সাহিত্য সূৰ্য লুম্মেদাই সাহিত্য বঁটা পদ্মশ্রী য়েছে দৰজে ঠংছিক প্ৰদান
ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত, দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ প্ৰেছ ক্লাবৰ সহযোগত কালি মঙলদৈস্থিত জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত পদ্মশ্ৰী য়েছে দৰজে ঠংচিক ‘সাহিত্যসূৰ্য লুম্মেৰদাই সাহিত্য বঁটা -২০২১’ প্রদান কৰা হয়। অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্রথিতযশা সাহিত্যিক য়েছে দৰজে ঠংচিয়ে উদ্যোক্তাসকলৰ ফালৰ পৰা ফুলাম গামোচা, চেলেং, শৰাই, জাপি, মানপত্র, স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি মাত্র ১৯ বছৰ বয়সতে মাকুমত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰৰ বঁটা গ্ৰহণ কৰাৰ স্মৃতি ৰোমন্থন কৰি কয়, তেতিয়া সাহিত্য সভাৰ অধিৱেশনত প্রখ্যাত সাহিত্যিক সকলেও বিছনাপাতি লৈ গৈছিল আৰু একো একোটা কোঠাৰ মজিয়াত