Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:18 am

Home » আঞ্চলিক » অসম » তৃতীয়গৰাকী অসমীয়াই লাভ কৰিলে জ্ঞানপীঠ বঁটা

তৃতীয়গৰাকী অসমীয়াই লাভ কৰিলে জ্ঞানপীঠ বঁটা

অসমীয়া ভাষাৰ এগৰাকী প্ৰখ্যাত কবি, কলা-সমালোচক, অধ্যাপক তথা সাহিত্যিক নীলমণি ফুকন আৰু কোঙ্কণী লেখক দামোদৰ মাঅ’জোৱে জ্ঞানপীঠ বঁটা লাভ কৰিছে।
উল্লেখ্য যে দামোদৰ মাঅ’জোৱে এই বৰ্ষৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰাৰ বিপৰীতে নীলমণি ফুকনে যোৱা বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে।
নীলমণি ফুকনৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে- সূৰ্য হেনু নামী আহে এই নদীয়েদি, গুলাপী জামুৰ লগ্ন আৰু কবিতা। ১৯৮১ চনত তেওঁৰ কবিতা সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু ১৯৯০ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল।
চুটি গল্প লেখক আৰু ঔপন্যাসিক দামোদৰ মাঅ’জোকো ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। তেওঁৰ জনপ্ৰিয় ৰচনাৰ ভিতৰত আছে- কাৰ্মেলিন, সুদ, চুনামি চাইমন আৰু মোগি শ্বপ।
মন কৰিবলগীয়া যে কবি নীলমণি ফুকন হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয়গৰাকী অসমীয়া। ইয়াৰ পূৰ্বে ১৯৭৯ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ২০০০ চনত মামনি ৰয়ছম গোস্বামীয়ে লাভ কৰিছিল জ্ঞানপীঠ বঁটা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি