Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:47 pm

Home » আঞ্চলিক » অসম » সংবাদ প্ৰহৰীৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

সংবাদ প্ৰহৰীৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

জ্যেষ্ঠ সাংবাদিক স্নিগ্ধাশিখা বৰালৈ সংবাদ প্ৰহৰী বঁটা
গুৱাহাটী : ডিজিটেল যুগত বিকল্প মিডিয়াৰ চিন্তাধাৰাৰে অসমীয়া ভাষাত অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰি অহা সংবাদ প্ৰহৰীয়ে অষ্টম বৰ্ষত ভৰি দিয়ে৷ ছপা মাধ্যমৰ পৰা আৰম্ভ কৰি সম্প্ৰতি ৱেব পৰ্টেল বা ৱেব মিডিয়া হিচাপে সংবাদ প্ৰহৰীয়ে এই যাত্ৰাৰ লগত সংগতি ৰাখি আজি সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰে৷ ক’ভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি হাতীগাঁওস্থিত কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানত এইবেলি ডি ৱাই ৩৬৫ৰ জ্যেষ্ঠ সাংবাদিক স্নিগ্ধাশিখা বৰালৈ ২০২২ বৰ্ষৰ ‘সংবাদ প্ৰহৰী বঁটা’ আগবঢ়োৱা হয়৷

সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে পৰিচালনা কৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক ডঃ যতীন্দ্ৰ নাথ ডেকা, বিশিষ্ট চিকিৎসক ডাঃ ৰমানন্দ পাঠক, জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰ, জিলা পৰিৱহন বিষয়া গৌতম দাস, জিলা সমাজ কল্যান বিষয়া সীমান্ত প্ৰদীপ চৌধুৰী, নায়েৰ আলগা জিলা পৰিষদৰ সদস্য ফৰিদা ইয়াছমিন মিঞাসহ বিভিন্ন ক্ষেত্ৰৰ ৬ গৰাকী বিশিষ্ট ব্যক্তিক ‘সংবাদ প্ৰহৰী বিশেষ সন্মান’ৰে সন্মানিত কৰা হয়৷

আনহাতে অসমীয়া সমাহাৰৰ কাৰ্যবাহী সম্পাদক হানিফ আলী আহমেদ, সহযোগী সম্পাদক এন. এ. ৰুবুল মিৰ্জা, শ্বাকিল আহমেদ, আধুনিক অসমৰ সম্পাদক আকবৰ মজুমদাৰে আঁত ধৰা এই অনুষ্ঠানতেই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিনয় শৰ্মা, আধুনিক অসমৰ মুখ্য সম্পাদক ৰাজীৱ পানীফুকন, কবি-সাহিত্যিক গিৰীশ চন্দ্ৰ ডেকা, প্ৰতীভা বৰ্মন, শিক্ষয়িত্ৰী মনীষা হালৈ, শিক্ষক আলী আকবৰ শিকদাৰ, জ্যেষ্ঠ সাংবাদিক ৱাহিদুৰ ৰহমান বৰা, সমাজ-সেৱিকা মৰ্জিনা হক, গৱেষক ছাত্ৰী ভৱানী দাসক ‘সংবাদ প্ৰহৰী বিশেষ সম্বৰ্ধনা’ৰে সম্বৰ্ধিত কৰা হয়৷

ইপিনে উক্ত বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনলাইনযোগে আয়োজন কৰা ‘স্ব-ৰচিত কবিতা প্ৰতিযোগিতা’ আৰু ‘কবিতা আবৃত্তি প্ৰতিযোগিতা’ৰ স্থান লাভ কৰা মৰিগাঁৱৰ ৰাবিয়া বেগম, নগাঁৱৰ ইলিয়াচ আহমেদ, ধুবুৰী চাপৰৰ আনজুমা বেগম আৰু লখিমপুৰৰ দিপিকা কামানকো পুৰষ্কাৰৰ লগতে¸ মানপত্ৰ প্ৰদান কৰা হয়৷ ইয়াৰোপৰি সাংবাদিক ছফিউল ইছলাম, প্ৰাক্তন ছাত্ৰনেতা মুন চৌধুৰীকে ধৰি ভালেকেইগৰাকী ব্যক্তিক ফুলাম গামোচাৰে সম্ভাষণ জনোৱা হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি