Photo : সংবাদ প্ৰহৰীৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠান
জ্যেষ্ঠ সাংবাদিক স্নিগ্ধাশিখা বৰালৈ সংবাদ প্ৰহৰী বঁটা গুৱাহাটী : ডিজিটেল যুগত বিকল্প মিডিয়াৰ চিন্তাধাৰাৰে অসমীয়া ভাষাত অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰি অহা সংবাদ প্ৰহৰীয়ে অষ্টম বৰ্ষত ভৰি দিয়ে৷ ছপা মাধ্যমৰ পৰা আৰম্ভ কৰি সম্প্ৰতি ৱেব পৰ্টেল বা ৱেব মিডিয়া হিচাপে সংবাদ প্ৰহৰীয়ে এই যাত্ৰাৰ লগত সংগতি ৰাখি আজি সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰে৷ ক’ভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি হাতীগাঁওস্থিত কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানত এইবেলি ডি ৱাই ৩৬৫ৰ জ্যেষ্ঠ সাংবাদিক স্নিগ্ধাশিখা বৰালৈ ২০২২ বৰ্ষৰ ‘সংবাদ প্ৰহৰী বঁটা’ আগবঢ়োৱা হয়৷ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে পৰিচালনা কৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক ডঃ যতীন্দ্ৰ নাথ ডেকা, বিশিষ্ট চিকিৎসক ডাঃ ৰমানন্দ পাঠক, জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰ, জিলা পৰিৱহন বিষয়া গৌতম দাস, জিলা সমাজ কল্যান
Hatigaon-Bhetapara Road,
Hatigaon,Guwahati, Dist.- Kamrup (Metro)
State- Assam (INDIA), PIN-781038.
Phone/Whatsapp : +91 7578801008
E-mail: sangbadprahari@gmail.com
Sd. Bulbul Jamanur Hoque
Editor
© 2025 Sangbad Prahari – All rights reserved. | News Website Development Services | New Traffic tail
No WhatsApp Number Found!
WhatsApp us