Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:43 am

Home » আঞ্চলিক » অসম » এপিএছচিৰ মূল পৰীক্ষাত নাথাকিব অসমীয়া ভাষাৰ প্রশ্নকাকত

এপিএছচিৰ মূল পৰীক্ষাত নাথাকিব অসমীয়া ভাষাৰ প্রশ্নকাকত

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষা ভাষাৰ প্রশ্নকাকত অবিহনে অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ভাষাৰ প্রশ্নকাকতক লৈ ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্রহণ কৰি শুকুৰবাৰে মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ক এই নির্দেশ দিছে৷ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত একাংশ প্রার্থীক ভাষাৰ প্রশ্নকাকতত অৱতীর্ণ হোৱাৰ পৰা ৰেহাই দি ২০১৯ আৰু ২০২০ বর্ষত আয়োগে জাৰি কৰা দুখন অধিসূচনাক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছিল গোচৰ৷

কালিৰ শুনানি কালত ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাই সদৰী কৰে যে শেহতীয়াকৈ যোৱা ২৪ নৱেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত ভাষাৰ প্রশ্নকাকত প্রত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তত আবেদনকাৰীসকলৰ অধিবক্তায়ো সন্তুষ্টি প্রকাশ কৰে৷ ৰাজ্য চৰকাৰে অৱগত কৰা সিদ্ধান্তৰ ভিত্তিত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠখনে আয়োগক ভাষাৰ প্রশ্নকাকত অর্থাৎ অসমীয়া, বড়ো আৰু বাংলাৰ যোগ্যতামূলক প্রশ্নকাকত অবিহনে অহা জানুৱাৰী অথবা ফেব্রুৱাৰীত হ’বলগীয়া মূল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নির্দেশ দিয়ে৷
উল্লেখ্য যে ২০২০ বর্ষৰ ৮ ছেপ্ঢেম্বৰত অসামৰিক সেৱাৰ পদসমূহৰ বাবে আয়োগে বিজ্ঞাপন প্রকাশ কৰি নিযুক্তি প্রক্রিয়া আৰম্ভ কৰে৷ এই বিজ্ঞাপন অনুসৰি প্রার্থীসকলে প্রাথমিক পৰীক্ষাৰ অন্তত মূল পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰত অৱতীর্ণ হোৱাটো বাধ্যতামূলক৷ প্রাথমিক পৰীক্ষাত উত্তীর্ণ হোৱা শিক্ষার্থীসকলে মূল পৰীক্ষাত অন্য বিষয়সমূহৰ লগতে অসমীয়া, বড়ো আৰু বাংলা ভাষাৰ যিকোনো এটা ভাষাৰ প্রশ্নকাকতৰ পৰীক্ষাত অৱতীর্ণ হোৱাটো বাধ্যতামূলক৷ একে সময়তে আয়োগে প্রথমে ডিমা হাছাও, কার্বি আংলং আৰু পশ্চিম কার্বি আংলঙৰ প্রার্থীসকলৰ ক্ষেত্রত এই ভাষাৰ প্রশ্নকাকতত অৱতীর্ণ হোৱাৰ পৰা ৰেহাই প্রদান কৰে৷ পাছত বৰাক উপত্যকাৰ তিনিখন জিলা ক্রমে কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দিৰ প্রার্থীসকলকো একেধৰণৰ ৰেহাই প্রদান কৰা হয়৷ এনেধৰণে একাংশ প্রার্থীক ৰেহাই প্রদান কৰাৰ সিদ্ধান্তত অসন্তুষ্টি প্রকাশ কৰি কেইবাজনো প্রার্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে৷ এই আবেদনৰ জৰিয়তে একাংশ প্রার্থীক ভাষাৰ প্রশ্নকাকতত অৱতীর্ণ হোৱাৰ পৰা ৰেহাই প্রদান কৰি ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৬ অনুচ্ছেদ ভংগ কৰিছে বুলিও অভিযোগ কৰা হয়৷ এই গোচৰটোৰ শুনানি গ্রহণ কৰি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগ আৰু ৰাজ্য চৰকাৰলৈ যাৱতীয় জাননীও প্রেৰণ কৰিছিল৷ ইয়াৰ মাজতে যোৱা ২৪ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত কেবিনেটত লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষাৰ প্রশ্ণকাকত প্রত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰে৷
শুকুৰবাৰে ভাষাৰ প্রশ্নকাকত অবিহনে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নির্দেশ দিলেও উচ্চ ন্যায়ালয়ে সমগ্র বিষয়টোৰ আন আন আইনী প্রসংগসমূহ পুনৰ বিবেচনা কৰিব বুলি উল্লেখ কৰি গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন অহা ১৪ ফেব্রুৱাৰী নির্ধাৰণ কৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পূর্বে প্রার্থীসকলে ভাষাৰ ৩০০ নম্বৰৰ প্রশ্নকাকতত অৱতীর্ণ হ’ব লাগিছিল৷ এইবাৰ এই ৩০০ নম্বৰৰ প্রশ্নকাকতখনৰ পৰা ৰেহাই পাব মূল পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে যোগ্যতা লাভ কৰা প্রার্থীসকলে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি