Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:07 am

Home » আঞ্চলিক » অসম » মুখ্যমন্ত্ৰীৰ সৈতে অসম সাহিত্য সভাৰ আলোচনা

মুখ্যমন্ত্ৰীৰ সৈতে অসম সাহিত্য সভাৰ আলোচনা

ভাষাৰ সুৰক্ষা আৰু ইউনিক’ডত লিপিৰ স্বতন্তৰীয়া স্থানৰ দাবীত স্মাৰক-পত্ৰ প্ৰদান


গুৱাহাটী : অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহত অসমৰ ভাষা আইনৰ দ্বাৰা স্বীকৃত আটাইকেইটা চৰকাৰী ভাষা অৱহেলিত হোৱাৰ উপক্ৰম হোৱাত তীব্ৰ আক্ষেপ প্ৰকাশ কৰিছে অসম সাহিত্য সভাই৷ অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰযোগে বিষয়টো সন্দৰ্ভত সভাৰ স্থিতি স্পষ্ট কৰি কয়– ভাৰতৰ অধিকাংশ ৰাজ্যৰ লোকসেৱা আয়োগৰ দৰে অসম লোকসেৱা আয়োগেও পৰীক্ষাসমূহত ৰাজ্যখনৰ চৰকাৰী ভাষাৰ ন্যুনতম জ্ঞান [ক’ব, পঢ়িব আৰু লিখিব পৰাৰ] যোগ্যতা নিৰ্ণায়ক পৰীক্ষা বাধ্যতামূলক হোৱাতো অসম সাহিত্য সভাই প্ৰয়োজন বুলি বিবেচনা কৰে৷ এইক্ষেত্ৰত সভাই অসম চৰকাৰে প্ৰণয়ন কৰা অসম লোকসেৱা আয়োগৰ বিধি [আগষ্ট-২০১৯] ইয়াৰ আধাৰতে লোকসেৱা আয়োগৰ পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাতো বিচাৰে৷ লগতে সভাৰ সভাপতি-প্ৰধান সম্পাদকে ৰাজ্যভাষা আইন অনুযায়ী অসম চৰকাৰে প্ৰশাসনীয় কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগে আৰু এই আইন ৰূপায়ণৰ খাতিৰতে ৰাজ্যভাষা জনা লোককহে চৰকাৰী চাকৰিত মকৰল কৰিব লাগে বুলি মত আগ বঢ়ায় যাতে এনে ব্যৱস্থাৰ জৰিয়তে সফল সুচল ৰাজ্য প্ৰশাসনত সহায় কৰাৰ উপৰি অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিত সহায় কৰে৷
সভাৰ সভাপতি-প্ৰধান সম্পাদকে স্মাৰক-পত্ৰত এই কথাও উল্লেখ কৰে যে– গুৱাহাটী উচ্ছ ন্যায়ালয়ে ইতিমধ্যে ন্যায়পালিকাৰ বিষয়া-কৰ্মচাৰী মকৰল কৰোঁতে প্ৰাৰ্থীসকলৰ অসমীয়া ভাষাৰ জ্ঞান থকাটো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি সেই সম্পৰ্কে প্ৰাৰ্থীসকলক পৰীক্ষা কৰাৰ পোষকতা কৰিছে আৰু সেইমতে পৰীক্ষা অনুষ্ঠিত কৰি আহিছে৷ কেন্দ্ৰীয় লোকসেৱা আয়োগেও ভাৰতীয় সংবিধানৰ অষ্টমসূচীৰ যিকোনো এটা ভাষাৰ জ্ঞান ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত বাধ্যতামূলক কৰিছে৷ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ,¸ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগকে ধৰি বিভিন্ন বিভাগে অসমীয়াকে ধৰি চৰকাৰী ভাষাৰ জ্ঞান তেওঁলোকৰ চাকৰিয়াল মকৰলৰ বাবে যোগ্যতা নিৰ্ণায়ক ৰূপে চিহ্নিত কৰি পৰীক্ষা অনুষ্ঠিত কৰিছে৷ এনে অৱস্থাত অসম লোকসেৱা আয়োগেও অসমীয়া আৰু অসমৰ চৰকাৰী ভাষাৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষা বাতিল কৰা সিদ্ধান্ত অসম সাহিত্য সভাই দূৰ্ভাগ্যজনক বুলি অভিহিত কৰি পুনৰবাৰ সভাৰ স্থিতি দোহাৰি এই ক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিছাৰিছে৷ ইয়াৰ উপৰি সভাপতি-প্ৰধান সম্পাদকে ইউনিক’ডত অসমীয়া লিপিৰ স্বতন্তৰীয়া স্থান সম্পৰ্কত চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰিব লগা প্ৰতিবেদন আজিকোপতি নপঠোৱাত উদ্বেগ প্ৰকাশ কৰি অতিশীঘ্ৰেই এই সম্পৰ্কত ব্যৱস্থা ল’বলৈ আহ৩ান জনায়৷ উল্লেখ্য যে এই সন্দৰ্ভত সভাৰ তৰফৰ পৰা চাৰিখনকৈ চিঠি চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ ইফালে খিলঞ্জীয়া ভাষাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে ৰাজ্যখনৰ সকলো মাধ্যমৰ শিক্ষানুষ্ঠানত বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়৷ লগতে স্মাৰক-পত্ৰত এই কথাও উল্লেখ কৰা হয় যে ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে তেওঁলোকৰ ৰাজ্যভাষা কেন্দ্ৰীয় বিদ্যালয় আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত বাধ্যতামূলক অন্তৰ্ভুক্তি নিশ্চিত কৰিছে৷ ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰেও নতুন শিক্ষানীতিৰ জৰিয়তে মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰাৰ পোষকতা কৰাৰ কথাও জড়িত হৈ আছে৷ অসমো এই দিশত পিছ পৰি থাকিব নালাগে বুলি অসম সাহিত্য সভাই বিবেচনা কৰে৷ ইফালে সভাপতি-প্ৰধান সম্পাদকে মুখ্য মন্ত্ৰীক অসমৰ সকলো চৰকাৰী-অৰ্ধচৰকাৰী নিযুক্তি প্ৰক্ৰিয়াত থলুৱা খিলঞ্জীয়া লোকৰ নিযুক্তিহে বিবেচনা কৰিবলৈ আহ৩ান জনোৱাৰ লগতে সভাপতি-প্ৰধান সম্পাদকে অসম সাহিত্য সভাৰ ২০২৩ বৰ্ষৰ নাৰায়ণপুৰ অধিৱেশন সাফল্যমণ্ডিত কৰি তোলাৰ স্বাৰ্থত আদৰণি সমিতিয়ে প্ৰস্তুত কৰা সকলো আন্তঃগাঁথনি উন্নয়ন কৰি অধিৱেশন সফল ৰূপায়ণ কৰিবৰ বাবে মুখ্য মন্ত্ৰীক অনুৰোধ কৰে৷
সভাৰ সভাপতি-প্ৰধান সম্পাদকে অসম সাহিত্য সভালৈ অসম চৰকাৰে প্ৰদান কৰা বাৰ্ষিক সাহায্য পূঁজিৰ পৰিমাণ পূৰ্বৰ অনুপাতে অতি কম দিয়াৰ বাবেই সভা গভীৰ সংকটৰ সন্মুখীন হোৱা কথাটো মুখ্য মন্ত্ৰীক অৱগত কৰে৷ যাৰ কাৰণে সভাই হাতত লোৱা বহু প্ৰকল্পৰ কাম সম্পন্ন কৰিব পৰা নাই আৰু কৰ্মচাৰীকো দৰমহা দিব পৰা নাই৷ অলপতে অসম সচিবালয়ত অনুষ্ঠিত এই আলোচনাত মুখ্য মন্ত্ৰীয়ে সভাৰ গোটেইকেইটা প্ৰস্তাৱ বিবেচনা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি