Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:53 am

Home » আঞ্চলিক » অসম » Nellie Secondary School- জুুয়ে পোৰা নেলীত পোহৰৰ ৰেঙণি

Nellie Secondary School- জুুয়ে পোৰা নেলীত পোহৰৰ ৰেঙণি

  • ছৈয়দ বুলবুল জামানুৰ হক
নেলী বুলি ক’লেই ১৯৮৩ৰ জুয়ে পোৰা নেলীক বুজায়৷ নেলীৰ আন এটি অভিশপ্ত পৰিচয় হ’ল বানে ধোৱা নেলী৷ অসমীয়া ৱিকিপিডিয়াৰ তথ্য অনুসৰি ১৯৮৩ চনত ১৮ ফেব্ৰুৱাৰীৰ দিনা অসমৰ নগাঁও জিলাৰ নেলীত ছঘণ্টা জুৰি চলা এক হত্যালীলাত ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল৷ (বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০)। আক্ৰান্ত ১৪ খন গাঁও আছিল আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটি পৰ্বত, মুলাধাৰী, মাটি পৰ্বত নং ৮, শিলভেটা, বৰবুৰী আৰু নেলী। এক সূত্ৰই আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰ পৰা প্ৰবজন কৰা মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি দাবী কৰিলেও মূলতঃ সংখ্যালঘূ সম্প্ৰদায়ৰ লোকক পৰিকল্পিতভাৱে বিদেশী আখ্যা দি এই গণহত্যা সংঘটিত কৰা হৈছিল৷ এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী কমিচনে ১৯৮৫ চনত অসম চৰকাৰক ৬০০ পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল কৰে। কিন্তু হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত লয়। হত্যাকাণ্ডৰ পিছত ৬৮৮ টা অপৰাধী গোচৰ ৰুজু কৰা হৈছিল আৰু ৩১০ জনকহে চাৰ্জশ্বীট দিয়া হৈছিল। বাকী ৩৭৮ টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হয়। চাৰ্জশ্বীট দিয়া ৩১০ টা গোচৰো অসম চুক্তিমতে ১৯৮৫ চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে। নেলীৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো লোকৰ সেইবাবে আজিলৈকে বিচাৰ হোৱা নাই। 
জুয়ে পোৰা আৰু বানে ধোৱা এই নেলীবাসীয়ে কৃষি কৰ্মৰে কিন্তু আজিও অসমৰ অৰ্থৈনিতক ভেটি শক্তিশালী কৰি ৰাখিছে৷ চাৰিওপিনে কেৱল সেউজীয়া ধাননি ডৰা৷ কৃষি কৰ্মৰে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ লগতে ৰাজ্যৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়া নেলীবাসী শিক্ষা, যাতায়াতকে ধৰি সৰ্বদিশতে পিছ পৰা৷ এক বৃহৎ অঞ্চল নেলীত পকীপথ নাই বুলি কলেও অত্যুক্তি কৰা নহব৷ কেচাপথৰ দুয়োকাষে কেৱল পুখুৰী আৰু ধাননি ডৰা৷ শিক্ষা-দীক্ষাত পিছপৰা এই বৃহত্তৰ অঞ্চলটোত আছে প্ৰাথমিক বিদ্যালয় আৰু মাদ্ৰাছাৰ দৰে ধৰ্মীয় শিক্ষানুষ্ঠান৷ উচ্চ শিক্ষাৰ বাবে আলোকেৰে আলোকিত নোহোৱা এই বৃহত্তৰ অঞ্চলটোৰ অন্যতম অভাৱেই হৈছে এটি উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান৷  ফলত সুদীৰ্ঘ ৩৯ বছৰ পিছত জুৱে পোৰা নেলীত আন্ধাৰ আতৰাই পোহৰৰ ৰেঙনী দেখিবলৈ পোৱা গৈছে৷ তাৰ এক বাস্তৱ নিদৰ্শন দাঙি ধৰি সৰ্বদিশে পিছপৰা নেলীৰ মুলাধাৰীত যোৱা ২০১৮ বৰ্ষত পোনপ্ৰথমবাৰৰ পৰা আৰম্ভ হোৱা একমাত্ৰ উচ্ছ শিক্ষানুষ্ঠান নেলী ছিনিয়ৰ চেকেণ্ডৰী স্কুলখনৰ এখন আতকধুনীয়া গৃহৰ শুভাৰম্ভ কৰা হয়৷ 
অসমৰ শিক্ষাপ্ৰেমী তথা সমাজ সচেতক একাংশ ৰাইজৰ দান বৰঙনিৰে প্ৰায় ২৫ লক্ষাধিক টকাৰে নিৰ্মাণ কৰা বিদ্যালয় গৃহটিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে প্ৰাক নিউজ চেনেলৰ ডিজিটেল সংস্কৰণৰ মূুখ্য সম্পাদক জিতুমনি গোস্বামীয়ে৷ বিদ্যালয় গৃহটি উদ্ধোধনী কৰি দিয়া ভাষণত বিশিষ্ট সাংবাদিক গোস্বামীয়ে কয়, নেলীত এক শিক্ষাৰ আন্দোলন আৰম্ভ হৈছে৷ এই ধাৰাবাহিকতা অব্যাহত ৰাখিব লাগিব৷ শিক্ষাই এখন সমাজ সলনি কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয়, নেলী এক উজ্জ্বল ভৱিষ্যতৰ দিশে গতি কৰিছে৷ শিক্ষা-দিক্ষাত পিছপৰা এই অঞ্চলটোলৈ ইয়াতকৈ ভাল দিনৰ অপেক্ষাত আমি আছোঁ৷ 
বিদ্যালয় গৃহটিৰ শুভ উদ্ধোধন উপলক্ষে নেলী ডেভলপমেণ্ট কমিটীৰ উদ্যোগত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি কমিটীৰ সাধাৰণ সম্পাদক ছিৰাজ উদ্দিন আহমেদে কয়, নেলীক এখন সমন্বয়ৰ নেলী- উদিত নেলী কৰাৰ বাবে বিভিন্ন জনগোষ্ঠীৰ লোকৰ সহযোগিতাৰে আগুৱাই দিয়াৰ প্ৰচেষ্টা কৰা হৈছে৷ উদ্যোক্তা সংগঠনৰ সভাপতি তথা গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে সভাপতিত্ব কৰা সভাখন উদ্ধোধন কৰি স্থানীয় বিশিষ্ট সমাজ কৰ্মী ধৰণীধৰ বৰদলৈয়ে কয়, নেলীত শিক্ষাৰ দৰে যি সংস্কাৰমুখী পদক্ষেপ আৰম্ভ হৈছে, সেয়া নেলীবাসীৰ ভাবে শুভ লক্ষণ৷ শিক্ষাৰ দ্বাৰা আমাৰ সকলোৰে মাজত সমন্বয়ৰ যাত্ৰা পুনৰ আৰম্ভ হ’বলৈ গৈ আছে৷ 
উদ্যোক্তা সংগঠনৰ মুখ্য আহবয়ক ছাহজাহান তালুকদাৰে কয়, নেলীক লৈ দীৰ্ঘদিনে বহুতে ৰাজনীতি কৰিলে৷ নেলী কাণ্ডৰ ভুক্তভোগী লোকৰ স্ব- গোষ্ঠীয় বহু লোক মন্ত্ৰী-বিধায়ক হ’ল৷ কিন্তু নেলীৰ উন্নয়ন সাধন কোনেও নকৰিলে৷ আনকি, এগৰাকী তদানীন্তন মন্ত্ৰীয়ে বৃহত্তৰ নেলী অঞ্চলৰ কৃষিজীৱী লোকৰ উন্নয়নাৰ্থে আচনিৰ নামত কোটি কোটি টকা লুন্‌ঠন কৰা বুলি তালুকদাৰে মন্তব্য আগবঢ়াই৷ তেওঁ নেলীত আৰম্ভ হোৱা শৈক্ষিক আন্দোলনত সকলোৰে সহায়-সহযোগিতা কামণা কৰে৷ 

সভাত বিশিষ্ট সাংবাদিক আফ্ৰিদা হুছেইনে ভাষণ প্ৰসংগত কয়, শিক্ষাৰ অভাৱ হলেই মানুহ বিভিন্ন ধৰণে লাঞ্চিত বঞ্চিত হ’বলগা হয়৷ সংখ্যালঘূ জনগোষ্ঠীৰ উত্তৰণৰ মুল দুই আধাৰ উল্লেখ কৰি আফ্ৰিদাই কয়, এই জনগোষ্ঠীটোৰ লোকে এতিয়া কেৱল শিক্ষা আৰু কৃষি ক্ষেত্ৰত অধিক গুৰুত্ব দি আগবাঢ়ি যাব লাগে৷ শৈক্ষিক আৰু অৰ্থনৈতিক দিশত আগবাঢ়ি গলে আমাক কোনেও হাহিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ মহিলা শিক্ষাক অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি কয়, মহিলা সকল শিক্ষিত হলেই ঘৰখনত এক শৈক্ষিক পৰিবেশ গঢ়ি উঠিব আৰু তেতিয়াই সকলোৱে শিক্ষাৰ অতি আগ্ৰহী হৈ উঠিব৷ 
নেলী ডেভলপমেণ্ট কমিটিয়ে প্ৰতি বছৰে প্ৰকাশ কৰা ‘উদিত নেলী’ নামৰ স্মৃতি গ্ৰন্থখন শুভ উন্মোচন কৰি বিশিষ্ট লেখক তথা জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ গোস্বামীয়ে কয়, ‘৮৩ত সংঘটিত নেলী কাণ্ডৰ ময়ো এগৰাকী প্ৰত্যক্ষ দৰ্শী আছিলোঁ৷ মই সেই পুৰণি বৰ্বৰ কথাবোৰ কবলৈ নাযাও৷ এতিয়া সংখ্যালঘু লোকে অতীতক অলপ পাহৰি শিক্ষাৰ ওপৰত যি গুৰুত্ব প্ৰদান কৰিছে, সেয়া নিতান্তই এক ভাল পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ ভাষণ প্ৰসংগত লগতে কয়, আমাৰ মাজত সমন্বয় আছিল আৰু ভৱিষ্যতেও থাকিব৷ কিন্তু এক অপশক্তিয়ে আমাৰ মাজত বিভাজন অনাৰ চেষ্টা অব্যাহত ৰাখিছে৷ তেওঁলোকে সম্প্ৰদায়ে সম্প্ৰদায়ে, জাতিয়ে-জাতিয়ে কটাকটি মৰামৰি কৰি ভাল পায়৷ এই ক্ষেত্ৰত বিশেষকৈ সঞ্জংখ্যালঘু লোক সাৱধানে থাকিব লাগিব বুলি উল্লেখ কৰি কয়, সংখ্যালঘু এতিয়া হীনমন্যতাত ভুগিব নালাগে৷ অকল আগুৱাই যোৱাৰ চিন্তা কৰিব লাগে৷ 
বিশিষ্ট সংগীত শিল্পী নাহিদ আফ্ৰিনে কয়, সংখ্যালঘু সমাজত আজিও বাল্য বিবাহৰ ধৰে এক কু- প্ৰথা চলি আছে৷ বিশেষকৈ এই প্ৰথা চৰ-চাপৰি তথা অতিকৈ ভিতৰুৱা গাঁও অঞ্চলসমূহ আমি গম নোপোৱাকৈ চলি আছে উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়, ১৪-১৫ বছৰ বয়সত বিবাহ দিয়াৰ বাবেই বহু ছোৱালীৰ সপোন কলিতে মষিমূৰ হৈ যায়৷ তেওঁ সমাজ খন আগুৱাই নিয়াৰ বাবে মহিলা সকলক অকল শিক্ষাই নহয় খেলা ধুলা, গান আদি দিশত প্ৰতিভা বিকাশ ঘটাব লাগিব৷ 

দৈনিক গণ অধিকাৰ কাকতৰ মুখ্য সম্পাদক খবিৰ আহমেদে কয়, নেলীৰ দুখদায়ক অভিজ্ঞতাই বহুতক আমনি কৰে৷ এতিয়াও সেই দুখ উমি উমি জ্বলি আছে৷ অৱশ্যে আমি সেইবোৰ পাহৰিব খুজো যদিও বহু কথা পাহৰিব পৰা নাযায়৷ নিজৰ ৰাজনৈতিক অধিক সাব্যস্ত কৰিবলৈ গৈ অসমৰ একাংশ মুল সুতিৰ মানুহৰ মাজত সংঘাত হৈছিল৷ কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ নামত ৰাজনৈতিক ক্ষমতা লৈ ভুক্তভোগী সকলৰ বাবে একোৱেই নকৰিলে৷ ইয়াৰ বিপৰীতে যিসকলে নীৰিহ সংখ্যালঘু লোকক মাৰিলে তেওঁলোকক ন্যায় দিয়াতো দূৰৈৰ কথা মৰাসকলক শ্বহীদ বুলি ঘোষণা কৰিলে৷ আহমেদে তেওঁৰ ভাষণত নেলীক এক শিক্ষাৰ প্ৰানকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়৷ 
নেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱনিৰ্মিত গৃহৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰাগ্‌ নিউজ ডিজিটেলৰ সম্পাদক জিতুমণি বৰা, ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ আতোৱাৰ ৰহমান, অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব মহঃ আলাউদ্দিন, জ্যেষ্ঠ সাংবাদিক তথা লেখক বৈকুণ্ঠ গোস্বামী, আল আমিন জনকল্যাণ সমাজৰ সভাপতি ছফিউৰ ৰহমান শইকীয়া, নেলীৰ বিশিষ্ট সমাজকৰ্মী জীৱন কোঁৱৰ, দৈনিক গণ অধিকাৰৰ মুখ্য সম্পাদক খবিৰ আহমেদ,  অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তৈফিকুৰ ৰহমান বৰবৰা,  ইনছাইট এন ইৰ মুখ্য সম্পাদক আফ্ৰিদা হুছেইন, ৰ নং ধৰমতুল জিলা পৰিষদৰ সদস্য পল্লৱ বৰদলৈ, নেলী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি হাজি আব্দুল খালেক, জাগীৰোডৰ বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ ডেকা, নেলী গাঁও পঞ্চায়তৰ সভাপতি বিপুল শ্যাম, অসম চিভিল ছ’চাইটিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম শ্বেখ, নেলীৰ বিশিষ্ট সমাজকৰ্মী ছুলেইমান আহমেদ কাছিমী, বিশিষ্ট লেখক ডাঃ ৰেজাউল কৰিম, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট লেখক আব্দুৰ ৰহমান শিকদাৰ৷ একেদৰে উক্ত অনুষ্ঠানতেই নেলী ডেভেলপমেণ্ট কমিটীৰ কাৰ্যকৰী সভাপতি এমৰাণ খন্দকাৰ, ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল খন্দকাৰ, আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ, অসম সংখ্যালঘু সংগ্ৰাম  পৰিষদৰ সভাপতি মোহাম্মদ খলিফা, বিশিষ্ট লেখিকা ৰমিচা বেগম, চি চি এম অ’ৰ নগাঁৱৰ সম্পাদক হুমায়ুন কবিৰ, আমছুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, নেলী সমবায় সমিতিৰ সভাপতি মাইনুক হক, বিশিষ্ট সমাজকৰ্মী মিৰ সোমেজউদ্দিন আহমেদ, বিশিষ্ট সমাজকৰ্মী নেকিবুৰ ৰহমান হাজৰিকা, বিশিষ্ট কবি আব্দুল মজিদ, ডা: শ্বহিদুল ইছলাম, নগাঁৱৰ সমাজকৰ্মী সৰকাৰ গিয়াছ উদ্দিন আহমেদ, বিশিষ্ট সাংবাদিক মেহদী আলম বৰাকে আদি কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি