Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:59 am

Home » আঞ্চলিক » অসম » ধিক জনপ্ৰতিনিধি : মহিলাই গোটৰ পৰা লোন লৈ নিজেই মেৰমতি কৰিছে ৰাস্তা

ধিক জনপ্ৰতিনিধি : মহিলাই গোটৰ পৰা লোন লৈ নিজেই মেৰমতি কৰিছে ৰাস্তা

চৰকাৰক ভৰষা নকৰি দান-বৰঙণিৰে ৰাইজে শ্ৰমদান কৰি মেৰামতি কৰিলে ৰাস্তাৰ। জনপ্ৰতিনিধিক কেবাবাৰো আবেদন কৰাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাত ৰাস্তা মেৰামতিত নামি পৰিল ১ নং অক্সিগুৰীৰ ৰাইজ। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাই উন্নয়নৰ সপোন দেখুৱাই ভাষণৰ ফুলজাৰি মাৰি ৰাইজৰ ভোট ভিক্ষা কৰে কিন্তু নিৰ্বাচন জিকাৰ পিছত ৰাইজৰ ওচৰত যোৱাৰ সময় নোলায় জনপ্ৰতিনিধিৰ। এই মন্তব্য আমাৰ নহয়, চৰকাৰী সহায়ৰ পৰা বঞ্চিত চিৰাং জিলাৰ বিজনীৰ আমৰাগুৰী, ১ নং অক্সিগুৰীবাসী ৰাইজৰ। 

গাঁওখনৰ মাজেৰে যোৱা অতি শোচনীয় মুল পথটো জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ আগত মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈ নপৰিল এচপৰাও মাটি। প্ৰতিদিনেই স্কুলীয়া ছাত্ৰ-ছাত্ৰী, কেবাখনো গাঁৱৰ ৰাইজ সেই পথটোৰে যাতায়ত কৰে যদিও জনপ্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন, দান-বৰঙণি আৰু গোটৰ পৰা ঋণলৈ ট্ৰেকটৰেৰে শিল, বালি পেলাই গাঁওখনৰ পুৰুষ মহিলাই নিজে শ্ৰমদান কৰি মেৰামতি কৰাত নামিল ৰাস্তাটোৰ। ফলত ক্ষোভিত গঞাঁই স্থানীয় জনপ্ৰতিনিধিক তীব্ৰ সমালোচনা কৰাৰ লগতে ইয়াৰ পিছতো যদি ৰাস্তাটো মেৰামতি কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰে অনাগত দিনত ৰাজনৈতিক নেতাক গাঁওখনত ৰাজনৈতিক সভা পতাৰ বিৰোধিতা কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি