Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:20 pm

Home » আঞ্চলিক » Sherman Ali Ahmed – বৰপেটালৈ গ’লে দুখ লাগে এগৰাকী বিধায়কৰ

Sherman Ali Ahmed – বৰপেটালৈ গ’লে দুখ লাগে এগৰাকী বিধায়কৰ

গোৱালপাৰা-ধুবুৰী-বৰপেটালৈ গলে পাকিস্তানত থকাৰ দৰে লাগে, এই মন্তব্য আছিল বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ৷ কিন্তু এইবাৰ উজনি অসম ঘূৰি বৰপেটালৈ গ’লে দুখ লাগে আন এগৰাকী বিধায়কৰ৷ পিছে এই মন্তব্য বিজেপিৰ দলৰ কোনো বিধায়কৰ নহয়৷ বিজেপি নেতা-মন্ত্ৰীৰ সুৰত সুৰ মিলাই এনে মন্তব্য প্ৰদান কৰিলে বিতৰ্কিত তথা কংগ্ৰেছৰ পৰা নিলম্বিত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে৷

উল্লেখ্য যে বিতৰ্কিত তথা কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ শেহতীয়া কিছু কৰ্মকাণ্ডই বিজেপিৰ এজেণ্ট হিচাপে কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷চৰ্চা অনুসৰি অতি শীঘ্ৰে পুনৰ এআইইউডিএফত যোগদান কৰি পেলোৱা থু পুনৰ গিলিবলৈ সাজু বিধায়ক শ্বেৰমান আলী৷ আজমলৰ শৰণাপন্ন হৈ লজ্জা নিবাৰণৰ ব্যর্থ চেষ্টা বিধায়কগৰাকীৰ৷
মন কৰিবলগীয়া যে ৰমজান মাহৰ সময়ছোৱাত বৰপেটা জিলা এআইইউডিএফ দলৰ ইফতাৰ পার্টিৰ নিমন্ত্ৰণী পত্ৰখনত দেখা গৈছিল কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ নাম৷ কেৱল সেয়াই নহয়, ১ জুনত আজমলৰ শৰণাপন্ন হল আজমলৰ ছাঁটোকেই গালি গালাজ কৰা বিধায়ক শ্বেৰমান আলী আহমেদ৷ আজমলৰ দাবী বিধায়ক শ্বেৰমান আলী আজমলৰ ঘৰৰ অতিথি৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শ্বেৰমানৰ মন্তব্য- সমষ্টিবাসীৰ সৈতে আলোচনা কৰিহে এআইইউডিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ দিনবাৰ ঠিক কৰিব৷ ৱপিছে পুনৰ পেলোৱা থু গিলি এআইইউডিএফত যোগদান কৰাৰ বাবে মন মেলিছে বিধায়ক শ্বেৰমান আলীয়ে৷ সচাকৈয়ে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰিছে নেকি শ্বেৰমান আলীয়ে
মিয়া মিউজিয়ামৰ পৰা আৰম্ভ কৰি বিভিন্ন বিতৰ্কিত মন্তব্যৰে শিৰোনাম দখল কৰা তথাকথিত মিয়া দৰদী নেতা শ্বেৰমান আলীয়ে কংগ্ৰেছ দলৰ পৰা নিলম্বন হোৱাৰ পিছতেই সামাজিক মাধ্যমত বৰপেটাৰ সাংসদ আব্দুল খালেকক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ অৰ্থাৎ বিধায়ক শ্বেৰমান আলীৰ পৰৱৰ্তী লক্ষ্য বৰপেটা লোকসভাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা৷ যিহেতু বৰপেটা লোকসভা সম্প্ৰতি কংগ্ৰেছৰ দখলত, সেয়ে এআইইউিডএফত যোগদান কৰি দলটোৰ পৰা সমষ্টিটোত সাংসদ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিধায়ক শ্বেৰমান আলী৷ স্মৰণযোগ্য যে ২০১৪ চনত বিধায়ক শ্বেৰমান আলীয়ে বৰপেটা লোকসভা সমষ্টিৰ পৰা এআইইউিডএফ দলৰ প্ৰাৰ্থীত্ব লাভ নকৰাৰ পিছতেই দলটোৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগ দিছিল শ্বেৰমান আলীয়ে৷ শ্বেৰমানৰ পৰিৱৰ্তে দলটোৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছিল বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমল৷ সেইবোৰ দিন ইতিহাস হল যিদও সকলো পাহৰি পুনৰ এআইইউডিএফ দলত যোগদান কৰি বৰপেটা সমষ্টিৰ পৰা শ্বেৰমান আলীয়ে সাংসদ হোৱাৰ মন মেলাৰ বাতাবৰণে ৰাজনৈতিক ফলাফলক লৈ উত্থাপিত হৈছে বহু প্ৰশ্নৰ৷ চৰ্চা অনুসৰি এই সমগ্ৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ মাষ্টাৰ মাইণ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথামতেই উঠা-বহা কৰে এআইইউডিএফৰ মূৰব্বী বদৰুদ্দিন আজমল৷ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিধায়ক শ্বেৰমান আলীক এআইইউিডএফ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিব পাৰিলেই কংগ্ৰেছৰ আব্দুল খালেক আৰু এআইইউডিএফ দলৰ তুমুল যুজৰ বিপৰীতে সমষ্টিটো বিজপিৰ দখললৈ যোৱাৰ সম্ভাৱনা প্ৰকট৷ অৰ্থাৎ বৰপেটা সমষ্টিটো বিজেপিৰ দখললৈ নিয়াৰ সমগ্ৰ পৰিকল্পনাত সফল হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বিজেপিৰ এই পৰিকল্পনাক সফল ৰূপ দিয়াৰ বাবেই বিজেপিৰ কথামতেই শ্বেৰমান আলীয়ে কাম কৰিছে বুলি চৌদিশে চৰ্চা লাভ কৰিছে৷ যদি এনেবোৰ চৰ্চাই সত্য হয়, তেন্তে বিধায়ক শ্বেৰমান আলীৰো মনত ৰখা উচিত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফে লিয়াকত আলীৰ সৈতে কৰা অপ্ৰত্যাশিত কাণ্ড৷ গতিকে লিয়াকত আলীৰ সেই কাণ্ডৰ পুনৰাবৃত্তি যে বদৰুদ্দিন আজমলে শ্বেৰমান আলীৰ সৈতেও নকৰিব সেয়া নুই কৰিব নোৱাৰি৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি