Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:33 am

Home » সাহিত্য » কবিতা » ছেভ মিডিয়া ছলিউশ্যনে আগবঢ়োৱা ‘সংবাদ প্ৰহৰী কবিতা আবৃত্তি প্ৰতিযোগিতা’ৰ ফলাফল ঘোষণা

ছেভ মিডিয়া ছলিউশ্যনে আগবঢ়োৱা ‘সংবাদ প্ৰহৰী কবিতা আবৃত্তি প্ৰতিযোগিতা’ৰ ফলাফল ঘোষণা

বিশেষকৈ নবীনসকলৰ উৎসাহিত কৰাৰ লগতে আগুৱাই অনাৰ স্বাৰ্থত ছেভ মিডিয়া ছলিউশ্যনে আগবঢ়োৱা সংবাদ প্ৰহৰী কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷ পূৰ্বে নিৰ্ধাৰণ কৰা নিয়মাৱলী অনুসৰিয়েই অতি নিকা তথা স্বচ্ছ পদ্ধতিৰে ‘সংবাদ প্ৰহৰী’ৰ এই কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷ উল্লেখ্য যে প্ৰতিযোগিতাৰ বাবে বান্ধি দিয়া নিয়মাৱলী অনুসৰি ভিউজ, লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ হিচাপ মতে লাভ কৰা পইণ্টেৰ ভিত্তিত ফলাফল ঘোষণা কৰা হয়৷ অৱশ্যে বিচাৰকৰ বাবে আছিল ৫০ পইণ্ট আৰু মুঠ বিচৰাকৰ সংখ্যা আছিল তিনিগৰাকী৷
ফলাফল ঘোষণা কৰি সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে কয় যে, যেনেকৈ জ্ঞানৰ পৰিমান জোখাৰ বাবে পৰীক্ষা যেনেদৰে চূড়ান্ত পদ্ধতি হ’ব নোৱাৰে, ঠিক তেনেদৰে এই প্ৰতিযোগিতাৰ বাবে বান্ধি দিয়া নিয়মাৱলী এশ শতাংশই শুদ্ধ নহয় যদিও এক সৰ্বোত্তম পদ্ধতি হিচাপে নিয়মাৱলীসমূহ প্ৰস্তুত কৰা হৈছিল৷ বিতৰ্ক হোৱাটো স্বাভাৱিক৷ কেৱল বিচাৰকৰ হাতত সম্পূৰ্ণ দায়িত্ব এৰি দিলেও সেই ক্ষেত্ৰতো বিতৰ্ক হোৱা পৰলক্ষিত হয়৷ সেয়ে সকলো দিশ চিন্তা-চৰ্চা কৰি কবিসকলৰ কবিতা চাগে সহজতে ডিজিটেল তথা ইণ্টাৰনেট মাধ্যমত সজীৱ হৈ থাকে তাৰ বাবেই এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল৷ ইপিনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক ধন্যবাদ জ্ঞাপন কৰি সম্পাদকগৰাকীয়ে এইবুলি জানিবলৈ দিয়ে যে অহা ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’বলগীয়া সংবাদ প্ৰহৰীৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক সন্মান প্ৰদান কৰা হ’ব৷ আনহাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক অংশগ্ৰহণকাৰীৰ মানপত্ৰৰে সন্মানিত কৰা হ’ব বুলি সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে৷
  • প্ৰথম পুৰস্কাৰ : প্ৰতিশ্ৰতিবোৰ কাহানিবাই হেৰাল (৬,০৯৬)- ইলিয়াচ আহমেদ, ডুডুমীয়া, নগাঁও
  • দ্বিতীয় পুৰস্কাৰ : দুবুৰি কুসূম (৫,৩১৭)- ৰাবিয়া বেগম, মৰিগাঁও
  • তৃতীয় পুৰস্কাৰ : ছেই ছেই মহামাৰী (২,৮৩৫)- দিপিকা কামান, লখিমপুৰ

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি