বজালীত আম আদমী পাৰ্টি যোগদান কাৰ্যসূচী
পাঠশালাঃ আজি বজালী জিলাৰ সদৰ পাঠশালাৰ আজাদ ভৱনত ‘আম আদমী পাৰ্টি’ (আপ)ৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। দিনৰ ১২ বজাৰ পৰা এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ‘আপ’ৰ নেতা কমল কুমাৰ মেধিয়ে। বজালী আপৰ অন্যতম উদ্যোক্তা জয়দীপ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত পাটাছাৰকুছি আৰু ভৱানীপুৰ সমষ্টিৰ শতাধিক লোকে আজি আনুষ্ঠানিক ভাবে ‘আপ’ত যোগদান কৰে ৷ এই যোগদান কাৰ্যসূচীত আপৰ ৰাজ্যিক নেতা ক্ৰমে সনজিত বৰ্মন, মানস শৰ্মা, মনচুৰ তালুকদাৰ, পংকজলোচন ডেকা উপস্থিত থাকে ৷ ‘ৰাইজৰ দল’ৰ পাটাছাৰকুছি সমষ্টি কমিটিৰ সভাপতি প্ৰণৱ কলিতা, কাৰ্যকৰী সভাপতি অজিত খাটনিয়াৰ, ভৱানীপুৰ সমষ্টি সমিতিৰ সভাপতি দীপাংকৰ তালুকদাৰ, সম্পাদক ৰবীন পাটগিৰী, জিতেন দাস, বজালী জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰুবুল হক চৌধুৰী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক