Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 8:27 pm

Home » আঞ্চলিক » অসম » নগাঁৱত জব্দ ১০খন কয়লাভর্তি ট্রাক

নগাঁৱত জব্দ ১০খন কয়লাভর্তি ট্রাক

ৰাজ্য চৰকাৰে সকলো প্রকাৰৰ ছিণ্ডিকেট বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল যদিও বর্তমানেও কয়লাৰ ছিণ্ডিকেট অব্যাহত আছে বুলি জানিব পৰা গৈছে৷ নগাঁও জিলাৰ মাজেৰে ডিমা হাছাও জিলাৰ পৰা নগাঁৱৰ লগতে তেজপুৰ, মৰিগাঁও, গুৱাহাটী আদিলৈ কয়লা সৰবৰাহ হৈ আছে৷ এই কয়লা সৰবৰাহৰ লগত এটা চক্র জড়িত হৈ আছে৷ এই চক্রটোৱে দীর্ঘদিন ধৰি বিভিন্ন পক্ষক মেনেজ কৰি নির্বিঘ্ণে কয়লা সৰবৰাহ অব্যাহত ৰাখিছে৷ যোৱানিশা ননৈ, বৰঘাট আৰক্ষী চকী আৰু ৰহা আৰক্ষী থানা এলেকাত ১০খন কয়লাভর্তি ট্রাক জব্দ হয়৷ ইয়াৰে ননৈ আৰক্ষী চকীৰ আৰক্ষীয়ে ৭খন, বৰঘাট আৰক্ষী চকীয়ে ২খন আৰু ৰহা আৰক্ষীয়ে এখন কয়লাভর্তি ট্রাক জব্দ কৰে বুলি নগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে৷
এই সন্দর্ভত ননৈ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াই জানিবলৈ দিয়ে যে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাৰ পর্যবেক্ষণত যোৱানিশা অভিযান চলাহ ননৈ আৰক্ষীয়ে ৭খন কয়লাভর্তি ট্রাক জব্দ কৰা হয়৷ বর্তমান চৰকাৰৰ নির্দেশনা অনুসৰি এই গাড়ীসমূহৰ যাৱতীয় নথি–পত্র পৰীক্ষা কৰাৰ বাবে যোৱা নিশা অভিযান চলোৱা হয়৷ অভিযানৰ সময়ত এই গাড়ীকেইখন জব্দ কৰা হয়৷ ইতিমধ্যে গাড়ীকেইখনৰ নথি–পত্র পৰীক্ষা কৰি থকা হৈছে৷
আনহাতে, সংখ্যালঘু নেতা তথা ব্যৱসায়ী নুৰুল আমিন চৌধুৰী ননৈ থানাত উপস্থিত হৈ তেওঁৰ কয়লাভর্তি দুখন ট্রাক বৈধ বুলি আৰক্ষীক জানিবলৈ দিয়ে৷ তেওঁ লগতে কয় যে তেওঁৰ হটাভাতা আছে৷ ইটাভাতাৰ বাবে প্রয়োজন হোৱা কয়লা বৈধ নথি–পত্রৰ জৰিয়তে ডিমা হাছাওৰ পৰা আনি আছেছা৷ চৰকাৰে আমাৰ লগতে বহুতক অনুজ্ঞা–পত্র দিছে৷ অনুজ্ঞা–পত্র দিয়াৰ পাছতো আমাৰ গাড়ীসমূহ জব্দ কৰে৷ তেন্তে আমি কেনেকৈ ব্যৱসায় কৰিম৷ নুৰুল আমিন চৌধুৰীৰ ভাষ্য কিমান সঁচা, সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি