘৰ নিৰ্মাণৰ বাবে কৰা ঘোষণা কাৰ্যকৰীকৰণৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰ কোটি টকা শীঘ্ৰে মুকলি কৰি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ তদুপৰি শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ভকতৰ বহা পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে ৰ কোটি টকা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ 

মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ অনিদ্ধৰ্াৰিত পুঁজিৰ ৫০ লাখ টকাৰে নৱ নিৰ্মিত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ কীৰ্তন ঘৰটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে সত্ৰীয়া সংস্কৃতিৰ চানেকী বহন কৰা প্ৰদৰ্শনীস্থলো দৰ্শন কৰে৷ 

আজিৰ এই অনুষ্ঠানত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাদ্দৰ্ন দেৱ গোস্বামী, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, মাজুলীৰ বিধায়ক ভূৱন গাম, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি