বৰপটোৰোড : বৰপেটা জিলাৰ বাণিজ্য নগৰী বৰপেটাৰোডৰ চন্দনপুৰৰ বাসিন্দা অজয় কুমাৰ চৌধুৰীয়ে মানৱ অধিকাৰত স্নাতকোত্তৰ ডিপ্ল’মা লাভ কৰিবলৈ সক্ষম হয়৷ নতুন দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ হিউমেন ৰাইট্চ নামৰ শিক্ষা প্ৰতিষ্ঠানটোৰ পৰা অজয় কুমাৰ চৌধুৰীয়ে দুবছৰীয়া পাঠ্যক্ৰমত ৭২.৫ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত স্নাতকোত্তৰ ডিপ্ল’মা অৰ্জন কৰে৷ অজয় কুমাৰ চৌধুৰী অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ অধীনস্থ বৰপেটাৰোড পৌৰসভাৰ সদ্য অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া হোৱাৰ লগতে দ্য বৰপেটাৰোড ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক, মানাহপৰীয়া প্ৰেছ গীল্ডৰ উপদেষ্টা, সংবাদ প্ৰহৰীৰ প্ৰাক্তন মুখ্য সম্পাদককে ধৰি বিভিন্ন সামাজিক কামতো জড়িত এগৰাকী মানৱ অধিকাৰ কৰ্মী৷