Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:38 pm

Home » আঞ্চলিক » অসম » জালুকবাৰীত সক্রিয় মােবাইল চুৰি চক্র পশ্চিম গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্তক ছাত্র মুক্তিৰ স্মাৰকপত্র

জালুকবাৰীত সক্রিয় মােবাইল চুৰি চক্র পশ্চিম গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্তক ছাত্র মুক্তিৰ স্মাৰকপত্র

গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলটো এটা অতিকৈ গুৰুত্বপূৰ্ণ অঞ্চল। উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি অসম আয়ুর্বেদিক মহাবিদ্যালয়, অসম অভিযান্ত্রিক মহাবিদ্যালয়, টাটা ইনষ্টিটিউট অৱ চ’ছিয়েল চায়েন্স, পশ্চিম গুৱাহাটী শিক্ষক প্রশিক্ষণ মহাবিদ্যালয় আদিবহুতাে উচ্চশিক্ষা প্রতিষ্ঠান জালুকবাৰীত অৱস্থিত।

 সেই হেতুকে জালুকবাৰী-লংকেশ্বৰ-সুন্দৰৱৰী অঞ্চলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অহা শতাধিক ছাত্র-ছাত্রীয়ে বাস কৰে। কিন্ত অতি শেহতীয়াকৈ ছাত্র-ছাত্রীৰ মাজত সংশয় সৃষ্টি কৰি জালুকবাৰীত এক মােবাইল চুৰি চক্র সক্রিয় হৈ উঠিছে। চিলনীচোৰৰ উপদ্ৰৱত ছাত্র-ছাত্রীৰ মুকলিকৈ ঘুৰি ফুৰাতাে অসুবিধাৰ সৃষ্টি হৈছে। মােবাইল চুৰি সম্পর্কে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাধিক ভুক্তভােগী ছাত্র-ছাত্রীয়ে জালুকবাৰী আৰক্ষী থানাত গােচৰ ৰুজু কৰাৰ পিছতাে জালুকবাৰী আৰক্ষী এই সম্পর্কে নির্লিপ্ত হৈ থকা দেখা গৈছে যাৰ ফলত এনে ঘটনা দিনক দিনে বাঢ়ি গৈছে। ইয়ে ছাত্র-ছাত্রীৰ সুৰক্ষাৰ দিশটোতাে প্রশ্নবােধক সৃষ্টি কৰিছে। এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে আজি ছাত্র মুক্তি সংগ্রাম সমিতিৰ এটা সজাতি দলে কিছুসংখ্যক ভুক্তভােগী ছাত্র-ছাত্ৰীক লগত লৈ পশ্চিম গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্তৰ কার্যালয়ত উপস্থিত হয় আৰু উপ আৰক্ষী আয়ুক্তৰ অনুপস্থিতিত অতিৰিক্ত উপ আৰক্ষী আয়ুক্তগৰাকীৰ সৈতে এক সৌহাদ্যপূর্ণ আলােচনাত মিলিত হয় আৰু মােবাইল চুৰিৰ ঘটনাসমূহৰ এক দ্রুত তদন্তৰ লগতে ছাত্র-ছাত্রীৰ সহায় হােৱাকৈ এটা হেল্পলাইন নম্বৰ মুকলি কৰাৰ দাবী সম্বলিত এখনি স্মাৰক পত্র প্রদান কৰে। ছাত্র মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় কার্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা, শিক্ষা সম্পাদক আৰচদ আলি, সৌৰভ প্রতীপ গগৈ, কেন্দ্রীয় কার্যনির্বাহক সদস্য নৱদ্বীপ বৰগােহাঁই আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ সভাপতি, সম্পাদক ক্রমে ৰৌনক নৱাৰ আৰু আবু বক্কৰ ছিদ্দিকিয়ে উক্ত স্মাৰক পত্ৰখন প্রদান কৰি কয় যে জালুকবাৰী অঞ্চলত সক্রিয় হৈ পৰা চিলনীচোৰৰ পৰা ছাত্র-ছাত্রী তথা সাধাৰণ মানুহক সুৰক্ষা দিয়াত চূড়ান্তভাৱে ব্যর্থ হৈছে জালুকবাৰী আৰক্ষী। জালুকবাৰী আৰক্ষী চকীখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাটেই লাগি থকাৰ পিছতাে এনে ঘটনাৰ সঘন সংঘটিত হােৱাটোৱে জালুকবাৰী আৰক্ষীৰ চূড়ান্ত ব্যর্থতা আৰু কর্মদক্ষহীনতাৰ পৰিচয় দিছে। সংগঠনটোৰ নেতাকেইগৰাকীয়ে অতি শীঘ্ৰে এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাই ছাত্ৰ-ছাত্ৰীক সকাহ দিয়াৰ লগতে শৈক্ষিক ভৱিষ্যতৰ স্বাৰ্থত সংশয়হীন মুকলি পৰিৱেশ এটা বৰ্তাই ৰখাত আৰক্ষী প্রশাসনক সহযােগ কৰিবলৈ আহ্বান জনাইছে। ছাত্র মুক্তি সংগ্রাম সমিতি অসমৰ ছাত্রছাত্রীৰ প্রতি দায়বদ্ধ আৰু ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ ক্ষেত্ৰত সদায় আগত থিয় হৈ অহা বুলি মত প্রকাশ কৰি সংগঠনটোৱে প্রয়ােজনত এই সমস্যা সমাধানৰ বাবে ৰাজপথলৈও ওলাই যাবলৈ সাজু আছে বুলি বক্তব্য প্রদান কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি