Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:23 am

Home » দেশ-বিদেশ » ইচ্ছা মৃত্যুৰ বাবে আহিল মেচিন, যন্ত্ৰণা নোপোৱাকৈয়ে ১ মিনিটত ত্যাগ কৰিব পাৰিব প্ৰাণ

ইচ্ছা মৃত্যুৰ বাবে আহিল মেচিন, যন্ত্ৰণা নোপোৱাকৈয়ে ১ মিনিটত ত্যাগ কৰিব পাৰিব প্ৰাণ

ইচ্ছা মৃত্যুৰ বাবে আহিল মেচিন, যন্ত্ৰণা নোপোৱাকৈয়ে ১ মিনিটত ত্যাগ কৰিব পাৰিব প্ৰাণ
ইউৰোপৰ ছুইজাৰলেণ্ডত ইচ্ছা মৃত্যু বৈধ। এতিয়া ইয়াৰ বাবে তৈয়াৰ কৰা হৈছে এটা মেচিন। ইচ্ছা মৃত্যু বিচৰা লোকসকলে এই মেচিনটোত বহি প্ৰাণ ত্যাগ কৰিব পাৰিব।
বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ছুইজাৰলেণ্ড চৰকাৰৰ তৰফৰ পৰা ইয়াক আইনী স্বীকৃতি প্ৰদান কৰা হৈছে।
ইচ্ছা মৃত্যুৰ বাবে তৈয়াৰ কৰা থ্ৰী-ডি প্ৰিটেণ্ড কেপচুলত বহি প্ৰাণ ত্যাগ কৰিব পাৰিব। এই মেচিনটোৰ বিশেষ বৈশিষ্ট্য হৈছে যে ইয়াক যিকোনো ঠাইলৈ লৈ যাব পাৰি।
যিসকল লোকে ইচ্ছা মৃত্যু বিচাৰে সেইসকল লোকে কিছু চৰ্ত পূৰণ কৰিব লাগিব আৰু তাৰ পিছত এই ছাৰকো পডটো লৈ যোৱাৰ অনুমতি লাভ কৰিব। এই মেচিনটোক এতিয়া ছুইছাইড পড বুলিও অভিহিত কৰা হৈছে।
উল্লেখ্য যে ১৯৪২ চনৰ পৰাই ছুইজাৰলেণ্ডত ইচ্ছা মৃত্যু বৈধ আৰু কেৱল ২০২০ চনতেই দেশখনৰ ১৩০০ ৰো অধিক লোকে প্ৰাণ ত্যাগ কৰিছে।
ইচ্ছা মৃত্যুৰ অধিবক্তাসকলেও এই নিৰ্দিষ্ট কৌশলটোৰ সমৰ্থনত থিয় দিছে।
এই বিশেষ মেচিনটো এগজিট ইণ্টাৰনেশ্যন নামৰ এটা এন জি অ’ৰ তৰফৰ পৰা তৈয়াৰ কৰা হৈছে আৰু ইচ্ছা মৃত্যু বিচৰাসকলৰ বাবে ই যথেষ্ট সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে।
মেচিনটো সাজি উলিওৱা লোকজনক নামকৰণ কৰিছে ‘ডাক্টৰ ডেথ’ নামেৰে।
ইচ্ছা মৃত্যুৰ বাবে সাজি উলিওৱা এই মেচিনটোৰ জৰিয়তে যিসকলে প্ৰাণ ত্যাগ কৰিব বিচাৰে সেইসকলে প্ৰথমে মেচিনটোৰ ভিতৰত বহিব লাগিব আৰু তাৰ পিছত নিজেই অক্সিজেনৰ মাত্ৰা কমাব পাৰিব।
এই যন্ত্ৰটোত বহি কোনো বিষ বা অসুবিধা অনুভৱ নকৰাকৈয়ে মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰতে প্ৰাণ হেৰুৱাব বুলি উদ্ভাৱকে কয়।
আশা কৰা হৈছে যে আইনী স্বীকৃতিৰ পিছত অহা বছৰৰ পৰা এই নিৰ্দিষ্ট যন্ত্ৰটোৰ ব্যৱহাৰ আৰম্ভ হ’ব পাৰে।
উল্লেখ্য যে বৰ্তমান ইচ্ছা মৃত্যু বিচৰা ছুইজাৰলেণ্ডৰ লোকসকলক একোটাকৈ কেপচুল প্ৰদান কৰা হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি