Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:33 pm

Home » আঞ্চলিক » Gunotsav 2022: গুণণাৎসৱ উপলক্ষে ছিপাঝাৰৰ দুখন বিদ্যালয় পৰিদর্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

Gunotsav 2022: গুণণাৎসৱ উপলক্ষে ছিপাঝাৰৰ দুখন বিদ্যালয় পৰিদর্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

ভাৰতবৰ্ষৰ বৌদ্ধিক সমাজক নেতৃত্ব দিব পৰাকৈ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো গঢ়ি তােলাৰ ওপৰত মুখ্যমন্ত্ৰীৰ গুৰুত্ব আৰােপ

দিছপুৰ, ১১ মেঃ গুণােৎসৱ-২০২২ৰ প্রথম পর্যায়ৰ সৈতে সংগতি ৰাখি আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দৰং জিলাৰ ছিপাঝাৰৰ ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয় আৰু বি জে বালিকা নিম্ন বুনিয়াদী বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে বিদ্যালয় দুখনৰ শৈক্ষিক ব্যৱস্থা আৰু আন্তঃগাঁথনিৰাে বুজ লয়। উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হােৱা এই গুণােৎসৱ তিনিটা পর্যায়ত ৪ জুন পর্যন্ত চলিব।
পৰিদৰ্শন কালত ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গুণােৎসৱে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ বৰ্তমানৰ পৰিস্থিতিৰ লগতে বিদ্যালয়সমূহে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰাজিৰ বিষয়ে বুজাত তথা সেইসমূহৰ নিৰাময়ৰ বাবে গ্রহণ কৰিবলগীয়া পদক্ষেপৰ পৰিকল্পনাত যথেষ্ট সহায় কৰে। এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কোনাে কাৰণতে গুণােৎসৱক যতি পৰিবলৈ দিব নালাগিব আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক জাগ্রত কৰি তুলিব লাগিব। ৰাজ্য চৰকাৰে নিষ্ঠাৰে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধানৰ দিশত কাম কৰি আহিছে বুলি মন্তব্য কৰি অসম চৰকাৰৰ শিক্ষা বিভাগক প্রতি বছৰে যাতে নিয়মীয়াকৈ গুণােৎসৱ অনুষ্ঠিত হয় সেয়া নিশ্চিত কৰিবলৈ কয়।

কভিড মহামাৰীৰ ফলস্বৰূপে শিক্ষা ব্যৱস্থা যথেষ্ট পৰিমাণে ক্ষতিগ্রস্ত হােৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনলৈ পূর্বৰ অৱস্থা ঘূৰাই আনিবলৈ অসম চৰকাৰে নিৰবচ্ছিন্নভাৱে পদক্ষেপ লৈ আহিছে। ৰাজ্য চৰকাৰে শিক্ষা খণ্ডত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সুফল ভাৰত চৰকাৰৰ শিক্ষা খণ্ডৰ মূল্যায়নত স্পষ্টকৈ ফুটি উঠিছে। মুখ্যমন্ত্রী শর্মাই লগতে ৰাজ্য চৰকাৰে শিক্ষা খণ্ডৰ প্ৰগতিৰ দিশত শিক্ষক-শিক্ষয়িত্রী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক সক্রিয় সহযােগিতা আগবঢ়াবলৈ আহ্বান জনায়।।
অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অসমীয়া আৰু ইংৰাজী ভাষাৰ সংমিশ্রণেৰে এক হাইব্রীড পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানৰ বিষয়ে চিন্তা-চর্চা কৰিছে। এই কথা সদৰি কৰি মুখ্যমন্ত্রী শর্মাই কয় যে মাতৃভাষাৰ লগতে ইংৰাজী, হিন্দী আদি ভাষাৰ জ্ঞান ভালদৰে আয়ত্ব কৰিলে ছাত্র-ছাত্রীসকলৰ ভৱিষ্যতে কর্ম সংস্থাপনৰ সুযােগ ৰাজ্যৰ ভিতৰতে সীমাবদ্ধ নহৈ দেশৰ বিভিন্ন অঞ্চললৈ সম্প্রসাৰিত হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ‘ৰ’টেচনেল’ ব্যৱস্থাৰে শিক্ষকসকলক একেখন জিলাৰ ভিতৰতে নির্দিষ্ট সময়ৰ মূৰে মূৰে সালসলনি কৰাৰ কথা ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিছে যাতে অতিশয় ভিতৰুৱা আৰু দুর্গম অঞ্চলত দীঘলীয়া সময় ধৰি শিক্ষাদান কৰি থকা শিক্ষকসকলেও অন্য ঠাইত শিক্ষাদান কৰাৰ সুযােগসুবিধা লাভ কৰে আৰু ইয়াৰ জৰিয়তে তেওঁলােকৰ মনােবল বৃদ্ধি পায়। অৱশ্যে ইয়াৰ বাবে শিক্ষক সমাজেও সহযােগিতাৰে আগবাঢ়ি আহিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।।
আন্দোলন শব্দটোৰ বিৰােধিতাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰম্ভ হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে টেট উত্তীর্ণ শিক্ষকসকলক উদ্দেশ্য কৰি কয় যে তেওঁলােকৰ কথা শুনিবলৈ তেওঁ সদায় আগ্রহী। শিক্ষকসকলক আন্দোলনৰ পথ নল’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে আমি এনে এখন অসম গঢ় দিব লাগিব যিয়ে ভাৰতবৰ্ষৰ বৌদ্ধিক সমাজক নেতৃত্ব দিব পাৰে।
পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে ছাত্র-ছাত্রীসকলক বিভিন্ন প্রশ্ন সুধি বিষয়বস্তু সম্পর্কে তেওঁলােকৰ জ্ঞানৰাে সম্যক বুজ লয়। | মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন কালত শিক্ষামন্ত্রী ডাঃ ৰণােজ পেগু, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, সমগ্র শিক্ষা অসমৰ অভিযান সঞ্চালক ৰৌচনী অপৰাঞ্জী কোৰাটীও উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি