Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:37 am

Home » আঞ্চলিক » অসম » ULFA- ৰাজ্যত পুনৰ ঠন ধৰি উঠিব নেকি আলফাসহ অন্যান্য উগ্ৰপন্থী সংগঠন

ULFA- ৰাজ্যত পুনৰ ঠন ধৰি উঠিব নেকি আলফাসহ অন্যান্য উগ্ৰপন্থী সংগঠন

  • শাজাহান আলী আহমেদ
শেহতীয়াকৈ বহু যুৱক-যুৱতীয়ে নিষিদ্ধ ঘোষিত আলফা (স্বাধীন)ত যোগদান কৰাৰ বিষয়টোৱে ব্যাপক চর্চা লাভ কৰাৰ সময়তে ৰাজ্যত নতুনকৈ উগ্রপন্থী সংগঠন গঠন হোৱাৰ তথ্য লাভ কৰিছে অসম আৰক্ষীৰ চোৰাংচোৱাই৷

ডিমা হাছাও জিলাৰ একাংশ যুৱকে পুনৰ অস্ত্র হাতত লৈ ‘ইউনাইটেড ছ’চিয়েলিষ্ট ফন্ট অফ ডিমাচা আর্মী চমুকৈ USFDA নামৰ উগ্রপন্থী সংগঠনৰ জন্ম দিছে বুলি অসম আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰিছে।
উল্লেখ্য যে পাঁচ দশকজোৰা উত্থান-পতনৰ পাছত শেহতীয়াকৈ আলফা (স্বা)ৰ প্রতি ৰাজ্যৰ একাংশ যুৱক-যুৱতী কিয় আকৃষ্ট হৈছে এই প্রসংগত আৰক্ষীৰ শীর্ষ সূত্রই কেৱল আলফা (স্বা)ই নহয়, আন কেবাটাও উগ্রপন্থী সংগঠনে সদস্যভর্তি অব্যাহত ৰাখিছে বুলি সদৰী কৰি কয় যে আলফা (স্বা)ৰ সমান্তৰালকৈ কমতাপুৰ লিবাৰেচন অর্গেনাইজেচন (KLO)এ সদস্যভর্তি অভিযান অব্যাহত ৰাখিছে। 
ইয়াৰ উপৰি ডিমা হাছাও জিলাত একাংশ যুৱকে ‘USFDA’ নামৰ সংগঠন গঠন কৰি কাম-কাজ অব্যাহত ৰাখিছে। বিটিআৰতো একাংশ যুৱকে পুনৰ সশস্ত্র পন্থা বাচি লোৱাৰ প্রক্রিয়া অব্যাহত ৰখাৰ তথ্য চোৰাংচোৱাই লাভ কৰিছে বুলি সূত্ৰটোৱে কয়। ইফালে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ পৰাই শেহতীয়াকৈ ২১ গৰাকী যুৱক-যুৱতীয়ে আলফা (স্বা)ত যোগদান কৰাৰ তথ্য লাভ কৰিছে আৰক্ষী-চোৰাংচোৱাই।
ৰাজ্যৰ অন্যান্য জিলাৰ তুলনাত তিনিচুকীয়া জিলাৰ পৰা আলফাত যোগদান কৰা সদস্যৰ সংখ্যা সর্বাধিক বুলি আৰক্ষী সূত্রই সদৰী কৰি কয় যে তিনিচুকীয়া জিলাত সম্প্রতি পুৰণি আলফা আছে ৪৩ জন আৰু নতুনকৈ ২১ জনে যোগদান কৰাৰ তথ্য পোৱা গৈছে।
অৱশ্যে ইয়াৰে তিনিজনে শেহতীয়াকৈ মূলসুঁতিলৈ উভতি আহিছে। সম্প্রতি জিলাখনৰ পৰা প্রায় ৬০ জন পুৰুষ-মহিলা আলফা (স্বা)ত আছে। অৱশ্যে আন জিলাৰ তুলনাত তিনিচুকীয়াৰ পৰিৱেশ কিছু সুকীয়া বুলি আৰক্ষী সূত্ৰটোৱে সদৰী কৰি আলফা (স্বা)ত যোগদানক কেন্দ্র কৰি চৰ্চা চলিছে যদিও পূর্বতকৈ পৰিৱেশ বহু উন্নত বুলি কয়।
আৰক্ষীৰ সূত্ৰটোৱে কয়, ‘জিলাখনৰ পৰা অভাৱত পৰি আলফা (স্বা)লৈ যোৱাৰ কাৰণ হ’ব নোৱাৰে। বিশেষকৈ সমাজত নিজৰ এক পৰিচয় তথা স্বীকৃতি বিচাৰি বহুতে এই পন্থা গ্রহণ কৰাৰ তথ্য আছে। সেই অনুসাৰে এই পন্থাত গলে বা উভতি অহাৰ পাছতো আমাৰ সমাজে এখন আসন দিয়ে, সন্মানীয় পদ প্রদান কৰে। ফলত নিজৰ এক পৰিচয় বিচাৰিয়েই জিলাখনৰ পৰা যোগদান অব্যাহত আছে। উল্লেখ্য যে এসময়ত জিলাখনত এখন গাঁৱৰ পৰা ২০-২১ জন আলফাৰ সদস্য আছিল আৰু এতিয়া দুই-এজন কৈ গৈ আছে; কিন্তু আগৰ সেই পৰিৱেশ নাই বুলি আৰক্ষীৰ সূত্ৰটোৱে দাবী কৰে।
ইফালে ম্যানমাৰৰ সীমান্তৱর্তী অঞ্চলত সামৰিক বাহিনীৰ টহল হ্রাস পাইছে বুলি খবৰ প্ৰকাশ পাইছে৷ অসমৰ সীমামুৰীয়া ৰাজ্য নগালেণ্ড-মণিপুৰলৈ ম্যানমাৰ প্ৰৱেশৰ সীমান্তৱৰ্তী অঞ্চলত শেহতীয়াকৈ সামৰিক বাহিনীৰ টহল হ্রাস হোৱাৰ বাবেই উগ্রপন্থী সংগঠনৰ শিবিৰত প্ৰৱেশ কৰাটো সহজ হৈ পৰিছে বুলি অসম আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰিছে।
পেৰা কামাণ্ডোৰ ওপৰত হোৱা আক্ৰমণৰ পাছতে সেনা টহল সীমান্তৱর্তী অঞ্চলসমূহত হ্রাস পোৱাত মণিপুৰৰ মৰে আৰু নগালেণ্ডৰ মন জিলা হৈ বিনাবাধাই ম্যানমাৰত প্ৰৱেশৰ পথ সুচল হৈছে বুলি সূত্ৰটোৱে সদৰী কৰি কয়, ‘উজনিৰ যিটো পথ আছিল, নতুন সদস্যভর্তি অভিযানত ব্যৱহাৰ কৰা নাই আলফা (স্বা)ই।
সম্প্রতি যিসকলে যোগদান কৰিছে, গৰিষ্ঠসংখ্যকে চেন্নাই-বাংগালুৰুত কাম কৰিবলৈ বুলি প্রথমে ঘৰৰ পৰা ওলাই গৈছে। পৰৱর্তী সময়ত ডিমাপুৰত উপস্থিত হৈ মন আৰু মৰে জিলাৰ মাজেৰে শিবিৰত প্ৰৱেশ কৰাৰ তথ্য পোৱা গৈছে।
উল্লেখ্য যে বহু আলফা (স্বা) সদস্য সামজিক মাধ্যমত সক্রিয় হৈ থকাৰ তথ্য আৰক্ষী-চোৰাংচোৱাই লাভ কৰাৰ সমান্তৰালভাৱে এই মাধ্যমৰ জৰিয়তে সদস্যভর্তি অভিযান অব্যাহত ৰখা বুলি আৰক্ষীৰ শীর্ষ সূত্ৰটোৱে সদৰী কৰিছে।
এতিয়া প্ৰশ্ন হয় অগপৰ শাসন কালত ৰাজ্যত আলফা ঠন ধৰি উঠাৰ দৰে পুনৰায় ঠন ধৰি উঠিব নেকি আলফাকে আদি কৰি আন আন উগ্ৰপন্থী সংগঠনে ? অনাগত সময়ত সেয়া হব লক্ষণীয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি