Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:48 pm

Home » আঞ্চলিক » অসম » সাহিত্য সূৰ্য লুম্মেদাই সাহিত্য বঁটা পদ্মশ্রী য়েছে দৰজে ঠংছিক প্ৰদান

সাহিত্য সূৰ্য লুম্মেদাই সাহিত্য বঁটা পদ্মশ্রী য়েছে দৰজে ঠংছিক প্ৰদান


ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত, দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ প্ৰেছ ক্লাবৰ সহযোগত কালি মঙলদৈস্থিত জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত পদ্মশ্ৰী য়েছে দৰজে ঠংচিক ‘সাহিত্যসূৰ্য লুম্মেৰদাই সাহিত্য বঁটা -২০২১’ প্রদান কৰা হয়। অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্রথিতযশা সাহিত্যিক য়েছে দৰজে ঠংচিয়ে উদ্যোক্তাসকলৰ ফালৰ পৰা ফুলাম গামোচা, চেলেং, শৰাই, জাপি, মানপত্র, স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি মাত্র ১৯ বছৰ বয়সতে মাকুমত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰৰ বঁটা গ্ৰহণ কৰাৰ স্মৃতি ৰোমন্থন কৰি কয়, তেতিয়া সাহিত্য সভাৰ অধিৱেশনত প্রখ্যাত সাহিত্যিক সকলেও বিছনাপাতি লৈ গৈছিল আৰু একো একোটা কোঠাৰ মজিয়াত একেলগে বিছনা পাৰি শুইছিল। চৈয়দ আব্দুল মালিকৰ খুহুতীয়া কথা শুনি হাঁহি হাঁহিয়েই ৰাতি পুৱাই দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয়, সাহিত্যিক হিচাপে অৰুণাচলত মোৰ চিনাকি নাছিল, অসম আৰু অসমীয়া ভাষাই মোক সাহিত্যিকৰ পৰিচয় দিছিল। তেওঁ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসম আৰু অৰুণাচলৰ মাজত সম্পর্ক ভাল বুলি কয়। জেদ কৰি অসমীয়াত অনাৰ্ছ লৈ কটন কলেজত পঢ়াৰ কথা উল্লেখ কৰি তেওঁ বিনন্দ কুমাৰ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, যোগেশ দাস, হোমেন বৰগোহাঞি আদি বৰেণ্য সাহিত্যিকৰ সান্নিঢ্যৰ কথা স্মৰণ কৰে।
‘আকাশ’ৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰা আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত নিখিল ৰাভা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ ৰাভাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নিজৰ বক্তব্যত জনগোষ্ঠীৰ সাহিত্যিকসকলক চৰকাৰে সাহিত্যিক পেঞ্চনৰ পৰা সততে বঞ্চিত কৰি অহাৰ তথ্য দাঙি ধৰি তেওঁ ক্ষোভেৰে কয়, দেশ স্বাধীন হোৱাৰ পিছত মাত্ৰ দুজন ৰাভা সাহিত্যিকক পেঞ্চন দিয়া হৈছে। পদ্মশ্রী সূর্যকান্ত হাজৰিকাই অৰুণাচলৰ বিশিষ্ট সাহিত্যিক লুম্মেৰদাইৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি সভাখন উদ্বোধন কৰে ।
উদ্বোধনী ভাষণত সাহিত্যিক লুম্মেৰদাই আৰু পদ্মশ্রী য়েছে দৰজে ঠংচিৰ গ্ৰন্থৰ লগত থকা তেওঁৰ সম্পৰ্কৰ কথা কয়। দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে আদৰণী ভাষণ প্রদান কৰা এই সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ দিলীপ শইকীয়াই দুষাৰ কয় । সভাৰ সভাপতিৰ আসনৰ পৰা মৃণালিনী দেৱীয়ে সাহিত্যিক লুম্মেৰদাই আৰু য়েছে দৰজে ঠংচিৰ – জৰিয়তে অসম আৰু অৰুণাচলৰ সেতু বন্ধন হোৱাৰ কথা উল্লেখ কৰি কয় , জনজাতিসকলক বাদ দি অসমীয়া বৰ্তি থাকিব নোৱাৰে। শিল্পী মুকুট হাজৰিকাই ব্যাসৰ ওজাপালিৰ ৰাগ পৰিৱেশন কৰা এই সভাত বিধায়কদ্বয় ডঃ পৰমানন্দ ৰাজবংশী, বসন্ত দাস, দৰং জিলা সাহিত্য সভাৰ উপ সভাপতি বৰদা শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্রধান সম্পাদক অৱনী মোহন চহৰীয়াকে ধৰি দুই শতাধিক সাহিত্যপ্রেমী উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি