মৰিগাঁও জিলাৰ বৰঙাবাৰীৰ পিছত এইবাৰ গুৰুজনাৰ জন্মস্থান নগাঁৱত ৰাসলীলাৰ নামত উদ্ভট নৃত্য প্ৰদৰ্শন। নগাঁও জিলাৰ ৰহাত দেওবাৰে অনুষ্ঠিত কৰা হৈছিল শ্ৰীকৃষ্ণৰ ৰাসলীলা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱেৰ জন্মস্থানতেই গোপীৰ ভাও লোৱা একাংশ যুৱকে দৃষ্টিকটু নৃত্য প্ৰদৰ্শন কৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাসলীলাত কৰা এই নৃত্য দেখিও বাধা প্ৰদান কৰাৰ বিপৰীতে সকলোৱে আনন্দহে লোৱা পৰিলক্ষিত হয়। প্ৰশ্ন সৃষ্টি হৈছে, গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাত এই ধৰণৰ নৃত্য কিয়?
উল্লেখযোগ্য যে ৰহাৰ মধ্যস্থ নামঘৰত উদয়ন সংঘই অনুষ্ঠিত কৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎৱত সংঘটিত হৈছিল এই ঘটনাটো। ইপিনে, উক্ত ঘটনা সন্দৰ্ভত ৰাস উদযাপন সমিতিয়ে বুধবাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাসথলীত হোৱা অনিচ্ছাকৃত ভুলৰ বাবে সমূহ অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে উদযাপন সমিতিয়ে।
ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উদযাপন সমিতিৰ বিষয়ববীয়াই কয়, ‘‘যিসকল যুৱকে এই অবাঞ্চিত কাণ্ড সংঘটিত কৰিছিল তেওঁলোক আমাৰ স্থানীয় যুৱক নাছিল।তেওঁলোকে বাহিৰৰ পৰা আহি ৰাস উৎসৱত অংশগ্ৰহণ কৰিছিল। তেওঁলোকক বাৰে বাৰে বাধা প্ৰদান কৰিছিলো যদিও তেওঁলোকে আমাৰ কথা মানা নাছিল। তেওঁলোকৰ কৰ্মকাণ্ডই আমাক যথেষ্ট লজ্জিত কৰিছে।হৈ যোৱা ঘটনাৰ বাবে আমি দুঃখিত।’’