মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত উদকাটী গাঁৱত অবৈধ ভাৱে নৱগঠিত গাওঁ ৰক্ষী বাহিনীক কেন্দ্ৰ কৰি অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। আজি স্থানীয় ৰাইজে অবৈধ VDP কমিটী ভংগ কৰক, ভিডিপিৰ নামত দূৰ্নীতি বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । বছৰ বছৰ ধৰি এটি পৰিয়ালে স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি অবৈধভাৱে গাওঁ ৰক্ষী বাহিনী গঠণ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বিতৰ্কিত গাওঁ ৰক্ষী বাহিনী খন বহি:সমষ্টিত নীতি বহিৰ্ভূতভাৱে নিজ খেয়াল খুচি মতে গঠন কৰাৰ অভিযোগ উত্থাপন কৰিছে নৱগঠিত সমিতিৰ এগৰাকী সদস্যই । ইয়াৰোপৰি অসামাজিক কাৰ্যকলাপত জড়িত লোকক লৈ সমিতি গঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, নৱগঠিত গাওঁ ৰক্ষী বাহিনীৰ সভাপতিজন সম্প্ৰতি মৰিগাঁও জেল হাজোতৰ আলহী হৈ আছে । এই সন্দৰ্ভত স্থানীয় ৰাইজে মৰিগাঁও আৰক্ষী অধীক্ষক, লাহৰীঘাট আৰক্ষী বিষয়াকে আদি কৰি সংশ্লিষ্ট বিভাগক লিখিতভাৱে অভিযোগ দাখিল কৰিছে যদিও কোনো ধৰণৰ সুফল লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।