Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:48 am

Home » আঞ্চলিক » অসম » নিৰাপত্তাহীনতাত ভূগিছে নেকি চৰকাৰী বিষয়া?

নিৰাপত্তাহীনতাত ভূগিছে নেকি চৰকাৰী বিষয়া?

  • কৰ্তব্যৰত এগৰাকী বিষয়াক শাৰিৰীকভাৱে আক্ৰমণ কৰাৰ অধিকাৰ ক’ত পালে সাংবাদিকে?
  • প্ৰসঙ্গ- ধুবুৰী জিলাৰ সোনাৰহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰত ছিণ্ডিকেটৰাজ৷

সাংবাদিকৰ কাম-কাজক লৈ প্ৰশ্ন উত্থাপন হোৱাটো নতুন বিষয় নহয়৷ কিন্তু একাংশ সাংবাদিকৰ কাম-কাজৰ লজ্জানত হয় সমগ্ৰ সংবাদ মাধ্যম৷ সোনাৰহাটত ছিণ্ডিকেটৰাজ চলি থকাৰ বাতৰি প্ৰায়েই শিৰোনাম দখল কৰে৷ পিছে আজিৰ এই প্ৰতিবেদন ছিণ্ডিকেটৰাজক লৈ নহয়৷ সোনাৰহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰত কোনে আৰু কেনেদৰে ছিণ্ডিকেট চলাই থাকে সেই সন্দৰ্ভত পৰৱৰ্তী প্ৰতিবেদনত বিস্তাৰিতভাৱে উল্লেখ কৰিম৷ কিন্তু আজিৰ প্ৰতিবেদন ছিণ্ডিকেটৰাজৰ নামত দোষীক নিৰ্দোষী সজাই বাতৰি পৰিৱেশন কৰাটো কিমান যুক্তি সংগত৷ সোনাৰহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰত সততাৰে দায়িত্ব তথা নিজৰ কৰ্তব্য পালন কৰা চৰকাৰী বিষয়া এগৰাকীৰ নিৰাপত্তা কিমান? সোনাৰহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰত চলি থকা ছিণ্ডিকেটৰাজৰ একাধিক অভিযোগৰ ভিত্তিত ধুবুৰী জিলাৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকে ধৰি জিলা প্ৰশাসনে ঠাইখনত উপস্থিত হৈ পৰিস্থিতৰ বুজ লয়৷ ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ স্বাৰ্থত জিলা প্ৰশাসনে নিজাববীয়াকৈ গ্ৰহণ কৰে একাধিক সিদ্ধান্ত৷
জিলা প্ৰশাসনৰ এনে পদক্ষেপৰ পিছতেই ছিণ্ডিকেটৰাজ বন্ধ হোৱাৰ লগতে সকলো বৈধ ব্যৱসায়ীসকলে স্বস্তিৰে ব্যৱসায় কৰাৰ সুযোগ লাভ কৰে৷ কিন্তু প্ৰ্শাসনৰ এনে সিদ্ধান্তৰ পিছতে ছিণ্ডিকেট চলোৱা চক্ৰটো অগ্নিশৰ্মা হৈ পৰে৷ চক্ৰটোৱে ছিণ্ডিকেট চলাব নোৱাৰি স্থানীয় লোকক উচটাই প্ৰায়ে তাত কৰ্তব্যৰত চৰকাৰী বিষয়া আক্ৰমণ কৰিবলৈ উঠি পৰি লাগিবলৈ আৰম্ভ কৰে৷ তাৰেই বহিঃপ্ৰকাশ ঘটিল ১০ এপ্ৰিল, ২০২২, ছিণ্ডিকেট চলাব নোৱাৰা চক্ৰটোৱে স্থানীয় একাংশ সাংবাদিকৰ সহযোগত কেন্দ্ৰীয় সীমাশুল্ক বিষয়া এজনক কৰিলে অপদস্থ, শাৰীৰিক নিৰ্যাতন।
আন দিনাৰ দৰেই পৰিদৰ্শক আনিছুৰ আহমেদে সীমান্তৰ বিভাগীয় চকীত বহি নিজৰ কৰ্তব্য পালন কৰি আছিল। সেই সময়তে একাংশ সাংবাদিকে আহমেদৰ পৰা বিচাৰে শেহতীয়া কিছু দুৰ্নীতিৰ অভিযোগৰ বাতৰি সম্পৰ্কে বক্তব্য। আহমেদে কৰ্মৰত অৱস্থাত থকা হেতুকে তথা বিভাগীয় ভাবে দায়িত্বপ্ৰাপ্ত নহয় বুলি কৈ বক্তব্য দিবলৈ অস্বীকাৰ কৰে। তাৰ পাছতো নাচোৰবান্দা সাংবাদিকৰ দলটোৱে আহমেদক চাপ দিয়ে বক্তব্য দিবলৈ। মন কৰক এই দৃশ্যটিলৈ৷ ৷বিষয়াগৰাকীৰ পৰা ভাষ্য গ্ৰহণৰ নামত এজনে যদি পিছফালৰ ঠেলি দিছে আনজনে আকৌ আগুচি ধৰি হাত টানি ধৰিছে৷ একেদৰে ছিণ্ডিকেট চক্ৰটোৱে উচটাই জমা কৰা স্থানীয় লোকেও ঘেৰি ধৰে বিষয়াজনক। উপৰ্যুপৰি প্ৰশ্নবান আৰু হেঁচাত পৰিদৰ্শকজনে বাধ্য হৈ উৰ্ধতন সংশ্লিষ্ট বিষয়াক ফোন কৰি অৱগত কৰি নিজৰ কাৰ্যালয়লৈ যাব বিচাৰে। ঠিক তেতিয়াই ঘটিল আন এক ভয়ংকৰ কাণ্ড। মিডিয়াৰ নামধাৰী সকলে দৌৰি দৌৰি গৈ বিষয়াজনক টানি ধৰে। তাৰে এজনে বিষয়াগৰাকীৰ নোবাইল বন্ধ কৰিবলৈও ভাবুকি প্ৰদান কৰে৷ ফলত নিজকে এৰুৱাই কাৰ্যালয়লৈ সোমাব বিচাৰোতেই দুজনমানে গৈ মুখ্য দুৱাৰখন শিকলিৰে বন্ধ কৰি দিয়ে আৰু ঘেৰি ধৰি চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰে। ভীতিগ্ৰস্ত হৈ বিষয়াজনে স্থানীয় আৰক্ষীক ফোন কৰে। ফোন কৰিয়ে বিষয়াজনে নিৰুপায় হৈ এইবাৰ আশ্ৰয় ল’বলৈ বি এছ এফৰ বুথৰ ফালে আগবাঢ়ে। ঠিক তেতিয়াই সাংবাদিক নামধাৰী দুজনমানে গৈ এনেদৰেই বিষয়াজনক কৰে শাৰিৰিক আক্ৰমণ। বিষয়াজনে নিজকে কোনোমতে এৰুৱাই লৈ দ্ৰুতগতিৰে গৈ নিকটবৰ্তী বিএছএফৰ কাষত গৈ আশ্ৰয় লয়। ফলত বন্ধ হৈ যায় বন্দৰৰ সেইদিনৰ আন্তৰ্জাতিক বাণিজ্য। ক্ষতি হয় কোটি টকাৰ চৰকাৰী ৰাজহৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত বিষয়াজনে সিদিনাই সংবাদিকসহ কেইজনমান লোকৰ বিৰুদ্ধে গোলোকগঞ্জ থানাত দাখিল কৰে এজাহাৰ।
কৰ্তব্যৰত সাংবাদিকক সাংবাদিকক আক্ৰমণ কৰাটো যেনেদৰে অপৰাধ, ঠিক তেনেদৰে সাংবাদিকেও বাতৰি সংগ্ৰহৰ নামত কোনো লোকক শাৰিৰীকভাৱে আক্ৰমণ কৰাটোও অপৰাধ৷ চৰকাৰী বিষয়া এজনৰ বিৰুদ্ধে অভিযোগ থাকিলে নাইবা দুৰ্নীতিৰ তথ্য প্ৰমাণ থাকিলে তেনে লোকৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ শাৰিৰীকভাৱে অপদস্থ কৰাৰ দৰে আইন হাতত তুলি লোৱাৰ অধিকাৰ সাংবাদিকৰ নাই৷ অভিযোগৰ ভিত্তিত নিজৰ মন্তব্য প্ৰকাশ কৰি আত্মপক্ষৰ সুবিধা গ্ৰহণ নকৰাটো সেয়া লোকজনৰ ব্যক্তিগত কথা৷ পিছে সমগ্ৰ ঘটনা সন্দৰ্ভত গোলকগঞ্জ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ৷ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ সত্যাসত্য৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি