চাৰিওফালে
প্ৰতিবাদৰ হিংসা বন্ধ কৰিবলৈ সেনাবাহিনী ক্ষমতা লাভ কৰাৰ পিছত, শ্ৰীলংকাৰ সেনাই দৃঢ়
হাতেৰে প্ৰতিবাদ দমন কৰাত সক্ৰিয় হৈ পৰিছে। মঙলবাৰে সন্ধিয়া দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে
জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে সশস্ত্ৰ বাহিনীক হিংসা প্ৰতিৰোধ কৰিবলৈ “দেখামাত্ৰই
গুলী চালনা” কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে সমগ্ৰ শ্ৰীলংকাত জাৰি কৰা জৰুৰীকালীন
অৱস্থা অহা ১১ মে’ লৈ বৃদ্ধি কৰা হৈছে।