Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:31 pm

Home » আঞ্চলিক » অসম » থলুৱা ভূমিহীন লোকৰ ভূমি অধিকাৰৰ দাবীত গুৱাহাটীত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

থলুৱা ভূমিহীন লোকৰ ভূমি অধিকাৰৰ দাবীত গুৱাহাটীত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

বহিৰাগত পুঁজিপতি বণিয়াক অসমৰ মাটি হস্তান্তৰ কৰাৰ বিৰোধিতা
গুৱাহাটী : থলুৱাক ভূমিৰ অধিকাৰ, ভূমিহীন লোকসকলক মাটিৰ পট্টা প্ৰদান আৰু বহিৰাগত পঁুজিপতি বণিয়াক অসমৰ মাটি হস্তান্তৰ বন্ধ কৰাৰ দাবীত আজি পুনৰ উত্তাল হ’ল গুৱাহাটীৰ ৰাজপথ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদে্যাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় প্ত শতাধিক ভূমিহীন লোক আৰু সংগঠনটোৰ কৃষ¸ক কম¹য়ে পুনৰ উত্থাপন কৰিলে ভূমি অধিকাৰৰ প্ৰসংগ৷ উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে নিবৰ্াচনৰ পূবেৰ্ প্ৰকাশ কৰা তেওঁলোকৰ ভিজন ডকুমেণ্টত অসমত বসবাস কৰা ২৩ লাখ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দিয়াৰ কথা ঘোষণা কৰিছিল৷ 
কিন্তু চৰকাৰ গঠন কৰাৰ দহ মাহ পিছতো অসমৰ থলুৱা লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কোনো কাৰ্যকৰী ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ কৰা নাই৷ উল্লেখযোগ্য যে এতিয়ালৈকে অসমত ৩০ শতাংশতকৈও অধিক ভূমিহীনকৃষক পৰিয়াল আছে৷ বান, গৰাখহনীয়াত আক্ৰান্ত হৈ প্ৰায় প্ত লাখ পৰিয়ালে নিজৰ মাটি-ভেঁটি হেৰুৱাই মথাউৰি অথবা পাহাৰ, বনাঞ্চল, জলাশয় পাৰ আদি বিভিন্ন চৰকাৰী ভূমিত অস্থায়ীভাৱে বসবাস কৰি আছে৷ দীৰ্ঘদিন ধৰি ৰাজ্যৰ এনে বহু ভূমিহীন পৰিয়ালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মাটিৰ পট্টা প্ৰদান আৰু পুনৰ সংস্থাপনৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিছে যদিও কোনো এখন চৰকাৰেও থলুৱা ভূমিহীন পৰিয়ালৰ মৰ্মবেদনা উপলব্ধি কৰিব পৰা নাই৷ যাৰ বাবে অসমৰ ভূমিহীন লোকসকলৰ ভূমি সমস্যাৰ বিষয়টোৱে আজিও এক জলন্ত সমস্যা হিচাপে চিহ্নিত হৈ আহিছে৷ আনকি একাধিকবাৰ ভূমি অধিকাৰৰ দাবীত ৰাজপথত আন্দোলন কৰি কেইবাজনো লোকে আৰক্ষীৰ গুলীত ছহিদীবৰণ কৰিবলগীয়া হোৱাৰ উপৰিও থলুৱা ভূমিপুত্ৰই নিজৰ অধিকাৰৰ দাবীত চৰম ত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু পৰিতাপৰ বিষয় এই যে অসমত যুগ যুগ ধৰি বসবাস কৰি অহা থলুৱা ভূমিপুত্ৰসকলক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি বহিৰাগত পুঁজিপতি বণিয়াৰ হাতত চৰকাৰে ৰাজ্যৰ বহু মূল্যৱান মাটি হস্তান্তৰ কৰিছে৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে ৰেল বিভাগৰ অধীনত থকা অতিৰিক্ত মাটি বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ গুৱাহাটী মহানগৰীৰ দাঁতি-কাষৰীয়া কামৰূপ আৰু কামৰূপ মহানগৰ জিলাতে যোৱা এটা দশকত প্ৰায় এক লাখ বিঘাতকৈয়ো অধিক মাটি থলুৱা কৃষকৰ হাতৰ পৰা পুঁজিপতি বণিয়াৰ হাতলৈ হস্তান্তৰিত হৈছে৷ 
এইদৰে অসমৰ প্ৰায় সকলো জিলাতে থলুৱা কৃষক পৰিয়ালৰ হাতত থকা বহু মাটি আৰু বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি অতি কম মূল্যত পুঁজিপতি বণিয়াক গতাই দিয়াৰ ফলত দিনক দিনে থলুৱা ভূমিহীন লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ সেয়েহে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদে্যাগত সংগঠনটোৰ জন্মলগ্নৰে পৰা অন্যতম এটা মূল দাবী অসমত বসবাস কৰা থলুৱা লোকসকলক মাটিৰ পট্টা প্ৰদানৰ উদ্দেশ্য আজি গুৱাহাটীৰ ৰটাৰী ক্লাৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷ সংগঠনটোৰ কম¹সকলে হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন, বেনাৰ লৈ “থলুৱা ভূমিহীন লোকসকলক মাটিৰ পট্টা প্ৰদান কৰক”,“অসমৰ মাটি বহিৰাগত পুঁজিপতি বণিয়াক গতাই দিয়া নচলিব”, “কৃষিভূমি অনা কৃষি কাৰ্যত ব্যৱহাৰ কৰা বন্ধ কৰক”,“মাটিৰ পট্টা দিব নোৱাৰা বিজেপি চৰকাৰ হায় হয়”,“কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ”,“গুৱাহাটীবাসীক মাটিৰ পট্টা প্ৰদান কৰক” আদি বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ আজিৰ কাৰ্যসূচীত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক বিদু্যৎ শইকীয়াই কয় যে বিভিন্ন সময়ত ৰাজ্য চৰকাৰে অসমৰ থলুৱা পৰিয়ালক ভূমি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজি পৰ্যন্ত কোনো ভূমিহীন পৰিয়ালে মাটিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ নিবৰ্াচনৰ আগত সহজ-সৰল গাঁৱৰ লোকসকলৰ পৰা ভোট আদায়ৰ স্বাৰ্থত মিছা প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে ৰামদেৱৰ দৰে অনা অসমীয়া লোকসকলকহে ব্যৱসায় কৰিবৰ কাৰণে শ শ বিঘা মাটি প্ৰদান কৰিছে৷ চৰকাৰৰ এই কাম-কাজ কোনোপধ্যে মানি ল’ব নোৱাৰি আৰু অসমৰ প্ৰতিটো ভূমিহীন পৰিয়ালে মাটিৰ অধিকাৰ নোপোৱা পৰ্যন্ত কৃষক মুক্তি সংগ্ৰাম সমিতি কেতিয়াও ক্ষান্ত নহয়৷ আজিৰ কাৰ্যসূচীত বক্তব্য প্ৰদান কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক বিতু সোনোৱালে কয় যে “অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬” অনুসৰি থলুৱা ভূমিহীন পৰিয়ালক জ্জ্ব বিঘা পৰ্যন্ত মাটিৰ অধিকাৰ প্ৰদান কৰাৰ বিধি ব্যৱস্থা আছে৷ তেনেস্থলত স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো অসমৰ লাখ লাখ পৰিয়ালে নিজৰ মাতৃভূমিতে ভেঁটি-মাটিৰ পৰাও বঞ্চিত হৈ থাকিবলগীয়া হোৱাটো সঁচাই দুৰ্ভাগ্যৰ বিষয়৷ বন অধিকাৰ আইন, ২০০৬ অতিশীঘ্ৰে কাৰ্যকৰী কৰি বনাঞ্চলত বসবাস কৰা প্ৰতিটো জনজাতীয় পৰিয়ালক ভূমি অধিকাৰ প্ৰদান কৰাৰ লগতে বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা অসমৰ লাখ লাখ ভূমিহীন পৰিয়ালক বিকল্প ভূমি প্ৰদান কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা অতিশীঘ্ৰে কৰিবলৈ চৰকাৰৰ ওচৰত আজিৰ কাৰ্যসূচীৰ জৰিয়তে যুটীয়া সাধাৰণ সম্পাদকগৰাকীয়ে দাবী উত্থাপন কৰে৷ আজিৰ প্ৰতিবাদী সভাত বক্তব্য প্ৰদান কৰি কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাই কয় যে অসমৰ শেষৰজন ভূমিহীন পৰিয়ালে মাটিৰ অধিকাৰ নোপোৱা পৰ্যন্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংগ্ৰাম কেতিয়াও স্তব্ধ নহয়৷ 
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদি কৃষকসকলৰ দাবী পূৰণ নকৰে তেনেহ’লে বিজেপি চৰকাৰক শাসনৰ গাদীৰ পৰা ওফোৰাই দিয়া হ’ব বুলিও সভাপতিগৰাকীয়ে হুংকাৰ প্ৰদান কৰে৷ আজিৰ প্ৰতিবাদী সভা সঞ্চালনা কৰি কৃষক মুক্তিৰ কাৰ্যকৰী সভাপতি মুকুট ডেকাই ২০১১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ গুৱাহাটী মহানগৰীৰ পাহাৰ, গ্ৰাণ্ট, জলাশয় পাৰ আৰু অন্যান্য চৰকাৰী ভূমিত বসবাস কৰা প্ৰতিটো পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে অসমত এখন নতুন প্ৰগতিশীল ভূমি আইন প্ৰস্তুত কৰি কাৰ্যকৰী কৰিবলৈ তেওঁ চৰকাৰক সোঁৱৰাই দিয়ে৷ আজিৰ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱেন শৰ্মা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকদ্বয় প্ৰাঞ্জল কলিতা আৰু ৰাহুল চেত্ৰীও উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷ সভাৰ শেষত এটি সংগ্ৰামী গীতেৰে ভূমি অধিকাৰৰ সংগ্ৰাম তীব্ৰতৰ কৰাৰ সংকল্প গ্ৰহণ কৰে সংগঠনটোৰ কম¹সকলে৷ 
আজিৰ কাৰ্যসূচীৰ শেষত কৃষক সংগঠনটোৰ উপসভানেত্ৰী বিমলা গগৈ, সহকাৰী সম্পাদক দেৱজিত পাটৰ, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ নেতৃত্বত অসমৰ প্ৰতিটো থলুৱা ভূমিহীন কৃষক পৰিয়ালক জ্জ্ব বিঘা পৰ্যন্ত ভূমিৰ অধিকাৰ প্ৰদান কৰা, বন অধিকাৰ আইন- ২০০৬ কাৰ্যকৰী কৰা, বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাকে আদি কৰি ৬ টা দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰশাসনৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি