Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:36 pm

Home » আঞ্চলিক » অসম » শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্চম সাধাৰণ পৰিষদৰ বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মা

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্চম সাধাৰণ পৰিষদৰ বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মা

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্চম সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰে।বৈঠকত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু প্ৰশাসনিক দিশৰ বিভিন্ন পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয় আৰু বিভিন্ন প্ৰয়োজনীয় প্ৰস্তাৱ অনুমোদন প্ৰদান কৰে।

এই বৈঠকত বিশ্ববিদ্যালয়খনৰ বিভিন্ন গুৰুত্বপূৰ্ণ সেৱাৰ ডিজিটেলকৰণ, তিনি স্তৰৰ ফেল’শ্বিপ কাৰ্যসূচীৰ প্ৰৱৰ্তন, অভিন্ন শৈক্ষিক ৰুটিন, উন্নতমানৰ চিকিৎসা পদ্ধতি আৰু সেৱাৰ গুণগত মান নিশ্চিতকৰণৰ লক্ষ্যৰে চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰিদৰ্শনৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ, বিশ্ববিদ্যালয়খনৰ অধীনস্থ সকলো চিকিৎসা মহাবিদ্যালয়ৰ বাবে অভিন্ন শৈক্ষিক ৰুটিন প্ৰণয়ন, শিক্ষাৰ্থী আৰু শিক্ষকবৰ্গৰ বাবে অনন্য পৰিচয় নম্বৰ ব্যৱস্থা প্ৰণয়নৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত অনুমোদন প্ৰদান কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি স্থানীয় ভাষাত পাঠ্যক্ৰম বিকাশৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দায়িত্ব বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যক অৰ্পণ কৰা হয়।
তদুপৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লোক নিৰ্মাণ বিভাগৰ বিভাগীয় মুখ্য অভিযন্তাৰ সৈতে আলাপ-আলোচনাৰ মাধ্যমেৰে বিশ্ববিদ্যালয় চৌহদৰ স্থায়ী প্ৰকল্পৰ লগতে চাৰিসীমাৰ বেৰ নিৰ্মাণৰ কাম সোনকালে সম্পূৰ্ণকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
আজিৰ বৈঠকত বিশ্ববিদ্যালয়খনৰ বিভিন্ন গুৰুত্বপূৰ্ণ সেৱাৰ ডিজিটেলকৰণ, অভিন্ন শৈক্ষিক ৰুটিন আদিকে ধৰি বিভিন্ন প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি স্থানীয় ভাষাত পাঠ্যক্ৰমৰ বিকাশৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দায়িত্ব বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যক অৰ্পণ কৰা হয়। উপাচাৰ্য মহোদয়ক লোক নিৰ্মাণ বিভাগৰ বিভাগীয় মুখ্য অভিযন্তাৰ সৈতে আলাপ-আলোচনাৰ মাধ্যমেৰে বিশ্ববিদ্যালয় চৌহদৰ স্থায়ী প্ৰকল্পৰ কামসমূহ সোনকালে ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে।
বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধ্ৰুৱজ্যোতি বৰা আৰু স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত আছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি