Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:16 am

Home » আঞ্চলিক » অসম » Appointment letters distribution : ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯৫৮ টা পদৰ নিযুক্তি প্ৰদান

Appointment letters distribution : ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯৫৮ টা পদৰ নিযুক্তি প্ৰদান

  • সমাজৰ নিঃস্বজনৰ জীৱনলৈ পৰিৱৰ্তন আনিব পৰাকৈ কৰ্মত ব্ৰতী হোৱাৰ পণ লোৱাৰ লগতে নিজ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হৈ থাকিবলৈ নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকললৈ আহ্বান মুখ্যমন্ত্ৰীৰ
  • প্ৰতিটো সংকল্পক সিদ্ধিৰ পথলৈ লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে: মুখ্যমন্ত্ৰী
গুৱাহাটী:  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯৫৮ টা পদৰ নিযুক্তি প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ ৰাজ্যৰ ইতিহাসত সৰ্ববৃহৎ এই নিযুক্তি প্ৰদান অনুষ্ঠানটিত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ১৭ গৰাকী যুৱক-যুৱতীৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰি সমগ্ৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ উল্লেখ্য যে, আজি নিযুক্তি প্ৰদান কৰা পদসমূহৰ ভিতৰত গৃহ বিভাগত জ্জ্ব,৮৬৭ টা, শিক্ষা বিভাগত ১১,০৬৩ টা, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩৩০ টা, জলসম্পদ বিভাগত ১০৫ টা, সমাজ কল্যাণ বিভাগত ৬৯ টা, স্বাস্থ্য বিভাগত ২,৪১৯, কৃষি বিভাগত ৫৫ টা, পৰিৱেশ আৰু বন বিভাগত ২৩ টা, লোকনিৰ্মাণ [পথ] বিভাগত জ্জ্ব টা, খনি আৰু খনিজ পদাৰ্থ বিভাগত ২ টা আৰু শ্ৰমিক কল্যাণ বিভাগত ১৭ টা পদত নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে৷

খানাপাৰাৰ জনাকীৰ্ণ খেলপথাৰখনত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলক নিজ কৰ্তব্য পথত নিষ্ঠা আৰু সততাৰে আগবাঢ়ি যাবলৈ সংকল্পবদ্ধ হ’বলৈ আহ৩ান জনায়৷ তেওঁ কয় যে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে ৰ লাখ চৰকাৰী নিযুক্তি আৰু ২ লাখ কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি অসমৰ জনসাধাৰণক নিৰ্বাচনৰ প্ৰচাৰ অভিযান কালত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ দিশে ৰাজ্য চৰকাৰে ক্ৰমাগতভাৱে অগ্ৰসৰ হৈছে৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ পৰৱৰ্তী প্ত টা মাহ ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিব লগা হৈছিল৷ সেই সময়ত জনসাধাৰণৰ জীৱন ৰক্ষা কৰাটোৱেই আছিল চৰকাৰৰ সৰ্বোচ্ছ প্ৰাথমিকতা৷ ক’ভিডে সৃষ্টি কৰা আতংকময় পৰিৱেশ শেষ হোৱাৰ পিছতে ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত বদ্ধিৰ্ত আৰ্থিক সাহায্য, ৰাজ্যৰ মহিলা সকলৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আঁচনি প্ৰৱৰ্তনকে ধৰি বহু পদক্ষেপ লৈ নিষ্ঠা আৰু সততাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণৰ দিশে আগবাঢ়িছে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ প্ৰতিগৰাকী সদস্যই প্ৰতিশ্ৰুতিবোৰ পালনৰ বাবে দায়িত্বভাৰ লোৱাৰ প্ৰথম দিনটোৰ পৰাই কৰ্মযজ্ঞত নামি পৰিছিল আৰু প্ৰতিটো দিন, প্ৰতিটো পল কৰ্মযজ্ঞত সমৰ্পণ কৰাৰ সেই ইচ্ছা আৰু আগ্ৰহৰ ফলতে ইতিমধ্যে চ্ছ্ৰ,৭৭৯ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাটো সম্ভৱ হৈ উঠিছিল৷ এই প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি পুনৰ ২২,৯৫৮ টা পদৰ বাবে নিযুক্তি প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১১ চনত তেখেতে শিক্ষা মন্ত্ৰী হিচাপে দায়িত্ব বহন কৰি থকা সময়ছোৱাত নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে টে’ট উত্তীৰ্ণসকলক নিযুক্তি দিয়াৰ সৌভাগ্য হৈছিল৷ তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছত এইবাৰো যাতে কোনো ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰাকৈ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ হয় সেই দিশত বিশেষ গুৰুত্ব দিবলৈ সতীৰ্থ মন্ত্ৰী তথা বিষয়াসকলক তেওঁ আহ৩ান জনাইছিল৷ বিষয়া-কৰ্মচাৰীসকলৰ যদি সদিচ্ছা নাথাকে তেতিয়া নিকা নিযুক্তি সম্ভৱ হৈ নুঠে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আজিৰ এই নিযুক্তি প্ৰদান প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷
আজি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থকা যুৱক-যুৱতীসকলক উদ্বুদ্ধ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই তেওঁলোকক সমাজৰ নিঃস্বজনৰ জীৱনলৈ পৰিৱৰ্তন আনিব পৰাকৈ কৰ্মত ব্ৰতী হোৱাৰ পণ ল’বলৈ আহ৩ান জনায়৷ তেওঁ কয় যে দুৰ্নীতিক প্ৰশ্ৰয় নিদি সমাজৰ দুখীয়া-দৰিদ্ৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ সেই পণ আৰু সংকল্পইহে জীৱন মহীয়ান কৰিব৷ অসমৰ চৰকাৰী চাকৰিয়ালসকলে ৰাজ্যখনৰ ভাগ্যৰ পৰিৱৰ্তন কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে লোৱা ‘মিছন বসুন্ধৰা’ আদিকে ধৰি বিভিন্ন আঁচনি তথা পদক্ষেপসমূহে জনসাধাৰণৰ মাজত আশাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু এখন নতুন অসম নিৰ্মাণৰ পথত আমি ধাবমান হৈছো৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহু পৰিকল্পনা আৰু সহযোগিতাই ৰাজ্য চৰকাৰক সেই পথত আগুৱাই যাবলৈ প্ৰেৰণা দিছে বুলিও তেওঁ কয়৷
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে প্ৰতিটো সংকল্পক সিদ্ধিৰ পথলৈ লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে আৰু সেই তৎপৰতাৰ আধাৰতে আগন্তুক কিছু দিনৰ ভিতৰত পুনৰ জ্জ-জ্জ্ব হাজাৰ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ বাবে যাৱতীয় উদ্যোগ গ্ৰহণ কৰা হৈছে৷ চলিত বৰ্ষৰ জুলাই মাহৰ শেষৰ সপ্তাহত নতুনকৈ চ্ছ হাজাৰ পদত নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ ভাষণ প্ৰসংগত তেওঁ আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলক নিজ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হৈ থাকিবলৈ আহ৩ান জনায়৷

ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, পৰিমল শুক্লবৈদ্য, কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, যোগেন মহন, অজন্তা নেওগ, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপৰি অতিৰিক্ত মুখ্য সচিব আৰু প্ৰধান সচিব সকলকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি