Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:31 am

Home » আঞ্চলিক » অসম » ৮ ৰিখ্টাৰ স্কেলৰ ভূঁইকঁপত বিস্ফোৰিত হ’ব গেৰুকামুখৰ জলবোমা

৮ ৰিখ্টাৰ স্কেলৰ ভূঁইকঁপত বিস্ফোৰিত হ’ব গেৰুকামুখৰ জলবোমা

এন এইচ পি চিয়ে গেৰুকামুখ প্রকল্পৰ বান্ধ সুৰক্ষাৰ ক্ষেত্রত আপোচ কৰিছে৷ এইক্ষেত্রত এতিয়া আৰু কোনো সন্দেহ নাই৷ –খোদ কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ আভ্যন্তৰীণ প্রতিবেদনত এহ কথা লিপিবদ্ধ হৈ আছে৷ নামনিৰ অংশত বসবাস কৰা লাখ লাখ লোকৰ জীৱনৰ সৈতে হেতালি খেলি এন এইচ পি চিয়ে কেৱল মুনাফা লাভৰ লক্ষ্যৰে এতিয়া পূর্ণগতিত আগবঢ়াহ নিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য৷ হয়াৰ বাবে বৃহৎ নদীবান্ধৰ নিৰাপত্তাজনিত বহুতো তথ্য গাপ দি থৈছে নির্মাণকাৰী সংস্থাটোৱে৷ এনে বহুতো চাঞ্চল্যকৰ তথ্য কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ পৰা এই প্রতিবেদকে লাভ কৰিবলৈ সক্ষম হৈছে৷

ইতমধ্যে বৃহৎ নদীবান্ধটোৰ প্রায় ৯০ শতাংশ কামো সম্পন্ন হৈছে৷ মন কৰিবলগীয়া যে ৰিখ্টাৰ স্কেলত ৮ প্রাবল্যৰ ভূঁহকঁপ সহ্য কৰিব পৰাকৈ নির্মাণ কৰি উলিওৱা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক দেশৰ ভিতৰত আটাহতকৈ শক্তিশালী তথা সুৰক্ষিত নদীবান্ধ বুলি ইমান দিন এন এইচ পি চিয়ে দাবী কৰি আহিছে৷ পিছে ১৮৯৭ চনৰ ১২ জুনৰ ৮.১ প্রাবল্যৰ আৰু ১৯৫০ চনৰ ১৫ আগষ্টৰ ৮.৭ প্রাবল্যৰ ভূঁইকঁপৰ কথা পাহৰি গৈছে নির্মাণকাৰী সংস্থাটোৱে৷ বিশেষকৈ ৯ বা ততোধিক প্রাবল্যৰ ভূমিকম্পপ্রৱণ এলেকা হিচাপে (জ’ন ৫) সমগ্র উত্তৰ–পূর্বাঞ্চলক ভূবিজ্ঞানীসকলে চিহ্ণিত কৰি ৰাখিছে৷ ১৯৫০ চনৰ উপৰি বাস্তৱত যোৱা এক শতিকাত ৰিখ্টাৰ স্কেলত ৭ৰ অধিক প্রাবল্যৰ আন তিনিটা ভূমিকম্পৰ তথ্যকো বান্ধ নির্মাণৰ সময়ত সম্পূর্ণ আওকাণ কৰা হৈছে৷
ইয়াৰ ভিতৰত ১৯১৮ চনৰ ৭.৬ প্রাবল্যৰ শ্রীমংগল ভূমিকম্প আছিল অন্যতম৷ তদুপৰি ১৯৩০ চনৰ ৭.১ প্রাবল্যৰ ধুবুৰী আৰু ১৯৮৮ চনৰ ৭.২ প্রাবল্যৰ মণিপুৰৰ ভূমিকম্পও অতিশয় বিধ্বংসী আছিল তথা বিস্তৃত অঞ্চলজুৰি ধ্বংসলীলা চলাহছিল৷ তদুপৰি সম্প্রতি সমগ্র উত্তৰ–পূর্বাঞ্চল অসংখ্যবাৰ সৰু–বৰ ভূঁইকঁপত কঁপি উঠিছে৷
উল্লেখ্য যে শক্তি মন্ত্রালয়ৰ পৰা বৈজ্ঞানিক পৰিভাষাত লব্ধ তথ্য অনুসৰি নামনি সোৱণশিৰি জলবিদ্যুৎ নদীবান্ধৰ বাবে প্রকল্পটোৰ সৈতে জডিত থকা দেশ–বিদেশৰ বিজ্ঞানীসকলে কমেও ৮.৫ প্রাবল্যৰ ভূমিকম্প সহ্য কৰিব পৰাকৈ বান্ধ নির্মাণৰ পৰামর্শ প্রদান কৰিছিল৷ ইয়াৰ বাবে প্রদান কৰা হৈছিল এক সুনির্দিষ্ট নক্সা৷ কোৱা হৈছে নদীবান্ধ নির্মাণ কৰি থকা ভূগর্ভ তথা হয়াৰ প্রকৃতিৰ কথা বিবেচনা কৰি ছাহট স্পেচিফিক ডিজাহন পেৰামিটাৰৰ বাবে কমেও ০.৫ জিৰ পীক গ্রাডণ্ড এক্সিলেৰেচন (পিজিএ) মান বান্ধি দিয়া হৈছিল৷ পিছে এন এহচ পি চিয়ে পিজিএ মান ০.৩৮ জিলৈ অৱনমিত কৰি নির্মাণকার্যৰ ব্যয় হ্রাস কৰাৰ নিজাববীয়া সিদ্ধান্তত উপনীত হৈছিল৷ যাৰ বাবে খোদ শক্তি মন্ত্রালয়ৰ বিশেষজ্ঞসকলে (এক্সপার্ট এপ্রাহজেল কমিটী) নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ ২০১০ চনত একপ্রকাৰ নিষেধাজ্ঞা জাৰি কৰিছিল৷ আনকি বান্ধৰ সমীপত থকা পাহাৰৰ পাদদেশসমূহৰ পাথৰসমূহ বান্ধক ধৰি ৰখাৰ বাবে অসমর্থ বুলিও স্পষ্টকৈ সতর্ক কৰি দিছিল৷ তদুপৰি অতি ৰহস্যজনকভাৱে কাৰ হেঁচাত এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য ত্রুটিপূর্ণভাৱেহ আগবঢ়াহ নিলে, তাক লৈ এতিয়া বহুতো প্রশ্নৰ উদ্রেক কৰিছে৷
ইয়াতোকৈ চাঞ্চল্যকৰ কথাটো হৈছে নির্মীয়মাণ বৃহৎ নদীবান্ধটোৰ পৰা মাত্র ২ কিলোমিটাৰ আঁতৰত থকা সোৱণশিৰিৰ নামনিত শেহতীয়াকৈ জি’লজিকেল ছার্ভে অৱ ইণ্ডিয়াই (জিএছআহ) ভূমিকম্পৰ অভিকেন্দ্র হ’ব পৰাকৈ এটা ‘ফল্ট’ দেখা পাইছে৷ অর্থাৎ নির্মাণথলীৰ আশে–পাশে টেকটনিক প্লেটৰ ডত্থান–পতন ঘটি আছে আৰু যিকোনো সময়ত সৰু–বৰ ভূমিকম্পৰ আশংকাক কোনেও নুহ কৰিব নোৱাৰে৷ হয়াতকৈ অতিশয় ভয়াৱহতাৰ আৰু কি উদাহৰণ হ’ব পাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বাবে৷
আনহাতে কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ তথ্যত প্রকল্পটোৰ নির্মাণকার্যত কমেও তিনিটাকৈ প্রতিবন্ধকতাৰ অৱতাৰণা কৰা হৈছে৷ যাৰ ডল্লেখ এন এহচ পি চিৰ তৰফৰ পৰা কেতিয়াও প্রকাশ কৰা হোৱা নাহ৷ প্রথমটো হৈছে অতিশয় দুর্বল ভূতাত্ত্বিক গাঁথনিৰ বাবে ২০০৮ চনৰ জানুৱাৰী মাহতেহ ‘শ্লপ ফেহলাৰ’ অর্থাৎ ভূস্খলনজনিত কাৰণত নির্মাণকার্যৰ আৰম্ভণিতেহ বাধাৰ সৃষ্টি হৈছিল৷ দ্বিতীয়টো হৈছে ভুল প্রকল্প প্রতিবেদনৰ বাবে নির্মাণকার্য চলি থাকোঁতেহ নক্সাত সালসলনি কৰা হৈছিল৷ যেনে বৈজ্ঞানিক পৰিভাষাত ‘ছার্জ ছেফট’ৰ পৰিৱর্তে ‘ছার্জ টানেল’ৰ ব্যৱস্থা কৰা হৈছিল৷ তৃতীয়টো হৈছে নির্মাণকার্যৰ তথ্যৰ আধাৰত শক্তি মন্ত্রালয়ৰ আভ্যন্তৰীণ দৃষ্টিত বান্ধৰ সুৰক্ষা মুঠেহ সন্দেহাতীত নহয়৷ মন কৰিবলগীয়া যে প্রথমতে সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ পৰিকল্পনা কৰিছিল ব্রহ্মপুত্র ব’র্ডে৷ ১৯৮২ চনৰ পৰা ১৯৮৪ চনলৈকে চলোৱা গৱেষণামর্মে ১৯৮৫ চনত ব্রহ্মপুত্র ব’র্ডে প্রদান কৰা প্রতিবেদন অনুসৰি অতি উচ্চ প্রাবল্যৰ ভূমিকম্পপ্রৱণ এলেকা হোৱা হেতু সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ পাৱাৰ হাউছ ভূগর্ভত নির্মাণ কৰাৰ পোষকতা কৰা হৈছিল৷ পৰৱর্তী সময়ত চৰকাৰৰ দ্বাৰা নিয়োজিত বিজ্ঞানীসকলে অঞ্চলটো ভূমিকম্পৰ লগতে অতিশয় ভূস্খলনপ্রৱণ হোৱা হেতু ব্রহ্মপুত্র ব’র্ডে প্রস্তুত কৰা প্রকল্প প্রতিবেদন অনুসৰি পাৱাৰ হাউছ ভূগর্ভত নির্মাণ কৰাৰ বাবেই দিহা প্রদান কৰিছিল৷ পিছে ২০০০ চনত সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য এন এইচ পি চিক প্রদান কৰা হয়৷
আকৌ কেৱল ব্যয় সংকোচনৰ বাবে এন এইচ পি চিয়ে পাৱাৰ হাউছ ভূগর্ভৰ পৰিৱর্তে পাহাৰৰ ডলিত নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰে৷ কথাটো হৈছে পাৱাৰ হাডছ ভূগর্ভতেহ হওক কিম্বা মাটিৰ ওপৰত অতিশয় ভূকম্পনপ্রৱণ এলেকা হিচাপে চিহ্ণিত সোৱণশিৰিৰ ওপৰত ২০০০ মেগাৱাটসম্পন্ন জলবিদ্যুৎ প্রকল্পৰ নিচিনা এখন বৃহৎ নদীবান্ধ নির্মাণ যে প্রকৃতিৰ বিৰুদ্ধাচাৰণ কৰা সেয়া বিজ্ঞানীসকলে প্রদান কৰি অহা আশংকাৰ পৰা স্পষ্টকৈ প্রতিফলিত হৈছে৷ বাস্তৱত মেহন বাডণ্ডেৰী থ্রাষ্টৰ (এম বি টি) দক্ষিণাঞ্চল যাক আমি ‘হিমালয়ান ফুটহিলছ’ বুলি কওঁ– ভূতাত্ত্বিক (জি’লজিকেল), টেকটনিক আৰু ভূকম্পবিজ্ঞান (ছিছমলজিক) দৃষ্টিকোণৰ পৰা এই অঞ্চলসমূহ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বাবে মুঠেহ ডপযুক্ত নহয়, সেয়া কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ আভ্যন্তৰীণ তথা গোপন তথ্যসমূহৰ (ক্লাছিফাহড) পৰাই প্রতীয়মাণ হৈ পৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি