Sherman Ali Ahmed – বৰপেটালৈ গ’লে দুখ লাগে এগৰাকী বিধায়কৰ
গোৱালপাৰা-ধুবুৰী-বৰপেটালৈ গলে পাকিস্তানত থকাৰ দৰে লাগে, এই মন্তব্য আছিল বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ৷ কিন্তু এইবাৰ উজনি অসম ঘূৰি বৰপেটালৈ গ’লে দুখ লাগে আন এগৰাকী বিধায়কৰ৷ পিছে এই মন্তব্য বিজেপিৰ দলৰ কোনো বিধায়কৰ নহয়৷ বিজেপি নেতা-মন্ত্ৰীৰ সুৰত সুৰ মিলাই এনে মন্তব্য প্ৰদান কৰিলে বিতৰ্কিত তথা কংগ্ৰেছৰ পৰা নিলম্বিত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে৷ উল্লেখ্য যে বিতৰ্কিত তথা কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ শেহতীয়া কিছু কৰ্মকাণ্ডই বিজেপিৰ এজেণ্ট হিচাপে কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷চৰ্চা অনুসৰি অতি শীঘ্ৰে পুনৰ এআইইউডিএফত যোগদান কৰি পেলোৱা থু পুনৰ গিলিবলৈ সাজু বিধায়ক শ্বেৰমান আলী৷ আজমলৰ শৰণাপন্ন হৈ লজ্জা নিবাৰণৰ ব্যর্থ চেষ্টা বিধায়কগৰাকীৰ৷ মন কৰিবলগীয়া যে ৰমজান মাহৰ সময়ছোৱাত বৰপেটা জিলা এআইইউডিএফ দলৰ ইফতাৰ পার্টিৰ