নগাঁৱত জব্দ ১০খন কয়লাভর্তি ট্রাক
ৰাজ্য চৰকাৰে সকলো প্রকাৰৰ ছিণ্ডিকেট বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল যদিও বর্তমানেও কয়লাৰ ছিণ্ডিকেট অব্যাহত আছে বুলি জানিব পৰা গৈছে৷ নগাঁও জিলাৰ মাজেৰে ডিমা হাছাও জিলাৰ পৰা নগাঁৱৰ লগতে তেজপুৰ, মৰিগাঁও, গুৱাহাটী আদিলৈ কয়লা সৰবৰাহ হৈ আছে৷ এই কয়লা সৰবৰাহৰ লগত এটা চক্র জড়িত হৈ আছে৷ এই চক্রটোৱে দীর্ঘদিন ধৰি বিভিন্ন পক্ষক মেনেজ কৰি নির্বিঘ্ণে কয়লা সৰবৰাহ অব্যাহত ৰাখিছে৷ যোৱানিশা ননৈ, বৰঘাট আৰক্ষী চকী আৰু ৰহা আৰক্ষী থানা এলেকাত ১০খন কয়লাভর্তি ট্রাক জব্দ হয়৷ ইয়াৰে ননৈ আৰক্ষী চকীৰ আৰক্ষীয়ে ৭খন, বৰঘাট আৰক্ষী চকীয়ে ২খন আৰু ৰহা আৰক্ষীয়ে এখন কয়লাভর্তি ট্রাক জব্দ কৰে বুলি নগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে৷ এই সন্দর্ভত ননৈ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াই জানিবলৈ দিয়ে যে নগাঁৱৰ অতিৰিক্ত আৰক্ষী