Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:09 pm

Home » আঞ্চলিক » অসম » ধুবুৰী জিলাত গ্ৰামোন্নয়নৰ কাম-কাজত বিয়াগোম দুৰ্নীতি

ধুবুৰী জিলাত গ্ৰামোন্নয়নৰ কাম-কাজত বিয়াগোম দুৰ্নীতি

জিলা পৰিষদ সভাপতি আশ্বাদুৰ ৰহমান প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ

গুৱাহাটী : ধুবুৰী জিলা পৰিষদ আৰু এমজিএনৰেগা [ডিআৰডিএ]ৰ কাম-কাজত বিয়াগোম দুৰ্নীতিয়ে বাহ পাতি লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ ‘সংবাদ প্ৰহৰী’ৰ হাতত থকা অভিযোগৰ প্ৰতিলিপি অনুসৰি– জিলা পৰিষদ আৰু ডিআৰডিএৰ অধীনস্থ কাম-কাজৰ ফাইল অনুমোদন পাবলৈ জিলা পৰিষদৰ সভাপতি আৰু জিলা উপায়ুক্তক ১০-২০ শতাংশ টকা আগতীয়াকৈ আদায় দিব লাগে৷ জিলাখনৰ ১২ খন আঞ্চলিক পঞ্চায়ত/উন্নয়ন খণ্ডৰ কাম-কাজৰ বিষয়ৰাজি তন্ন-তন্নকৈ তদন্ত কৰিবলৈ জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে জিলা উপায়ুক্তক চাৰিমাহ মান আগত নিৰ্দেশ দিছিল বুলি জানিব পৰা গৈছে৷ কিন্তু অতি আচৰিতজনকভাৱে কেৱল গৌৰীপুৰ আঞ্চলিক পঞ্চায়ত/উন্নয়ন খণ্ডৰ কাম-কাজৰ ওপৰতহে তদন্ত কৰা হ’ল, দুই-তিনিজন বিষয়া-কৰ্মচাৰী নিলম্বিতও হ’ল৷ বাকী ১১ খন আঞ্চলিক পঞ্চায়তযউন্নয়ন খণ্ডৰ কাম-কাজৰ তদন্ত আৰম্ভ কৰি ৰহস্যজনক কাৰণত উক্ত তদন্ত থমকি ৰ’ল৷ জিলাখনৰ চাহৰ দোকানকে ধৰি সৰ্বত্ৰে গুণগুননি শুনা যায় যে আঞ্চলিক পঞ্চায়তবিলাকৰ অধীনস্থ পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়ত সদস্যসকলৰ পৰা ২-৩ লাখকৈ টকা উঠাই জিলা উপায়ুক্ত আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰীক দিয়া হৈছে আৰু সেয়েই বৰ্তমান উক্ত তদন্ত বন্ধ ৰখা হৈছে [জিলাখনত দুশৰো ওপৰত গাও পঞ্চায়ত আছে, সভাপতি আৰু আঞ্চলিক পঞ্চায়ত সদস্যসকলৰ পৰা দুই লাখকৈ তুলিলেও সংখ্যাটো আহে আঠ কোটি টকাৰ ওপৰত]৷ এই গুণগুণনি ও বদনামৰ কথাটো জিলা উপায়ুক্ত আৰু মন্ত্ৰীজনৰ কানতো পৰিছে, তাৰ পাছতো তদন্ত বন্ধ ৰখাটোৱে কি বুজায়? মন্ত্ৰী আৰু জিলা উপায়ুক্তই সঁচা অৰ্থত যদি টকা খোৱা নাই, তেন্তে উল্লেখিত বদনামৰ বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে তদন্ত কাৰ্য আগবঢ়োৱা নাই কিয় বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে৷ জিলাখনৰ বিভিন্ন আঞ্চলিক পঞ্চায়তযউন্নয়ন খণ্ড এলেকাত এমজি এনৰেগাৰ অধীনত কোটি কোটি টকীয়া পাৰ্কুপাইনৰ কাম জিলা পৰিষদৰ সভাপতিজনে নিজৰ মানুহ লগাই দি ঠিকাভিত্তিক কৰি আছে৷ জিলাখনত আঞ্চলিক পঞ্চায়তবিলাকৰ অধীনস্থ কাম-কাজ বিলাকৰ বিপৰীতে ২০-৩০ শতাংশ কাম কৰি বাকী টকা উদৰস্থ কৰি চলা হৈছে৷ বিশেষকৈ আশ্বাদুৰ ৰহমানৰ আশীৰ্বাদপুষ্ট নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হাছিনা খাতুন আৰু কাজাইকাটা-ছুৱাপাতা গাঁও পঞ্চায়তৰ সভাপতি হুৰমুজ আলীয়ে মায়াৰচৰ আৰু কাজাইকাটা-ছুৱাপাতা গাঁও পঞ্চায়তত জিলাখনৰ ভিতৰত সৰ্বাধিক দুৰ্নীতি সংঘটিত কৰিছে বুলিও জানিব পৰা গৈছে৷ পঞ্চায়ত দুখনত এটা ৰাস্তাতেই দুই-তিনিবাৰকৈ টকা মঞ্জুৰ কৰোৱাই কাম কৰি লাখ লাখ টকা আত্মসাৎ কৰি আহিছে৷ এই সম্পূৰ্ণ দুন¹তিৰ লগত প্ৰত্যক্ষ ও পৰোক্ষভাৱে জিলা পৰিষদৰ সভাপতি আশ্বাদুৰ ৰহমানৰ লগতে জিলা উপায়ুক্তগৰাকীও জড়িত বুলি উল্লেখ কৰি ৰাইজৰ ফালৰ পৰা মুখ্যমন্ত্ৰীক অভিযোগ দিয়া হৈছে৷ একেদৰে সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাকো অৱগত কৰা হৈছে বুলি জানিব পৰা গৈছে৷ এনে দুন¹তি সন্দৰ্ভত বৰ্তমানৰ শূন্য সহনশীলতা আওৰাই ফুৰা চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি